--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • চৌধুৰীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ভাৰতীয় প্রাণীবিজ্ঞান জৰীপৰ বিজ্ঞানী তথা ড° চৌধুৰীৰ প্ৰাক্তন ছাত্ৰ ভাস্কৰ শইকীয়াৰ নেতৃত্বত গৱেষকৰ দলটোৱে গৱেষণা কৰি নামকৰণ কৰে প্ৰজাতিটো।

ডিজিটেল ডেস্ক : গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰাণীবিজ্ঞান বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক প্রয়াত ড° কমল চৌধুৰীৰ সম্মানত নগালেণ্ডত আৱিষ্কাৰ হোৱা ভেকুলীৰ এটা নতুন প্ৰজাতিৰ নামকৰণ কৰা হৈছে। 'আমোলপছ কমল' নামেৰে নামকৰণ কৰা হৈছে প্রজাতিটো। ২০২৫ চনৰ ১ ডিচেম্বৰত পৰলোকগামী হৈছিল প্রাণীবিজ্ঞান বিভাগৰ বিশিষ্ট অধ্যাপকগৰাকী। 


চৌধুৰীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই ভাৰতীয় প্রাণীবিজ্ঞান জৰীপৰ বিজ্ঞানী তথা ড° চৌধুৰীৰ প্ৰাক্তন ছাত্ৰ ভাস্কৰ শইকীয়াৰ নেতৃত্বত গৱেষকৰ দলটোৱে গৱেষণা কৰি নামকৰণ কৰে প্ৰজাতিটো। এই গৱেষণাত সহঃ লেখক হিচাপে জড়িত আছিল বি বৰুৱা কলেজৰ বৰ্তমানৰ বিভাগীয় মুৰব্বী ড° মৃদুল কুমাৰ বৰঠাকুৰ। ২০২৪ চনৰ আগষ্ট মাহত নগালেণ্ডৰ কিফিৰে জিলাৰ চিংৰেপ গাঁৱৰ পৰা জেড এছ আইৰ বিজ্ঞানীৰ দলে এই নমুনা সংগ্ৰহ কৰিছিল। 


পুনে আৰু শ্বিলঙৰ বিজ্ঞানীসকলৰ যৌথ গৱেষণা তথা আণৱিক বংশবিন্যাস বিশ্লেষণৰ জৰিয়তে নিশ্চিত কৰা হয় যে এই ভেকুলীবিধ 'আমোলপছ ইণ্ডোবার্মানেন্সিছ' প্ৰজাতি গোটৰ ভিতৰত এক সম্পূৰ্ণ সুকীয়া বিৱৰ্তনশীল বংশ। এই গুৰুত্বপূৰ্ণ আৱিষ্কাৰে উত্তৰ-পূব ভাৰতক উভচৰ প্ৰাণীৰ বৈচিত্র্যৰ এক অন্যতম কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰিছে। গৱেষণাৰ সবিশেষ তথ্য 'ৰেকৰ্ডছ অব্ দ্য জুলজিকেল ছার্ভে অব্‌ ইণ্ডিয়া'ৰ ১২৬সংখ্যক পত্ৰিকাত বৃহস্পতিবাৰে প্ৰকাশ পাইছে। উৎস: দৈনিক জনমভূমি





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ