--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়া কৈ দেশৰ সকলো বিমানবন্দৰসমূহৰ অধিক মূল্যৰ খাদ্য সমাগ্ৰীৰ বিষয়টো চৰ্চিত হৈ আছে৷ বিমানবন্দৰসমূহৰ অধিক মূল্যৰ খাদ্যৰ বাবে দীৰ্ঘদন ধৰি যাত্ৰীসকলে সমস্যাত ভোগী আহিছে। এতিয়া পাৰ যাত্ৰীসকলে এই সমস্যাৰ পৰা সকাহ পোৱাৰ সম্ভাৱনা প্ৰকট হৈছে। সংসদৰ শীতকালীন অধিৱেশনত আম আদমি পাৰ্টিৰ ৰাজ্যসভাৰ সাংসদ ৰাঘৱ চাড্ডাই এই বিষয়টোৰ ওপৰত আলোকপাত কৰিছিল। ইয়াৰ পাছতে কেন্দ্ৰীয় চৰকাৰে বিমানবন্দৰত সূলভ মূল্যৰ কেণ্টিন খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

এতিয়া কেন্দ্ৰীয় চৰকাৰে সূলভ মূল্যৰ ‘উৰান যাত্ৰী কেফে’ আৰম্ভ কৰাৰ পৰিকল্পনা কৰিছে। জানিব পৰা মতে কলকাতা বিমানবন্দৰৰ পৰা আৰম্ভ কৰা হ’ব এই প্ৰকল্প, য’ত সুলভ মূল্যত যোগান ধৰা হ’ব খাদ্য সামগ্ৰী। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে ঘোষণা কৰিছে যে কলকাতাৰ নেতাজী সুভাষ চন্দ্ৰ বসু আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা ‘উৰান যাত্ৰী কেফে’ আৰম্ভ কৰা হ’ব।

যদিও এইটো এটা পাইলট প্ৰজেক্ট হিচাপে আৰম্ভ কৰা হৈছে, পিছলৈ ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষই(এএআই)অন্যান্য বিমানবন্দৰতো কাৰ্যকৰী কৰা হ’ব বুলি সদৰি কৰিছে। এই কেফেসমূহত পানীৰ বটল, চাহ, কফি আৰু জলপান উচিত মূল্যত উপলব্ধ হ’ব যি যাত্ৰীসকল যথেষ্ট সকাহ প্ৰদান কৰিব৷

সাংসদ ৰাঘৱ চাড্ডাই এই প্ৰদক্ষেপক এক ইতিবাচক পদক্ষেপ বুলি অভিহিত কৰি কয় অৱশেষত চৰকাৰে সাধাৰণ জনতাৰ আহ্বান শুনিলে। কলকাতা বিমানবন্দৰৰ পৰা আৰম্ভ হ'লেও অতি সোনকালে দেশৰ অন্যান্য বিমানবন্দৰতো ইয়াক কাৰ্যকৰী কৰা হ'ব বুলি তেওঁলোক আশাবাদী৷ 

প্ৰসংগ ক্ৰমে সংসদত বিমানবন্দৰত ব্যয়বহুল খাদ্যৰ বিষয়টো উত্থাপন কৰাৰ সময়ত সাংসদ ৰাঘৱ চাড্ডাই কৈছিল, "যাত্ৰীসকলে ব্যয়বহুল খাদ্য আৰু দুৰ্বল পৰিচালনাৰ বাবে দেশৰ বিমানবন্দৰত বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়।  বিমানবন্দৰত এবটল পানীৰ বাবদতন১০০ টকা খৰচ হয়, একাপ চাহৰ বাবে ২০০-২৫০ টকা খৰচ কৰিব লাগে৷ তেনে পৰিপ্ৰেক্ষিতত চৰকাৰে বিমানবন্দৰত সস্তীয়া আৰু সুলভ মূল্যৰ কেণ্টিন আৰম্ভ কৰিব নোৱাৰেনে?

তেওঁ লগতে কৈছিল যে বিমানবন্দৰৰ অৱস্থা এতিয়া বাছ ষ্টেণ্ডতকৈও শোচনীয় হৈ পৰিছে। দীঘলীয়া শাৰী, অতিমাত্ৰা ভিৰ আৰু অসংগঠিত পৰিচালনাই যাত্ৰীসকলক যাত্ৰাৰ আৰম্ভণিতে হতাশ কৰি তোলে।

সাংসদ ৰাঘৱ চাড্ডাই এই বিষয়টো উত্থাপন কৰা বাবে ছ’চিয়েল মিডিয়াত তেওঁৰ এই পদক্ষেপক শলাগ লোৱাৰ লগতে ইয়াক সাধাৰণ জনতাৰ হৃদয়ৰ কণ্ঠ বুলি অভিহিত কৰিছিল। সাংসদ গৰাকীৰ এই ভাষণ ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈ পৰিছিল৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
প্রায় দুমাহে সমগ্র ইৰানত বন্ধ হৈ আছে শিক্ষা প্রতিষ্ঠানসমূহ; অন্ধকাৰত শিক্ষাৰ্থীৰ ভৱিষ্যৎ
অভি-নীল হত্যাকাণ্ডৰ চূড়ান্ত ৰায়দান নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ
পথত কনভয় ৰখাই ঝালমুড়ীৰ সোৱাদ ল'লে প্রধানমন্ত্রীয়ে
দুলীয়াজানত ১৫,৯৯৯ মহিলাই বিয়ানামেৰে গঢ়িলে বিশ্ব অভিলেখ
এশ ট্রাক ৰঙালাও কলকাতালৈ! ৰঙালাওৱে বোকাখাতৰ কৃষকৰ মুখত বিৰিঙাইছে হাঁহি
মায়ঙৰ কমাৰপুৰ গাঁৱত অঘটন; গৰু এৰাল দিবলৈ গৈ পুখুৰীত পৰি সলিল সমাধি যুৱকৰ
ৰঙালীৰ আনন্দ উল্লাসৰ মাজতে জোনাইত অঘটন ; থিতাতে মৃত্যু এজনৰ
মাজুলীৰ দক্ষিণপাট সত্ৰত ৰঙালী বিহু উদযাপন: সত্ৰাধিকাৰৰ শুভেচ্ছা আৰু পৰম্পৰাগত 'মালা সেৱা' সম্পন্ন
মৰ্মান্তিক; গৰু গা ধোৱাবলৈ গৈ যমজ ভাতৃদ্বয়ৰ মৃত্যু
ৰাজ্যজুৰি মানুহ বিহুৰ উছাহ: জ্যেষ্ঠৰ আশীৰ্বাদেৰে নতুন বছৰক আদৰাৰ পৰম্পৰা