--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিৰ্বাচন সমাগত৷ নিৰ্বাচনৰ পূৰ্বে পুনৰ দামবৃদ্ধিৰ বোজা সহিবলগীয়া হৈছে নাগৰিকে৷ আজিৰে পৰা বৃদ্ধি পালে ৰন্ধন গেছ চিলিণ্ডাৰৰ দাম৷ চৰকাৰী তেল বিপণন কোম্পানীবোৰে আজিৰে পৰা কাৰ্যকৰী হোৱাকৈ ১৯ কিলোগ্ৰাম বাণিজ্যিক এলপিজি গেছ চিলিণ্ডাৰৰ দাম ২৫ টকাকৈ বৃদ্ধি কৰিছে।

শেহতীয়া দামবৃদ্ধিৰ সৈতে দিল্লীত ১৯ কিলোগ্ৰাম বাণিজ্যিক গেছ চিলিণ্ডাৰৰ খুচুৰা দাম হৈছে ১,৭৯৫ টকা৷ মুম্বাইত আজিৰে পৰা ১৯ কিলোগ্ৰামৰ চিলিণ্ডাৰ ১,৭৪৯ টকাত বিক্ৰী কৰা হ’ব। আৰু, চেন্নাই আৰু কলকাতাত বাণিজ্যিক এলপিজি গেছ চিলিণ্ডাৰৰ দাম হৈছেগৈ ক্ৰমান্বয়ে ১,৯৬০ টকা আৰু ১,৯১১ টকা৷

একেৰাহে দ্বিতীয়বাৰৰ বাবে চৰকাৰী প্ৰতিষ্ঠানবোৰে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ ব্যয় বৃদ্ধি কৰিছে। ১ ফেব্ৰুৱাৰীত ১৯ কিলোগ্ৰাম গেছ চিলিণ্ডাৰৰ দাম ১৪ টকা বৃদ্ধি হৈছিল। ফেব্ৰুৱাৰীত ১৯ কিলোগ্ৰাম গেছ চিলিণ্ডাৰৰ দাম আছিল ক্ৰমান্বয়ে ১,৭৬৯.৫০টকা (দিল্লী), ১,৮৮৭ টকা (কলকাতা), ১,৭৩৭ টকা (মুম্বাই) আৰু ১,৯৩৭ টকা (চেন্নাই)।

তেল কোম্পানীবোৰে ২০২৩ চনৰ ১ ডিচেম্বৰত দেশৰ বিভিন্ন স্থানত ২১ টকাকৈ বাণিজ্যিক গেছ চিলিণ্ডাৰৰ হাৰ বৃদ্ধি কৰিছিল।
অৱশ্যে, ২০২৪ নৱবৰ্ষৰ প্ৰাকমুহূৰ্তত ১৯ কিলোগ্ৰাম বাণিজ্যিক ৰন্ধন গেছৰ মূল্য প্ৰতি চিলিণ্ডাৰত ৩৯.৫০ টকাকৈ হ্ৰাস কৰা হৈছিল।

দেশৰ কেইবাখনো মহানগৰত আজিৰ দিনটোত বাণিজ্যিক চিলিণ্ডাৰৰ দাম এনেধৰণৰ:

• দিল্লী: ১,৭৯৫ টকা
• মুম্বাই: ১,৭৪৯ টকা
• কলকাতা: ১,৯১১ টকা
• চেন্নাই: ১,৯৬০ টকা
• চণ্ডীগড়: ১,৮১৬ টকা
• বেংগালুৰু: ১,৮৭৫ টকা
• ইন্দোৰ: ১,৯০১ টকা
• অমৃতসৰ: ১,৮৯৫ টকা
• জয়পুৰ: ১,৮১৮ টকা
• আহমেদাবাদ: ১,৮১৬ টকা

(টোকা: ওপৰোক্ত মূল্যবোৰ ইণ্ডেন ৱেবছাইটৰ পৰা লোৱা হৈছে। বিতৰকৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ পৰিৱৰ্তন হ'ব পাৰে।)

FOLLOW US F
POPULAR
FEATURE
TRENDY
মেৰাপানীত অৰুণাচলী সুৰা ভৰ্ত্তি এখন বৃহৎ ট্ৰাক জব্দ
ডিব্ৰুগড় জে’লত পুনৰ গ্ৰেপ্তাৰ হ’ব অমৃতপাল সিং, NSAৰ জিম্মাৰ ম্যাদ অন্ত
সেনাৰ গতি-বিধিৰ ছবি পাকিস্তানলৈ, গ্ৰেপ্তাৰ ৩০
চৰকাৰী চাকৰি সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়; অৰ্হতাৰ মূল মাপকাঠীসমূহ পূৰণ নকৰিলে পদৰ অযোগ্য হ’ব প্রার্থী
মধ্যপ্রাচ্যৰ যুদ্ধৰ মাজতে ৰাষ্ট্ৰসংঘৰ আস্থা; চলিত বৰ্ষত ভাৰতৰ উন্নয়নৰ হাৰ হ’ব ৬.৪%
নিষিদ্ধ নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে নগাঁৱৰ গায়ন গাঁৱত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
পুৱা সাৰ পোৱাৰ লগে লগে গোৰোহাৰ বিষ হয় নেকি? ই কি ৰোগৰ ইংগিত?
জম্মু-কাশ্মীৰৰ লাডাখত শ্বহীদ অসমৰ বীৰ জোৱান ৰমেন বৰুৱা
ডিউক বিশ্ববিদ্যালয়ৰ বিজ্ঞানীৰ নতুন তথ্য; ম'বাইল এৰি দুঘণ্টা শান্তিত কটালে বৃদ্ধি হয় স্মৃতিশক্তি
প্ৰাক্তন ফুটবলাৰ গৌতম দত্তৰ দেহাৱসান