--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিৰ্বাচন সমাগত৷ নিৰ্বাচনৰ পূৰ্বে পুনৰ দামবৃদ্ধিৰ বোজা সহিবলগীয়া হৈছে নাগৰিকে৷ আজিৰে পৰা বৃদ্ধি পালে ৰন্ধন গেছ চিলিণ্ডাৰৰ দাম৷ চৰকাৰী তেল বিপণন কোম্পানীবোৰে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ ১৯ কিলোগ্ৰাম বাণিজ্যিক এলপিজি গেছ চিলিণ্ডাৰৰ দাম ২৫ টকাকৈ বৃদ্ধি কৰিছে।

শেহতীয়া দামবৃদ্ধিৰ সৈতে দিল্লীত ১৯ কিলোগ্ৰাম বাণিজ্যিক গেছ চিলিণ্ডাৰৰ খুচুৰা দাম হৈছে ১,৭৯৫ টকা৷ মুম্বাইত আজিৰে পৰা ১৯ কিলোগ্ৰামৰ চিলিণ্ডাৰ ১,৭৪৯ টকাত বিক্ৰী কৰা হ’ব। আৰু, চেন্নাই আৰু কলকাতাত বাণিজ্যিক এলপিজি গেছ চিলিণ্ডাৰৰ দাম হৈছেগৈ ক্ৰমান্বয়ে ১,৯৬০ টকা আৰু ১,৯১১ টকা৷

একেৰাহে দ্বিতীয়বাৰৰ বাবে চৰকাৰী প্ৰতিষ্ঠানবোৰে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ ব্যয় বৃদ্ধি কৰিছে। ১ ফেব্ৰুৱাৰীত ১৯ কিলোগ্ৰাম গেছ চিলিণ্ডাৰৰ দাম ১৪ টকা বৃদ্ধি হৈছিল। ফেব্ৰুৱাৰীত ১৯ কিলোগ্ৰাম গেছ চিলিণ্ডাৰৰ দাম আছিল ক্ৰমান্বয়ে ১,৭৬৯.৫০টকা (দিল্লী), ১,৮৮৭ টকা (কলকাতা), ১,৭৩৭ টকা (মুম্বাই) আৰু ১,৯৩৭ টকা (চেন্নাই)।

তেল কোম্পানীবোৰে ২০২৩ চনৰ ১ ডিচেম্বৰত দেশৰ বিভিন্ন স্থানত ২১ টকাকৈ বাণিজ্যিক গেছ চিলিণ্ডাৰৰ হাৰ বৃদ্ধি কৰিছিল।
অৱশ্যে, ২০২৪ নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত ১৯ কিলোগ্ৰাম বাণিজ্যিক ৰন্ধন গেছৰ মূল্য প্ৰতি চিলিণ্ডাৰত ৩৯.৫০ টকাকৈ হ্ৰাস কৰা হৈছিল।

দেশৰ কেইবাখনো মহানগৰত আজিৰ দিনটোত বাণিজ্যিক চিলিণ্ডাৰৰ দাম এনেধৰণৰ:

• দিল্লী: ১,৭৯৫ টকা
• মুম্বাই: ১,৭৪৯ টকা
• কলকাতা: ১,৯১১ টকা
• চেন্নাই: ১,৯৬০ টকা
• চণ্ডীগড়: ১,৮১৬ টকা
• বেংগালুৰু: ১,৮৭৫ টকা
• ইন্দোৰ: ১,৯০১ টকা
• অমৃতসৰ: ১,৮৯৫ টকা
• জয়পুৰ: ১,৮১৮ টকা
• আহমেদাবাদ: ১,৮১৬ টকা

(টোকা: ওপৰোক্ত মূল্যবোৰ ইণ্ডেন ৱেবছাইটৰ পৰা লোৱা হৈছে। বিতৰকৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ পৰিৱৰ্তন হ'ব পাৰে।)

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু