--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনৰ পূৰ্বেই কাৰ্যতঃ বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ত স্পষ্ট হৈ পৰিল বিভাজন৷ আনকি, নিৰ্বাচনৰ সময়লৈ এই মিত্ৰজোঁট তিষ্ঠি থাকিবগৈনে তাক লৈও সংশয়ৰ সৃষ্টি হৈছে৷ কংগ্ৰেছৰ ভুল নীতিৰ বাবেই বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ত বিভাজনৰ সৃষ্টি হৈছে৷ 

বিগত বৰ্ষৰ ১৯ ডিচেম্বৰৰ অশোক হোটেলত অনুষ্ঠিত বৈঠকত মল্লিকাজুন খৰ্গেক ‘ইণ্ডিয়া’ৰ নেতা নিৰ্বাচিত কৰাৰ পাছৰে পৰা ক্ৰমশঃ মিত্ৰজোঁটৰ পৰা আঁতৰি আহিছিল নীতিশ কুমাৰ৷ নীতিশ কুমাৰক ‘ইণ্ডিয়া’ৰ নেতা নিৰ্বাচিত নকৰাত অসন্তুষ্টি বৃদ্ধি পাইছিল৷ আৰু ফলশ্ৰুতিত চলে-বলে-কৌশলে বিহাৰত চৰকাৰ গঠন কৰিলে এনডিএই৷ 

অকল নীতিশ কুমাৰেই নহয়, ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ অন্যতম প্ৰভাৱশালী নেত্ৰী মমতা বেনাৰ্জীয়েও ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ বিৰুদ্ধে সৰব হৈ পৰা দেখা গৈছিল৷ মমতাৰ তৃণমূল কংগ্ৰেছেও পশ্চিমবংগত এককভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা ঘোষণা কৰাৰ লগতে মুৰ্ছিদাবাদৰ এখন বিশাল জনসভাত কংগ্ৰেছে ৪০খন আসনো জিকিব নোৱাৰে বুলি মন্তব্য কৰিছিল৷

নীতিশ, মমতাৰ পাছত এইবাৰ ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ সিং৷ ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’লৈ আমন্ত্ৰণ নোপোৱাক লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে অখিলেশে৷ কংগ্ৰেছৰ বিৰুদ্ধে এইবাৰ মুকলিকৈ ক্ষোভ উজাৰিছে অখিলেশ সিং যাদৱে৷ কংগ্ৰেছৰ ভুল নীতিৰ বাবেই ‘ইণ্ডিয়া’ মিত্ৰজোঁটত বিভাজন তীব্ৰ হ’ব পাৰে বুলি মন্তব্য কৰিছে অখিলেশ সিং যাদৱে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ