--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছত আন এক মোক্ষম আঘাত চৰকাৰী যন্ত্ৰৰ। আয়কৰ বিভাগে ফ্ৰীজ অৰ্থাৎ বাজেয়াপ্ত কৰিলে কংগ্ৰেছৰ বেংক একাউণ্ট। ১২৫ কোটি জমা থকা বেংক একাউণ্ট শুকুৰবাৰে ফ্ৰীজ কৰে আয়কৰ বিভাগে। 

যুৱ কংগ্ৰেছসহ বিভিন্ন শাখা–সংগঠনৰ বেংক একাউণ্ট ফ্ৰীজ কৰে কেন্দ্ৰীয় বিত্ত মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণাধীন আয়কৰ বিভাগে। কংগ্ৰেছ নেতা অজয় মাকেনে সদৰী কৰে এই কথা। অৱশ্যে আয়কৰ বিভাগৰ এই পদক্ষেপৰ পাছতে তৎপৰ হয় কংগ্ৰেছ নেতৃত্ব। 

আয়কৰ বিভাগৰ পদক্ষেপৰ বিৰুদ্ধে কৰ এপিলেট ট্ৰিবুনেলৰ কাষ চাপে কংগ্ৰেছ। এপিলেট ট্ৰিবুনেলৰ কাষ চপাৰ পাছতে সাময়িক সকাহ পাই কংগ্ৰেছে। আয়কৰ বিভাগে একাউণ্ট ফ্ৰীজ কৰা সিদ্ধান্ত উঠাই ল’লেও জমা থকা ১১৫ কোটি টকা ব্যৱহাৰ কৰিব নোৱাৰিব কংগ্ৰেছে। বিষয়টো সন্দৰ্ভত পৰৱৰ্তী শুনানি নোহোৱা পৰ্যন্ত এই নিৰ্দেশনা বাহাল থাকিব। 

উল্লেখ্য যে কংগ্ৰেছৰ আয়কৰ ৰিটাৰ্ণ সংক্ৰান্তত অনিয়মৰ অভিযোগেৰে আয়কৰ বিভাগে ফ্ৰীজ কৰিছিল একাউণ্ট। একাউণ্ট ফ্ৰীজ কৰি কংগ্ৰেছক ২১০ কোটি টকাৰ জৰিমনা বিহিছিল আয়কৰ বিভাগে।

আয়কৰ বিভাগৰ এই পদক্ষেপৰ পাছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে কংগ্ৰেছ নেতৃত্বই। কংগ্ৰেছ নেতা অজয় মাকেনৰ মতে– গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ ওপৰত ই এক মোক্ষম আঘাত। এই পদ্ধতিত গণতন্ত্ৰ চলাটো অসম্ভৱ। এইক্ষেত্ৰত ন্যায় ব্যৱস্থা, সংবাদ মাধ্যমে এইধৰণৰ অগণতান্ত্ৰিক পদ্ধতিৰ বিৰুদ্ধে মাত মতা উচিত বুলি কয় অজয় মাকেনে। তাৰোপৰি কংগ্ৰেছৰ সাংসদ, বিধায়কসকলে অনুদান হিচাপে আগবঢ়োৱা ধনহে আছে দলৰ একাউণ্টত। 

আয়কৰ বিভাগে সাংসদ, বিধায়কসকলে জমা কৰা ধনহে ফ্ৰীজ কৰিছে। কোন বিধায়ক বা সাংসদে দলীয় পুঁজিত অনুদান আগবঢ়াইছে তাৰ সম্পূৰ্ণ হিচাপ আছে দলৰ ওচৰত। কিন্তু ইমানৰ পাছতো আয়কৰ বিভাগে অবৈধভাৱে বাজেয়াপ্ত কৰিলে দলৰ একাউণ্ট। এই মন্তব্য দলৰ জ্যেষ্ঠ নেতা অজয় মাকেনৰ।

আনহাতে, কংগ্ৰেছৰ নেতা বিবেক টাংখাৰ অভিযোগ–দলৰ মুঠ ৪টা একাউণ্ট ফ্ৰীজ কৰাৰ নিৰ্দেশ দিছে আয়কৰ বিভাগে। যাৰ ফলত দলৰ সমস্ত লেনদেন তথা দৈনন্দিন জৰুৰী ধন উলিয়াব পৰা নাই দলে। এইক্ষেত্ৰত সমস্যাত পৰিছে কংগ্ৰেছ দল।

উল্লেখ্য যে ন্যায়ালয়ে নিৰ্বাচনী বণ্ড অগণতান্ত্ৰিক আখ্যা দিয়াৰ এদিন পাছতে কংগ্ৰেছৰ ওপৰত আয়কৰ বিভাগৰ এই পদক্ষেপ। স্বাভাৱিকতে কংগ্ৰেছ নেতৃত্বই সহজে ল’ব পৰা নাই আয়কৰ বিভাগৰ পদক্ষেপক। এইক্ষেত্ৰত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গেও প্ৰকাশ কৰিছে নিজৰ প্ৰতিক্ৰিয়া।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক