--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই উৎসৱৰ মূল লক্ষ্য হৈছে সমাজৰ ধনী আৰু আৰ্থিকভাৱে স্বাৱলম্বী লোকসকলৰ ত্যাগৰ জৰিয়তে যাতে দৰিদ্ৰ আৰু অভাৱী লোকসকলেও আনন্দৰ সমভাগী হ’ব পাৰে, তাৰ এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰা।

ডিজিটেল ডেস্ক: আজি ঈদ-উল-আজহা(ঈদ-উল-আদহা)। সমগ্ৰ বিশ্বৰ লগতে অসমতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে অত্যন্ত ভক্তি আৰু উলহ-মালহেৰে এই দিনটো এক বৃহৎ উৎসৱ হিচাপে পালন কৰিছে।


এই উৎসৱৰ এক বিশেষ তাৎপৰ্য হৈছে কোৰবানি বা ত্যাগৰ পৰম্পৰা। ইছলাম ধৰ্মত এই দিনটোত আল্লাহৰ নামত উৎসৰ্গিত কৰি জন্তু কোৰবানি দিয়াৰ এক দীৰ্ঘদিনীয়া ধৰ্মীয় পৰম্পৰা চলি আহিছে।


ঈদ-উল-আজহা কি আৰু ইয়াৰ গুৰুত্ব?


আৰৱী ভাষাত 'ঈদ' শব্দৰ অৰ্থ হৈছে আনন্দ-স্ফূৰ্তি বা উৎসৱ, আৰু 'আজহা' শব্দৰ অৰ্থ হৈছে কোৰবানি বা ত্যাগ। অৰ্থাৎ, সহজ অৰ্থত ঈদ-উল-আজহা হৈছে 'ত্যাগৰ উৎসৱ'।


এই উৎসৱৰ মূল লক্ষ্য হৈছে সমাজৰ ধনী আৰু আৰ্থিকভাৱে স্বাৱলম্বী লোকসকলৰ ত্যাগৰ জৰিয়তে যাতে দৰিদ্ৰ আৰু অভাৱী লোকসকলেও আনন্দৰ সমভাগী হ’ব পাৰে, তাৰ এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰা। এই পবিত্ৰ উৎসৱক বহুবোৰে 'কোৰবানি ঈদ' বা 'বকৰী ঈদ' বুলিও কোৱা শুনিবলৈ পোৱা যায়।


প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ শুভেচ্ছা বাৰ্তা


পবিত্ৰ ঈদ-উল-আজহা উপলক্ষে দেশ তথা ৰাজ্যবাসীক শুভেচ্ছাৰে ওপচাই পেলাইছে জনপ্ৰতিনিধিসকলে। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমৰ জৰিয়তে দেশবাসীক ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। প’ষ্টটোৰ জৰিয়তে তেওঁ সমগ্ৰ দেশবাসীৰ সুখ, সুস্বাস্থ্য আৰু সফলতা কামনা কৰে।


অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়েও ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে। সামাজিক মাধ্যমত তেওঁ লিখে— “আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ঈদ-উল-আদহা উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিলোঁ।”




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু