--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নিৰ্বাচনী প্ৰতিশ্ৰুতি পাহৰিলে বিজেপিয়ে! সদ্যঘোষিত ৫ ৰাজ্যৰ নিৰ্বাচনী ফলাফলৰ পাছতে পাভলুটি মাৰিলে বিজেপিয়ে৷চলি থকা সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত ৰাজ্যসভাত চৰকাৰে কয় যে ৰাজস্থানত ৪৫০ টকাত এল পি জি চিলিণ্ডাৰ যোগান ধৰাৰ কোনো উদ্দেশ্য নাই। ভাৰত চৰকাৰে এনে কোনো ঘোষণা কৰা নাই। পেট্ৰলিয়াম ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ৰাজ্যসভাৰ প্ৰশ্নকালত সোধা প্ৰশ্নৰ উত্তৰত এই কথা উল্লেখ কৰে।

ৰাজ্যসভাৰ সাংসদ জাভেদ আলী খানে চৰকাৰক প্ৰশ্ন কৰে যে শেহতীয়াকৈ চৰকাৰে ৰাজস্থানত ৪৫০ টকাত এল পি জি চিলিণ্ডাৰ যোগান ধৰাৰ কথা ঘোষণা কৰিছে নেকি? লগতে তেওঁ চৰকাৰক প্ৰশ্ন কৰে যে কেন্দ্ৰীয় চৰকাৰে উত্তৰ প্ৰদেশকে ধৰি সমগ্ৰ দেশতে ৪৫০ টকাত এল পি জি চিলিণ্ডাৰ যোগান ধৰাৰ কথা চিন্তা কৰিছে নেকি? দুয়োটা প্ৰশ্নৰ লিখিত উত্তৰ দি পেট্ৰ’লিয়াম ৰাজ্য মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয় যে ৰাজস্থানত ৪৫০ টকাত এল পি জি চিলিণ্ডাৰ যোগান ধৰাৰ কোনো ঘোষণা ভাৰত চৰকাৰে কৰা নাই।

এতিয়া প্ৰশ্ন উত্থাপন হয় যে ৪৫০ টকাত এল পি জি চিলিণ্ডাৰ দিয়াৰ বিষয়টো ক’ৰ পৰা আহিল? দৰাচলতে শেহতীয়াকৈ ৰাজস্থান, মধ্যপ্ৰদেশ, ছত্তীশগড়, তেলেংগানা আৰু মিজোৰামকে ধৰি পাঁচখন ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। ৰাজস্থানত ভাৰতীয় জনতা পাৰ্টীয়ে ইস্তাহাৰত প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীক ৪৫০ টকাত চিলিণ্ডাৰ প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিছিল। আনকি মধ্যপ্ৰদেশতো বিজেপিয়ে ইস্তাহাৰত ৪৫০ টকাত চিলিণ্ডাৰ যোগান ধৰাৰ প্ৰতিশ্ৰুতি দিছিল। আৰু এই দুখন ৰাজ্যৰ বাহিৰেও ভাৰতীয় জনতা পাৰ্টীয়ে ছত্তীশগড়ত চৰকাৰ গঠনত সফল হৈছে। এই তিনিখন ৰাজ্যত বিজেপি চৰকাৰ গঠন হোৱাৰ পাছৰে পৰা এই প্ৰশ্ন উত্থাপন হ’বলৈ আৰম্ভ কৰিছে যে ৰাজস্থান আৰু মধ্যপ্ৰদেশকে ধৰি সমগ্ৰ দেশৰ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীয়ে ৪৫০ টকাত এল পি জি চিলিণ্ডাৰ পাবনে?

বিধানসভা নিৰ্বাচনত বিজেপিৰ প্ৰতিশ্ৰুতিৰ প্ৰতিধ্বনি এতিয়া সংসদতো শুনা গৈছে। এনে পৰিস্থিতিত এই প্ৰশ্ন উত্থাপন হোৱাটো স্বাভাৱিক যে ৪৫০ টকাত এল পি জি চিলিণ্ডাৰৰ প্ৰতিশ্ৰুতি দি বিজেপিয়ে এই ৰাজ্যসমূহত চৰকাৰ গঠনত সফল হৈছে। কেতিয়ালৈকে এই দুয়োখন ৰাজ্যৰ বিজেপি চৰকাৰে এই প্ৰতিশ্ৰুতি পূৰণ কৰিব? কিন্তু যি পৰিকল্পনা আৰু প্ৰতিশ্ৰুতিৰ ভিত্তিত বিজেপিয়ে তিনিখন ৰাজ্যত ক্ষমতা অৰ্জন কৰাত সফল হৈছিল, সেই পৰিকল্পনা আৰু প্ৰতিশ্ৰুতি পূৰণ কৰাটো ইমান সহজ হ’ব নোৱাৰে কাৰণ ইয়াত বহু প্ৰত্যাহ্বান আছে।

বৰ্তমান কেন্দ্ৰীয় চৰকাৰে প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলক ৬০৩ টকাত চিলিণ্ডাৰ যোগান ধৰিছে। মধ্য প্ৰদেশআৰু ৰাজস্থানত বিজেপিয়ে প্ৰধানমন্ত্ৰী উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীক ৪৫০ টকাত চিলিণ্ডাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিছে। এনে পৰিস্থিতিত প্ৰশ্ন উত্থাপন হয় যে ৰাজস্থান আৰু মধ্য প্ৰদেশৰ উজ্জ্বলা আঁচনিৰ হিতাধিকাৰীয়ে ৪৫০ টকা আৰু বিজেপি শাসিত ৰাজ্যকে ধৰি দেশৰ অন্যান্য ৰাজ্যৰ হিতাধিকাৰীয়ে ১৫৩ টকা অধিক ভৰিব লাগিব নেকি সেই প্ৰশ্নৰ উদয় হৈছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অশোভনীয় মন্তব্য: CJPৰ প্ৰতিবাদকাৰীসকলৰ ওপৰত দিল্লী পুলিচৰ কঠোৰ পদক্ষেপ
সাৱধান! অসমত প্ৰচণ্ড বৰষুণ, বানপানী আৰু ভূমিস্খলনৰ আশংকা
পশ্চিমবংগত প্ৰাক্তন বাছ চালকৰ ঘৰত চলিল অভিযান; উদ্ধাৰ প্ৰায় ২৯ কোটি টকা নগদ ধন আৰু ১৫ কেজি সোণ
শ্রীকোনাত ট্ৰাকৰ খুন্দাত দুজন অট’ যাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ