--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়া কৈ দেশৰ সকলো বিমানবন্দৰসমূহৰ অধিক মূল্যৰ খাদ্য সমাগ্ৰীৰ বিষয়টো চৰ্চিত হৈ আছে৷ বিমানবন্দৰসমূহৰ অধিক মূল্যৰ খাদ্যৰ বাবে দীৰ্ঘদন ধৰি যাত্ৰীসকলে সমস্যাত ভোগী আহিছে। এতিয়া পাৰ যাত্ৰীসকলে এই সমস্যাৰ পৰা সকাহ পোৱাৰ সম্ভাৱনা প্ৰকট হৈছে। সংসদৰ শীতকালীন অধিৱেশনত আম আদমি পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাই এই বিষয়টোৰ ওপৰত আলোকপাত কৰিছিল। ইয়াৰ পাছতে কেন্দ্ৰীয় চৰকাৰে বিমানবন্দৰত সূলভ মূল্যৰ কেণ্টিন খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এতিয়া কেন্দ্ৰীয় চৰকাৰে সূলভ মূল্যৰ ‘উৰান যাত্ৰী কেফে’ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। জানিব পৰা মতে কলকাতা বিমানবন্দৰৰ পৰা আৰম্ভ কৰা হ’ব এই প্ৰকল্প, য’ত সুলভ মূল্যত যোগান ধৰা হ’ব খাদ্য সামগ্ৰী। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ঘোষণা কৰিছে যে কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ‘উৰান যাত্ৰী কেফে’ আৰম্ভ কৰা হ’ব।

যদিও এইটো এটা পাইলট প্ৰজেক্ট হিচাপে আৰম্ভ কৰা হৈছে, পিছলৈ ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষই(এএআই)অন্যান্য বিমানবন্দৰতো কাৰ্যকৰী কৰা হ’ব বুলি সদৰি কৰিছে। এই কেফেসমূহত পানীৰ বটল, চাহ, কফি আৰু জলপান উচিত মূল্যত উপলব্ধ হ’ব যি যাত্ৰীসকল যথেষ্ট সকাহ প্ৰদান কৰিব৷

সাংসদ ৰাঘৱ চাড্ডাই এই প্ৰদক্ষেপক এক ইতিবাচক পদক্ষেপ বুলি অভিহিত কৰি কয় অৱশেষত চৰকাৰে সাধাৰণ জনতাৰ আহ্বান শুনিলে। কলকাতা বিমানবন্দৰৰ পৰা আৰম্ভ হ'লেও অতি সোনকালে দেশৰ অন্যান্য বিমানবন্দৰতো ইয়াক কাৰ্যকৰী কৰা হ'ব বুলি তেওঁলোক আশাবাদী৷ 

প্ৰসংগ ক্ৰমে সংসদত বিমানবন্দৰত ব্যয়বহুল খাদ্যৰ বিষয়টো উত্থাপন কৰাৰ সময়ত সাংসদ ৰাঘৱ চাড্ডাই কৈছিল, "যাত্ৰীসকলে ব্যয়বহুল খাদ্য আৰু দুৰ্বল পৰিচালনাৰ বাবে দেশৰ বিমানবন্দৰত বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়।  বিমানবন্দৰত এবটল পানীৰ বাবদতন১০০ টকা খৰচ হয়, একাপ চাহৰ বাবে ২০০-২৫০ টকা খৰচ কৰিব লাগে৷ তেনে পৰিপ্ৰেক্ষিতত চৰকাৰে বিমানবন্দৰত সস্তীয়া আৰু সুলভ মূল্যৰ কেণ্টিন আৰম্ভ কৰিব নোৱাৰেনে?

তেওঁ লগতে কৈছিল যে বিমানবন্দৰৰ অৱস্থা এতিয়া বাছ ষ্টেণ্ডতকৈও শোচনীয় হৈ পৰিছে। দীঘলীয়া শাৰী, অতিমাত্ৰা ভিৰ আৰু অসংগঠিত পৰিচালনাই যাত্ৰীসকলক যাত্ৰাৰ আৰম্ভণিতে হতাশ কৰি তোলে।

সাংসদ ৰাঘৱ চাড্ডাই এই বিষয়টো উত্থাপন কৰা বাবে ছ’চিয়েল মিডিয়াত তেওঁৰ এই পদক্ষেপক শলাগ লোৱাৰ লগতে ইয়াক সাধাৰণ জনতাৰ হৃদয়ৰ কণ্ঠ বুলি অভিহিত কৰিছিল। সাংসদ গৰাকীৰ এই ভাষণ ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু