--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • এই উৎসৱৰ মূল লক্ষ্য হৈছে সমাজৰ ধনী আৰু আৰ্থিকভাৱে স্বাৱলম্বী লোকসকলৰ ত্যাগৰ জৰিয়তে যাতে দৰিদ্ৰ আৰু অভাৱী লোকসকলেও আনন্দৰ সমভাগী হ’ব পাৰে, তাৰ এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰা।

ডিজিটেল ডেস্ক: আজি ঈদ-উল-আজহা(ঈদ-উল-আদহা)। সমগ্ৰ বিশ্বৰ লগতে অসমতো ইছলাম ধৰ্মাৱলম্বী লোকসকলে অত্যন্ত ভক্তি আৰু উলহ-মালহেৰে এই দিনটো এক বৃহৎ উৎসৱ হিচাপে পালন কৰিছে।


এই উৎসৱৰ এক বিশেষ তাৎপৰ্য হৈছে কোৰবানি বা ত্যাগৰ পৰম্পৰা। ইছলাম ধৰ্মত এই দিনটোত আল্লাহৰ নামত উৎসৰ্গিত কৰি জন্তু কোৰবানি দিয়াৰ এক দীৰ্ঘদিনীয়া ধৰ্মীয় পৰম্পৰা চলি আহিছে।


ঈদ-উল-আজহা কি আৰু ইয়াৰ গুৰুত্ব?


আৰৱী ভাষাত 'ঈদ' শব্দৰ অৰ্থ হৈছে আনন্দ-স্ফূৰ্তি বা উৎসৱ, আৰু 'আজহা' শব্দৰ অৰ্থ হৈছে কোৰবানি বা ত্যাগ। অৰ্থাৎ, সহজ অৰ্থত ঈদ-উল-আজহা হৈছে 'ত্যাগৰ উৎসৱ'।


এই উৎসৱৰ মূল লক্ষ্য হৈছে সমাজৰ ধনী আৰু আৰ্থিকভাৱে স্বাৱলম্বী লোকসকলৰ ত্যাগৰ জৰিয়তে যাতে দৰিদ্ৰ আৰু অভাৱী লোকসকলেও আনন্দৰ সমভাগী হ’ব পাৰে, তাৰ এক সুন্দৰ পৰিৱেশ সৃষ্টি কৰা। এই পবিত্ৰ উৎসৱক বহুবোৰে 'কোৰবানি ঈদ' বা 'বকৰী ঈদ' বুলিও কোৱা শুনিবলৈ পোৱা যায়।


প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ শুভেচ্ছা বাৰ্তা


পবিত্ৰ ঈদ-উল-আজহা উপলক্ষে দেশ তথা ৰাজ্যবাসীক শুভেচ্ছাৰে ওপচাই পেলাইছে জনপ্ৰতিনিধিসকলে। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমৰ জৰিয়তে দেশবাসীক ঈদৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। প’ষ্টটোৰ জৰিয়তে তেওঁ সমগ্ৰ দেশবাসীৰ সুখ, সুস্বাস্থ্য আৰু সফলতা কামনা কৰে।


অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়েও ৰাজ্যৰ ইছলাম ধৰ্মাৱলম্বী লোকসকললৈ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰে। সামাজিক মাধ্যমত তেওঁ লিখে— “আজি ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ ঈদ-উল-আদহা উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিলোঁ।”




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ