--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • হেৰী বক্সাৰ হৈছে লৰেন্স বিষ্ণোই আৰু গোল্ডি ব্ৰাৰ গেঙৰ এজন কুখ্যাত সদস্য। এই গেংটোৱে ইতিপূৰ্বে পঞ্জাবী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ লগতে বলীউডৰ কেইবাজনো শীৰ্ষস্থানীয় তাৰকালৈ ভাবুকি প্ৰেৰণ কৰি বাতৰিৰ শিৰোনাম দখল কৰিছিল।

ডিজিটেল ডেস্কঃ বলীউডৰ তাৰকাসকলৰ ওপৰত গেংষ্টাৰৰ ভাবুকিৰ ক’লা ডাৱৰ যেন আঁতৰিবই খোজা নাই। ছলমান খানৰ পিছত এইবাৰ কুখ্যাত লৰেন্স বিষ্ণোই গেঙৰ লক্ষ্য হৈ পৰিছে জনপ্ৰিয় অভিনেতা ৰণবীৰ সিং। শেহতীয়াকৈ গেংটোৰ সদস্য হেৰী বক্সাৰে এটা ভইচ নোটৰ জৰিয়তে অভিনেতাজনক পোনপটীয়াকৈ ভাবুকি প্ৰদান কৰিছে।


প্ৰাপ্ত তথ্য অনুসৰি, হেৰী বক্সাৰে প্ৰেৰণ কৰা ভইচ নোটটোত অত্যন্ত ভয়ংকৰ কথা কোৱা হৈছে। গেংষ্টাৰজনে অভিনেতাজনক উদ্দেশ্যি কয় যে, তেওঁলোকে ৰণবীৰক একো নকৰে, কিন্তু তেওঁৰ আশে-পাশে থকা লোক বা তেওঁৰ সুৰক্ষা বলয়ৰ ওপৰত লক্ষ্য ৰখা হৈছে। এই ভাবুকিয়ে কেৱল অভিনেতাজনকেই নহয়, বৰঞ্চ তেওঁৰ পৰিয়াল আৰু কৰ্মচাৰীসকলৰ মাজতো ত্ৰাসৰ সৃষ্টি কৰিছে।


কোন এই হেৰী বক্সাৰ?


হেৰী বক্সাৰ হৈছে লৰেন্স বিষ্ণোই আৰু গোল্ডি ব্ৰাৰ গেঙৰ এজন কুখ্যাত সদস্য। এই গেংটোৱে ইতিপূৰ্বে পঞ্জাবী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ লগতে বলীউডৰ কেইবাজনো শীৰ্ষস্থানীয় তাৰকালৈ ভাবুকি প্ৰেৰণ কৰি বাতৰিৰ শিৰোনাম দখল কৰিছিল।


এই ভাবুকিপূৰ্ণ বাৰ্তাটো পোহৰলৈ অহাৰ লগে লগে মুম্বাই আৰক্ষী সক্ৰিয় হৈ পৰিছে। আৰক্ষীয়ে ভইচ নোটটোৰ সত্যতা পৰীক্ষা কৰাৰ লগতে ইয়াৰ উৎস বিচাৰি তদন্ত আৰম্ভ কৰিছে। উল্লেখ্য যে, বিগত কিছুদিনত ছলমান খান আৰু শ্বাহৰুখ খানৰ নিৰাপত্তা বৃদ্ধি কৰা হৈছে আৰু এতিয়া ৰণবীৰ সিঙৰ নিৰাপত্তাৰ ক্ষেত্ৰতো আৰক্ষীয়ে বিশেষ সতৰ্কতা অৱলম্বন কৰিছে।


বিগত কিছু মাহত গেংষ্টাৰৰ পৰা বলীউডৰ তাৰকাসকললৈ অহা ধাৰাবাহিক ভাবুকিয়ে সমগ্ৰ চলচ্চিত্ৰ উদ্যোগটোতে এক ভীতিৰ পৰিৱেশ সৃষ্টি কৰিছে। মুক্তিপণ বা আন কোনো ব্যক্তিগত কাৰণত নে আন কিবা উদ্দেশ্যত এইদৰে মুকলিকৈ ভাবুকি দিয়া হৈছে, তাক লৈ চৰ্চা চলিছে।


বৰ্তমানলৈকে ৰণবীৰ সিং বা তেওঁৰ টিমে এই সন্দৰ্ভত কোনো আনুষ্ঠানিক মন্তব্য প্ৰদান কৰা নাই। আৰক্ষীয়ে সমগ্ৰ বিষয়টো অত্যন্ত গাম্ভীৰ্যৰে লৈছে আৰু বিষ্ণোই গেঙৰ এই নেটৱৰ্ক ধ্বংস কৰিবলৈ চেষ্টা চলাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ