--°C
Loading...
Listen to Article
2 min read
80%

টকিঅ’ : কোভিডসৃষ্ট পৰিৱেশে বিশ্বত অৰ্থনৈতিক, সামাজিক সংকটৰ সৃষ্টি কৰাই নহয়, ই মানসিক অৱসাদগ্ৰস্ততাৰো সৃষ্টি কৰিছে বিভিন্ন দেশত। জাপানৰ দৰে উন্নত দেশত কোভিডৰ বাবে শেহতীয়াকৈ আত্মহত্যাৰ ঘটনা বৃদ্ধি পাইছে। ‘জাপান টাইমছ’ত প্ৰকাশিত বাতৰি মতে যোৱা ১১বছৰৰ ভিতৰত মহামাৰীৰ সময়ছোৱাত দেশখনত আত্মহত্যাৰ হাৰ সৰ্বাধিক হৈছে। এনে পৰিস্থিতিত দেশখনত প্ৰথমবাৰৰ বাবে নিযুক্তি দিয়া হৈছে ‘নিসংগতা মন্ত্ৰী’।

আৰু পঢ়িব পাৰিব :অসম-নাগালেণ্ড সীমান্তত পুনৰ নগাৰ আগ্ৰাসন, পাহাৰ জ্বলালে নগাই

এই মাহৰ প্ৰথমাৰ্ধতে দেশখনৰ প্ৰধানমন্ত্ৰী য়োশ্বিহিডে ছুগাই তেওঁৰ কেবিনেটত নিসংগতা মন্ত্ৰীৰ সংযোজন ঘটাইছে। উল্লেখ্য যে বিশ্বৰ ভিতৰত প্ৰথমবাৰৰ বাবে ইংলেণ্ডত এই মন্ত্ৰীপদৰ সৃষ্টি কৰা হৈছিল আৰু তাকেই অনুসৰণ কৰি জাপানেও নিসংগতা মন্ত্ৰী পদত নিযুক্তি দিছে। টেটছুছী শ্বাকামোটোৰ কান্ধত এই নতুন দায়িত্ব ন্যস্ত কৰা হৈছে। দেশখনৰ হ্ৰাস পাই অহা জন্মৰ হাৰ নিয়ন্ত্ৰণ আৰু ঘৰুৱা অৰ্থনীতি আদিৰ দৰে দায়িত্বত ন্যস্ত হৈ থকা মন্ত্ৰী শ্বাৰামোটোই নিসংগতা দপ্তৰো চম্ভালিব।

আৰু পঢ়িব পাৰিব : পুনৰ অসমলৈ কেন্দ্ৰীয় গৃহমন্ত্ৰী, ১৮৮ কোটিটকীয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন

এই দায়িত্ব লাভৰ পাছত প্ৰথমখন সংবাদ মেল সম্বোধন কৰি তেওঁ কয় যে, প্ৰধানমন্ত্ৰী য়োশ্বিহিডে ছুগাই মহামাৰীৰ সময়ত মহিলাৰ আত্মহত্যাৰ হাৰ বৃদ্ধিকে ধৰি এই সম্পৰ্কীয় ৰাষ্ট্ৰীয় বিষয়ৰ সৈতে মোকাবিলাৰ বাবে তেওঁক নিযুক্তি দিছে। সংবাদ প্ৰতিষ্ঠান চিএনএনত লগতে উল্লেখ কৰিছে যে, এই সমস্যাৰ সৈতে মোকাবিলা কৰাৰ বাবে এটা কাৰ্যকৰী পৰিকল্পনা প্ৰস্তুতৰ দায়িত্ব মন্ত্ৰীগৰাকীৰ ওপৰত ন্যস্ত কৰিছে দেশখনৰ প্ৰধানমন্ত্ৰীয়ে। তেওঁ কয়, সামাজিক নিসংগতা আৰু বিচ্ছিন্নতা দূৰ কৰা তথা মানুহৰ মাজৰ সম্পৰ্কক অটুট ৰখাৰ বাবে এক কাৰ্যসূচী গ্ৰহণ কৰা সম্পৰ্কত মই আশাবাদী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ