--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : নতুন বছৰৰ আৰম্ভণিতে অসমবাসী তথা চলচ্চিত্ৰপ্ৰমীৰ বাবে সুখবৰ এই যে, ২০২০ৰ দেশে-বিদেশে বহুলভাৱে চৰ্চিত বিশ্বজিৎ বৰাৰ ‘বেলকনিত ভগৱান’ নামৰ অসমীয়া ছবিখন দেশৰ অন্যতম সৰ্ববৃহৎ ’২৫সংখ্যক কেৰালা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱলৈ ‘Indian Cinema Now’ৰ প্ৰতিযোগিতা শাখাৰ বাবে আমন্ত্ৰিত হৈছে।

আৰু পঢ়িব পাৰিব : যৌতুকৰ বাবে মুখত সোপা দি ছুৰীৰে আক্ৰমণ শাহুৱেকক

‘বেলকিনৰ ভগৱান’ প্ৰদৰ্শিত হ’ব ৪বাৰকৈ

২৫সংখ্যক কেৰালা আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱ অহা ১০ ফেব্ৰুৱাৰীৰপৰা আৰম্ভ হৈ মাৰ্চলৈকে প্ৰায় ২৪দিনীয়া এক বৃহৎ কাৰ্যসূচীৰে হ’ব। দেশ-বিদেশৰ প্ৰায় ২০০ ছবিৰো অধিক প্ৰদৰ্শন হ’বলগীয়া এই মহোৎসৱৰ ২৪দিনীয়া কাৰ্যসূচীৰে হ’ব। দেশ-বিদেশৰ প্ৰায় ২০০ ছবিৰো অধিক প্ৰদৰ্শন হ’বলগীয়া এই মহোৎসৱৰ ২৪ দিনীয়া কাৰ্যসূচীত ‘বেলকিনৰ ভগৱান’ প্ৰদৰ্শিত হ’ব ৪বাৰকৈ, Trivandrum, Kochi, Thalassery and palakkad নামৰ মহানগৰসমূহত ‘বেলকনিৰ ভগৱান’ প্ৰদৰ্শন হ’ব।

‘মাইনা প্ৰডাকশ্যন’ৰ বেনাৰত নিৰ্মিত এই চলচ্চিত্ৰখনৰ প্ৰযোজনা কৰিছে ‘জেতুকা পাতৰ দৰে’ ছবিৰ দ্বাৰা ৰাষ্ট্ৰীয় বঁটাপ্ৰাপ্ত ছবিৰ প্ৰযোজক নুৰুল চুলতান আৰু পৰিচালনা কৰিছে বিশ্বজিৎ বৰাই।

আৰু পঢ়িব পাৰিব : পৰাজয় স্বীকাৰ ট্ৰাম্পৰ, ২০ জানুৱাৰীত এৰিব হোৱাইট হাউছ

চলচ্চিত্ৰখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে বলীউডৰ কেইবাখনো ছবি ক্ৰমে য়াহা, কমিনে, মিডনাইটছ চিলড্ৰেন, গেংগছ অব ৱাছিপুৰ আদিত অভিনীত হৰিশ খান্নাই। লগতে ইয়াত আন দুটা মুখ্য চৰিত্ৰত অভিনয় কৰিছে প্ৰণামী বৰা আৰু পিৰনান্ধি জিমা চুলতানাই। ইয়াৰ উপৰি অৰুণ হাজৰিকা, ৰাজীৱ ক্ৰ’, শোণিত বৰা, সাংবাদিক ইভা মহন্ত, পবিত্ৰ বৰুৱা, গৌৰী শংকৰ ভূঞা, যতীন খনিকৰ, বিনোদ লাল দাস, অজয় ভৰালী, আলোক বৰুৱা, জ্যোতিষ্মান কাশ্যপ আদিৰ লগতে জেষ্ঠ অভিনেতা দীনশ দাস, জ্যষ্ঠ অধিবক্তা বিজন মহাজন আৰু জনপ্ৰিয় সাংবাদিক ৰাজদ্বীপ বাইলুং বৰবৰুৱাই অভিনয় কৰিছে এই ছবিখনত। উল্লেখযোগ্য যে অসম চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাইও এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে।

চলচ্চিত্ৰখনৰ চিত্ৰগ্ৰহণ কৰিছে মুম্বাইৰ চিটাংশু খামাৰিয়ে, ছাউণ্ড ডিজাইনৰ কাম কৰিছে মুম্বাইস্থিত জ্যোতি চেতিয়াই, ডি আইৰ কাম কৰিছে সুজিত বৰাই, কথাছবিখনৰ কলা নিৰ্দেশনা জয়ন্ত জিন ফুকনৰ, কষ্টিউম ডিজাইনৰ কাম কৰিছে লোপামুদ্ৰা গগৈ বৰাই আৰু প্ৰযোজনা নিয়ন্ত্ৰণ অসীম শইকীয়াৰ আৰু প্ৰযোজনা সহকাৰী কুমুদ বৰাৰ। সহ প্ৰযোজনা – প্ৰকাশ কব্ৰা, ইনামূল চুলতান, মিছেছ মনোৱাৰ খানম আৰু মিছ নাজৰানা নাছৰিন চুলতানাৰ। ইতিমধ্যে বহুলভাৱে চৰ্চিত এই চলচ্চিত্ৰখন অসমীয়া ৰাইজে এই বছৰৰ শেষৰ ভাগলৈ চাবলৈ পাব বুলি প্ৰযোজকে জনাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
'শৰবিদ্ধ আকাশ'ৰ স্ৰষ্টাৰ বিয়োগ, বিশিষ্ট কবি, নাট্যকাৰ ৰফিকুল হোছেইন আৰু নাই
সন্ত্ৰাসবাদৰ বিৰুদ্ধে কোনো 'ডাবল ষ্টেণ্ডাৰ্ড' গ্ৰহণ কৰা নহ’ব: মালয়েছিয়াত প্ৰধানমন্ত্ৰী মোদীৰ হুংকাৰ
ভাৰতত এআই (AI) খণ্ডত বৃহৎ বিনিয়োগ: টেক কোম্পানীসমূহৰ ৬৫০ বিলিয়ন ডলাৰৰ পৰিকল্পনা
ক্ৰিকেট খেলুৱৈসকলৰ বাবে সুখবৰ কঢ়িয়াই আনিছে অল ইণ্ডিয়া গ্ৰামীণ ক্ৰিকেট লীগে
পাকিস্তানত খেলিব নেকি বলীউডৰ পৰিচালকৰ পুত্ৰ? উৰাবাতৰিক লৈ বিস্ফোৰক অগ্নিদেৱ চোপ্ৰা
৮ শতাধিক লার্নিং চেণ্টাৰ স্থাপনেৰে বিৰল শৈক্ষিক আন্দোলন জম্মু-কাশ্মীৰত, ৰুবেল নাগিক 'গ্ল'বেল টিচাৰ' বঁটা
ডবকাৰ মোৰাঝাৰত পৃথক পৃথক পথ দুৰ্ঘটনাত ৪জন যুৱকৰ মৃত‍্যু
নাৰায়ণপুৰত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত সন্তান প্ৰসৱ কৰিলে মহিলাই
কাছাৰৰ গুমড়াত বিপুল পৰিমাণৰ ড্ৰাগছ জব্দ, চাৰিজনক আটক
তিব্বতীয় আধ্যাত্মিক গুৰুক আন্তঃৰাষ্ট্ৰীয় সম্মান, ৯০ বছৰীয়া দালাই লামাক গ্রেমী বঁটা প্রদান
গুৱাহাটীৰ গড়ভাঙাত নতুন প্ৰজাতিৰ পৰুৱা আৱিষ্কাৰ
টি-২০ বিশ্বকাপত ভাৰতৰ বিৰুদ্ধে নেখেলাৰ সিদ্ধান্ত, শাস্তিৰ সন্মুখীন হ'ব পাৰে পাকিস্তান
বেলুচিস্তানত ব্যৰ্থ পাকিস্তান সেনা! প্ৰতিৰক্ষা মন্ত্ৰী খাৱাজা আছিফৰ বিস্ফোৰক স্বীকাৰোক্তি
আজি বিশ্ব কৰ্কট ৰোগ দিৱস, জানক কৰ্কট ৰোগ দিৱসৰ ইতিহাস