--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ব্ৰাহ্মণৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য প্ৰদান কৰা ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ পিতৃ নন্দ কুমাৰ বাঘেলৰ শেষ ৰক্ষা নহ'ল। মঙলবাৰে তেওঁক ছত্তীশগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰে ১৫ দিনৰ ন্যায়িক জিম্মালৈ। উল্লেখ্য,শেহতীয়াকৈ নন্দ বাঘেলে উত্তৰ প্ৰদেশত কৈছিল- -
“মই ভাৰতৰ প্ৰতিগৰাকী গাঁওবাসীলৈ আহ্বান জনাই কওঁ যে আপোনালোকে নিজৰ গাঁওত কোনো ব্ৰাহ্মণ ব্যক্তিক প্ৰৱেশ কৰিবলৈ নিদিব। তেওঁলোকক (ব্ৰাহ্মণসকলক) বৰ্জন কৰাৰ স্বাৰ্থত মই আন সকলো সম্প্ৰদায়ৰ লোকৰ সৈতেই কথা পাতিম।আমি সকলোৱে তেওঁলোকক ভল্গা নদীৰ পাৰলৈ ওভোতাই পঠিয়াব লাগিব”।


অৱশ্যে পিতৃৰ এই বক্তব্যক মুঠেও সমৰ্থন জনোৱা নাছিল তেওঁৰ পুত্ৰই। ভূপেশ বাঘেলে কৈছিল, “ আইনৰ উৰ্ধত কোনো ব্যক্তি নহয়। এনেকি উৰ্ধত নহয় মোৰ ৮৬ বছৰ বয়সীয়া পিতৃও। ছট্টিশগড় চৰকাৰে প্ৰতিটো ধৰ্ম, সম্প্ৰদায় আৰু তেওঁলোকৰ অনুভূতিক সন্মান কৰে। মোৰ পিতৃ নন্দ কুমাৰ বাঘেলে এক নিৰ্দিষ্ট সম্প্ৰদায়ৰ বিৰুদ্ধে কৰা মন্তব্যই সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰিছে।

তেওঁৰ বক্তব্যৰ বাবে মই অতিকে দুখিত। এগৰাকী পুত্ৰ হিচাপে মই তেওঁক সন্মান কৰো কিন্তু মুখ্যমন্ত্ৰী হিচাপে মই তেওঁৰ ভুল ক্ষমা কৰিব নোৱাৰো। এই ভুলে ৰাজহুৱা শৃংখলা অৰু শান্তি-সম্প্ৰীতি বিনষ্ট কৰাৰ আশংকা প্ৰৱল”।
আৰু অৱশেষত সঁ‌চাকৈয়ে নিজৰ পিতৃক ভুলৰ বাবে ক্ষমা নকৰিলে মুখ্যমন্ত্ৰীয়ে।আইনে নিজা পথেৰে বিচাৰ কৰিলে তেওঁৰ পিতৃৰ অপৰাধৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান