--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচনী প্ৰতিশ্ৰুতি পাহৰিলে বিজেপিয়ে! সদ্যঘোষিত ৫ ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ পাছতে পাভলুটি মাৰিলে বিজেপিয়ে৷চলি থকা সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত ৰাজ্যসভাত চৰকাৰে কয় যে ৰাজস্থানত ৪৫০ টকাত এল পি জি চিলিণ্ডাৰ যোগান ধৰাৰ কোনো উদ্দেশ্য নাই। ভাৰত চৰকাৰে এনে কোনো ঘোষণা কৰা নাই। পেট্ৰলিয়াম ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৰাজ্যসভাৰ প্ৰশ্নকালত সোধা প্ৰশ্নৰ উত্তৰত এই কথা উল্লেখ কৰে।

ৰাজ্যসভাৰ সাংসদ জাভেদ আলী খানে চৰকাৰক প্ৰশ্ন কৰে যে শেহতীয়াকৈ চৰকাৰে ৰাজস্থানত ৪৫০ টকাত এল পি জি চিলিণ্ডাৰ যোগান ধৰাৰ কথা ঘোষণা কৰিছে নেকি? লগতে তেওঁ চৰকাৰক প্ৰশ্ন কৰে যে কেন্দ্ৰীয় চৰকাৰে উত্তৰ প্ৰদেশকে ধৰি সমগ্ৰ দেশতে ৪৫০ টকাত এল পি জি চিলিণ্ডাৰ যোগান ধৰাৰ কথা চিন্তা কৰিছে নেকি? দুয়োটা প্ৰশ্নৰ লিখিত উত্তৰ দি পেট্ৰ’লিয়াম ৰাজ্য মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয় যে ৰাজস্থানত ৪৫০ টকাত এল পি জি চিলিণ্ডাৰ যোগান ধৰাৰ কোনো ঘোষণা ভাৰত চৰকাৰে কৰা নাই।

এতিয়া প্ৰশ্ন উত্থাপন হয় যে ৪৫০ টকাত এল পি জি চিলিণ্ডাৰ দিয়াৰ বিষয়টো ক’ৰ পৰা আহিল? দৰাচলতে শেহতীয়াকৈ ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, তেলেংগানা আৰু মিজোৰামকে ধৰি পাঁচখন ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। ৰাজস্থানত ভাৰতীয় জনতা পাৰ্টীয়ে ইস্তাহাৰত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীক ৪৫০ টকাত চিলিণ্ডাৰ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল। আনকি মধ্যপ্ৰদেশতো বিজেপিয়ে ইস্তাহাৰত ৪৫০ টকাত চিলিণ্ডাৰ যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিছিল। আৰু এই দুখন ৰাজ্যৰ বাহিৰেও ভাৰতীয় জনতা পাৰ্টীয়ে ছত্তীশগড়ত চৰকাৰ গঠনত সফল হৈছে। এই তিনিখন ৰাজ্যত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছৰে পৰা এই প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে যে ৰাজস্থান আৰু মধ্যপ্ৰদেশকে ধৰি সমগ্ৰ দেশৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীয়ে ৪৫০ টকাত এল পি জি চিলিণ্ডাৰ পাবনে?

বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰতিশ্ৰুতিৰ প্ৰতিধ্বনি এতিয়া সংসদতো শুনা গৈছে। এনে পৰিস্থিতিত এই প্ৰশ্ন উত্থাপন হোৱাটো স্বাভাৱিক যে ৪৫০ টকাত এল পি জি চিলিণ্ডাৰৰ প্ৰতিশ্ৰুতি দি বিজেপিয়ে এই ৰাজ্যসমূহত চৰকাৰ গঠনত সফল হৈছে। কেতিয়ালৈকে এই দুয়োখন ৰাজ্যৰ বিজেপি চৰকাৰে এই প্ৰতিশ্ৰুতি পূৰণ কৰিব? কিন্তু যি পৰিকল্পনা আৰু প্ৰতিশ্ৰুতিৰ ভিত্তিত বিজেপিয়ে তিনিখন ৰাজ্যত ক্ষমতা অৰ্জন কৰাত সফল হৈছিল, সেই পৰিকল্পনা আৰু প্ৰতিশ্ৰুতি পূৰণ কৰাটো ইমান সহজ হ’ব নোৱাৰে কাৰণ ইয়াত বহু প্ৰত্যাহ্বান আছে।

বৰ্তমান কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলক ৬০৩ টকাত চিলিণ্ডাৰ যোগান ধৰিছে। মধ্য প্ৰদেশআৰু ৰাজস্থানত বিজেপিয়ে প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীক ৪৫০ টকাত চিলিণ্ডাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিছে। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে ৰাজস্থান আৰু মধ্য প্ৰদেশৰ উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীয়ে ৪৫০ টকা আৰু বিজেপি শাসিত ৰাজ্যকে ধৰি দেশৰ অন্যান্য ৰাজ্যৰ হিতাধিকাৰীয়ে ১৫৩ টকা অধিক ভৰিব লাগিব নেকি সেই প্ৰশ্নৰ উদয় হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
বিশ্ব বেডমিন্টনৰ কোৱাৰ্টাৰত ভাৰত, শীর্ষস্থানৰ থাইলেণ্ডৰ বিদায়
ডিব্ৰুগড়ত ব্ৰহ্মপুত্ৰৰ খহনীয়াত আক্ৰান্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযূষ হাজৰিকাৰ
ভাৰতীয় ৰে’লৱে সুৰক্ষা অপাৰেচন চেণ্টাৰৰ বাবে এয়াৰটেল বিজনেছৰ বহু বছৰীয়া চুক্তি লাভ
ডিজিটেল কানেক্টিভিটি ভাৰতীয়ৰ জীৱনৰ অভিন্ন অংশ হৈ পৰিছে: মোদী
২৩ অক্টোবৰত কেদাৰনাথ, ২৫ অক্টোবৰত বদ্রীনাথ ধাম দৰ্শনাৰ্থীৰ বাবে বন্ধ হ'ব
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা