--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: লোকসভা নিৰ্বাচনৰ পূৰ্বেই কাৰ্যতঃ বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ত স্পষ্ট হৈ পৰিল বিভাজন৷ আনকি, নিৰ্বাচনৰ সময়লৈ এই মিত্ৰজোঁট তিষ্ঠি থাকিবগৈনে তাক লৈও সংশয়ৰ সৃষ্টি হৈছে৷ কংগ্ৰেছৰ ভুল নীতিৰ বাবেই বিৰোধী মিত্ৰজোঁট ‘ইণ্ডিয়া’ত বিভাজনৰ সৃষ্টি হৈছে৷ 

বিগত বৰ্ষৰ ১৯ ডিচেম্বৰৰ অশোক হোটেলত অনুষ্ঠিত বৈঠকত মল্লিকাজুন খৰ্গেক ‘ইণ্ডিয়া’ৰ নেতা নিৰ্বাচিত কৰাৰ পাছৰে পৰা ক্ৰমশঃ মিত্ৰজোঁটৰ পৰা আঁতৰি আহিছিল নীতিশ কুমাৰ৷ নীতিশ কুমাৰক ‘ইণ্ডিয়া’ৰ নেতা নিৰ্বাচিত নকৰাত অসন্তুষ্টি বৃদ্ধি পাইছিল৷ আৰু ফলশ্ৰুতিত চলে-বলে-কৌশলে বিহাৰত চৰকাৰ গঠন কৰিলে এনডিএই৷ 

অকল নীতিশ কুমাৰেই নহয়, ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ অন্যতম প্ৰভাৱশালী নেত্ৰী মমতা বেনাৰ্জীয়েও ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ বিৰুদ্ধে সৰব হৈ পৰা দেখা গৈছিল৷ মমতাৰ তৃণমূল কংগ্ৰেছেও পশ্চিমবংগত এককভাৱে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ কথা ঘোষণা কৰাৰ লগতে মুৰ্ছিদাবাদৰ এখন বিশাল জনসভাত কংগ্ৰেছে ৪০খন আসনো জিকিব নোৱাৰে বুলি মন্তব্য কৰিছিল৷

নীতিশ, মমতাৰ পাছত এইবাৰ ‘ইণ্ডিয়া’ মিত্ৰজোঁটৰ বিৰুদ্ধে ক্ষোভত ফাটি পৰিছে সমাজবাদী পাৰ্টিৰ মুৰব্বী অখিলেশ সিং৷ ৰাহুল গান্ধীৰ নেতৃত্বত চলি থকা ‘ভাৰত জোড়ো ন্যায় যাত্ৰা’লৈ আমন্ত্ৰণ নোপোৱাক লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে অখিলেশে৷ কংগ্ৰেছৰ বিৰুদ্ধে এইবাৰ মুকলিকৈ ক্ষোভ উজাৰিছে অখিলেশ সিং যাদৱে৷ কংগ্ৰেছৰ ভুল নীতিৰ বাবেই ‘ইণ্ডিয়া’ মিত্ৰজোঁটত বিভাজন তীব্ৰ হ’ব পাৰে বুলি মন্তব্য কৰিছে অখিলেশ সিং যাদৱে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু