--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ব্ৰাহ্মণৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য প্ৰদান কৰা ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ পিতৃ নন্দ কুমাৰ বাঘেলৰ শেষ ৰক্ষা নহ'ল। মঙলবাৰে তেওঁক ছত্তীশগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰে ১৫ দিনৰ ন্যায়িক জিম্মালৈ। উল্লেখ্য,শেহতীয়াকৈ নন্দ বাঘেলে উত্তৰ প্ৰদেশত কৈছিল- -
“মই ভাৰতৰ প্ৰতিগৰাকী গাঁওবাসীলৈ আহ্বান জনাই কওঁ যে আপোনালোকে নিজৰ গাঁওত কোনো ব্ৰাহ্মণ ব্যক্তিক প্ৰৱেশ কৰিবলৈ নিদিব। তেওঁলোকক (ব্ৰাহ্মণসকলক) বৰ্জন কৰাৰ স্বাৰ্থত মই আন সকলো সম্প্ৰদায়ৰ লোকৰ সৈতেই কথা পাতিম।আমি সকলোৱে তেওঁলোকক ভল্গা নদীৰ পাৰলৈ ওভোতাই পঠিয়াব লাগিব”।


অৱশ্যে পিতৃৰ এই বক্তব্যক মুঠেও সমৰ্থন জনোৱা নাছিল তেওঁৰ পুত্ৰই। ভূপেশ বাঘেলে কৈছিল, “ আইনৰ উৰ্ধত কোনো ব্যক্তি নহয়। এনেকি উৰ্ধত নহয় মোৰ ৮৬ বছৰ বয়সীয়া পিতৃও। ছট্টিশগড় চৰকাৰে প্ৰতিটো ধৰ্ম, সম্প্ৰদায় আৰু তেওঁলোকৰ অনুভূতিক সন্মান কৰে। মোৰ পিতৃ নন্দ কুমাৰ বাঘেলে এক নিৰ্দিষ্ট সম্প্ৰদায়ৰ বিৰুদ্ধে কৰা মন্তব্যই সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰিছে।

তেওঁৰ বক্তব্যৰ বাবে মই অতিকে দুখিত। এগৰাকী পুত্ৰ হিচাপে মই তেওঁক সন্মান কৰো কিন্তু মুখ্যমন্ত্ৰী হিচাপে মই তেওঁৰ ভুল ক্ষমা কৰিব নোৱাৰো। এই ভুলে ৰাজহুৱা শৃংখলা অৰু শান্তি-সম্প্ৰীতি বিনষ্ট কৰাৰ আশংকা প্ৰৱল”।
আৰু অৱশেষত সঁ‌চাকৈয়ে নিজৰ পিতৃক ভুলৰ বাবে ক্ষমা নকৰিলে মুখ্যমন্ত্ৰীয়ে।আইনে নিজা পথেৰে বিচাৰ কৰিলে তেওঁৰ পিতৃৰ অপৰাধৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক