--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চৌধুৰীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ভাৰতীয় প্রাণীবিজ্ঞান জৰীপৰ বিজ্ঞানী তথা ড° চৌধুৰীৰ প্ৰাক্তন ছাত্ৰ ভাস্কৰ শইকীয়াৰ নেতৃত্বত গৱেষকৰ দলটোৱে গৱেষণা কৰি নামকৰণ কৰে প্ৰজাতিটো।

ডিজিটেল ডেস্ক : গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক প্রয়াত ড° কমল চৌধুৰীৰ সম্মানত নগালেণ্ডত আৱিষ্কাৰ হোৱা ভেকুলীৰ এটা নতুন প্ৰজাতিৰ নামকৰণ কৰা হৈছে। 'আমোলপছ কমল' নামেৰে নামকৰণ কৰা হৈছে প্রজাতিটো। ২০২৫ চনৰ ১ ডিচেম্বৰত পৰলোকগামী হৈছিল প্রাণীবিজ্ঞান বিভাগৰ বিশিষ্ট অধ্যাপকগৰাকী। 


চৌধুৰীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ভাৰতীয় প্রাণীবিজ্ঞান জৰীপৰ বিজ্ঞানী তথা ড° চৌধুৰীৰ প্ৰাক্তন ছাত্ৰ ভাস্কৰ শইকীয়াৰ নেতৃত্বত গৱেষকৰ দলটোৱে গৱেষণা কৰি নামকৰণ কৰে প্ৰজাতিটো। এই গৱেষণাত সহঃ লেখক হিচাপে জড়িত আছিল বি বৰুৱা কলেজৰ বৰ্তমানৰ বিভাগীয় মুৰব্বী ড° মৃদুল কুমাৰ বৰঠাকুৰ। ২০২৪ চনৰ আগষ্ট মাহত নগালেণ্ডৰ কিফিৰে জিলাৰ চিংৰেপ গাঁৱৰ পৰা জেড এছ আইৰ বিজ্ঞানীৰ দলে এই নমুনা সংগ্ৰহ কৰিছিল। 


পুনে আৰু শ্বিলঙৰ বিজ্ঞানীসকলৰ যৌথ গৱেষণা তথা আণৱিক বংশবিন্যাস বিশ্লেষণৰ জৰিয়তে নিশ্চিত কৰা হয় যে এই ভেকুলীবিধ 'আমোলপছ ইণ্ডোবার্মানেন্সিছ' প্ৰজাতি গোটৰ ভিতৰত এক সম্পূৰ্ণ সুকীয়া বিৱৰ্তনশীল বংশ। এই গুৰুত্বপূৰ্ণ আৱিষ্কাৰে উত্তৰ-পূব ভাৰতক উভচৰ প্ৰাণীৰ বৈচিত্র্যৰ এক অন্যতম কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে। গৱেষণাৰ সবিশেষ তথ্য 'ৰেকৰ্ডছ অব্ দ্য জুলজিকেল ছার্ভে অব্‌ ইণ্ডিয়া'ৰ ১২৬সংখ্যক পত্ৰিকাত বৃহস্পতিবাৰে প্ৰকাশ পাইছে। উৎস: দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু