--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • উল্লেখ্য যে ‘মায়ঙৰ বেজালি’ শীৰ্ষক গীতটিত কণ্ঠদান কৰি ইতিমধ্যেই ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে পাৰ্থজিৎ নেওগে।




ডিজিটেল ডেস্ক: এতিয়া ফাগুনৰ বতৰ। ফাগুন মানেই প্ৰেমৰ বতৰ। ফাগুনৰ আঁচলত ধৰি আহিল ভেলেণ্টাইন ডে’। কাইলৈ অৰ্থাৎ ১৪ ফেব্ৰুৱাৰীত সমগ্ৰ বিশ্বজুৰি পালন কৰা হ’ব ভেলেণ্টাইন ডে’। 


প্ৰেমৰ দিৱসৰ প্ৰাকক্ষণতে উদীয়মান কণ্ঠশিল্পী পাৰ্থজিৎ নেওগে আজি অসমবাসীক উপহাৰ দিলে ‘এপল দুপল’ শীৰ্ষক প্ৰেমৰ এটি সুৰীয়া গীত৷  


প্ৰেমৰ মিঠা মিঠা অনুভৱেৰে গীতটি লিখি উলিয়ালে সোণমণি গোৱালাই৷ গীতটিৰ সুৰ পাৰ্থজিত নেওগৰ৷ সংগীত আৰু মিক্স-মাষ্টাৰিং ৰিপুঞ্জয় কলিতাৰ৷ গীটাৰত সমীৰ হাজৰিকা। 


গীতটিৰ ভিডিঅ’ পৰিচালনা ‘এপল দুপল’ টীম(ৰাজনীশ শইকীয়া, উৎপল নেওগ, গৌতম বৰা, জ্ঞানজ্যোতি বৰা, পাৰ্থজিৎ নেওগ)ৰ।

অভিনয় কৰিছে জ্ঞানজ্যোতি বৰা, প্ৰিয়ংকা বৰা, উৎপল নেওগ, গৌতম বৰা, সাগৰ বৰা, ঐশ্বৰ্য আৰু স্নেহা ভৰদ্বাজে। চিত্ৰগ্ৰহণ ৰাজনীশ শইকীয়াৰ। গ্ৰাফিক্স আৰু কালাৰ প্ৰাঞ্জল শৰ্মাৰ। এডিটিং ৰাজনীশ শইকীয়া আৰু প্ৰাঞ্জল শৰ্মাৰ।


ফটোগ্ৰাফী আকাশ শইকীয়াৰ। গীতটিৰ প’ষ্টাৰ প্ৰস্তুত কৰে নিৰঞ্জন দাসে।  


গীতটি অসমৰ ৰাইজে মৰমেৰে আঁকোৱালি ল’ব বুলি আশা কৰিছে পাৰ্থজিত নেওগ আৰু তেওঁৰ দলে। উল্লেখ্য যে ‘মায়ঙৰ বেজালি’ শীৰ্ষক গীতটিত কণ্ঠদান কৰি ইতিমধ্যেই ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে পাৰ্থজিৎ নেওগে। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ