--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আজিকালি বিয়াবোৰ বিয়া নহয় যেন ধেমালিহে। মন গলেই বিয়া পাতে, মন গলেই বিয়া ভাঙে। এগৰাকী কইনাই ৰভাতলীতে ভাঙিলে বিয়া। ৰাজস্থানৰ ঢোলপুৰ জিলাত ঘটিছে এক ঘটনা। 

বিয়াৰ সকলো ৰীতি-নীতি সম্পূৰ্ণ হোৱাৰ পিছত বিদায়ৰ সময়ত কইনাজনীয়ে দৰাৰ লগত যাবলৈ অস্বীকাৰ কৰে। কইনাগৰাকীয়ে কয় যে শিৰত সেন্দুৰ দিবৰ সময়ত দৰাৰ হাত দুখন কঁপিছিল। সেয়েহে দৰাৰ স্বাস্থ্যক লৈ কইনাৰ মনত সন্দেহ ওপজে। তেওঁ লগেলগে বিয়া বাতিল কৰাৰ সিদ্ধান্ত লয়। 

দৰাজনে স্পষ্ট কৰি দিলে যে ঠাণ্ডাৰ বাবেহে তেওঁৰ হাত দুখন কঁপিছে। তেওঁৰ বেলেগ একো স্বাস্থ্যজনিত সমস্যা নাই।

বিদায়ৰ ঠিক আগে আগে ঘটা এই ঘটনাৰ বাবেই বিয়াৰ পৰিৱেশ বিতৰ্কলৈ পৰিণত হোৱাৰ লগতে আৰক্ষীয়েও হস্তক্ষেপ কৰিবলগীয়া হয়।

ঢোলপুৰ চহৰৰ হাউছিং ব’ৰ্ড কলনীৰ বাসিন্দা গিৰীশ কুমাৰৰ কন্যা দীপিকাৰ বিবাহ কৰৌলী জিলাৰ কল্যাণী গাঁৱৰ প্ৰদীপৰ সৈতে ঠিক কৰা হৈছিল। বৰযাত্ৰীসকলে উলহ-মালহেৰে আহি কইনাঘৰত উপস্থিত হয় আৰু কইনাঘৰীয়া লোকেও বৰযাত্ৰীসকলক আনন্দৰে আদৰে। সকলো খিনি সুন্দৰকৈ সম্পন্ন হোৱাৰ পাছতো তেতিয়াহে লাগিল লেঠা যেতিয়া দৰাই কইনাৰ শিৰ সেন্দুৰৰ ৰঙেৰে বোলাব বিচাৰিছিল। সেন্দুৰ দিয়াৰ সময়তে দৰাৰ হাত দুখন কঁপি উঠাক লৈ কইনা খৰ্গহস্ত হৈ পৰে। তেওঁ শহুৰৰ গৃহলৈ যাবলৈ অস্বীকাৰ কৰে।

দৰা প্ৰদীপে কয় যে তেওঁৰ হাত দুখন ঠাণ্ডাৰ বাবে কঁপিছে আৰু কোনো ৰোগৰ বাবে কঁপা নাই। লগতে তেওঁ কয় যে বিয়াৰ পূৰ্বে ছোৱালীজনীৰ পৰিয়ালে তেওঁক কেইবাবাৰো দেখা পাইছিল, তেতিয়া কোনোও একো আপত্তি কৰা নাছিল। কিন্তু বিদায়ৰ ঠিক আগতে হঠাতে বিয়া নাকচ কৰাটো ভুল।

কইনাৰ এই সিদ্ধান্তই দৰা পক্ষত হুলস্থূলৰ সৃষ্টি কৰিলে। এই হুলস্থুলৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ দুয়োপক্ষকে বুজাবলৈ চেষ্টা কৰে যদিও কোনো সমাধান নাপালে। শেষত কইনাৰ অবিহনে বৰযাত্ৰীসকল ঘূৰি আহিবলগীয়া হ’ল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দুৰ্ধৰ্ষ ডকাইতৰ দল আৰক্ষীৰ জালত; ৩৫ লাখ টকাৰ সামগ্ৰী উদ্ধাৰ
ৰাজবীৰৰ কণ্ঠত মুক্তি পালে এক ব্যতিক্ৰমী নতুন অসমীয়া গীত ‘অনুৰোধ’
ইউৰোপত উৎকট গৰম; ১০ সহস্রাধিক লোকৰ মৃত্যু
অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপ লাভ কৰিলে মাজবাট ৰে’লৱে ষ্টেচনে
লক্ষ্ণৌৰ 5-ষ্টাৰ হোটেলত ৰহস্যজনক অৱস্থাত যুৱ বিজ্ঞানীৰ মৃতদেহ উদ্ধাৰ, বিচনাৰ কাষত পোৱা গ’ল বমিৰ দাগ
বান গ’ল, কিন্তু শেষ হোৱা নাই দুৰ্ভোগ; নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধ আৰু ৰোগৰ আতংকত জোনাইৰ মধুপুৰ-অৰুণ চাপৰি ৰাইজ
যুদ্ধ আৰম্ভ, লগে লগে শ্বেয়াৰ বজাৰত বিপৰ্যয়; খাৰুৱা তেলৰ দাম ৬% বৃদ্ধি
নাৰায়ণপুৰৰ ধলপুৰত শহুৰেকৰ ঘৰত হাতত চোকা দা লৈ জোঁৱায়েকৰ ভয়ংকৰ তাণ্ডৱ
শিক্ষকতাত কালিমা! আনৰ পত্নীৰ সৈতে অবৈধ সম্পৰ্ক স্থাপন কৰিবলৈ গৈ আৰক্ষীৰ জালত পৰিল ধুবুৰীৰ এজন প্ৰধান শিক্ষক
চামগুৰিত নৃশংস হত্যাকাণ্ড; স্বামীৰ আক্ৰমণত প্ৰাণ গ’ল পত্নীৰ, সংকটজনক অৱস্থাত চিকিৎসাধীন মাতৃ
লখিমপুৰত জালনোট চক্ৰৰ বিৰুদ্ধে অভিযান; এনকাউণ্টাৰত আহত ২, মাষ্টাৰমাইণ্ডসহ ১৩ জনক গ্ৰেপ্তাৰ
১৫৮ বছৰ পাছত অৰুণাচলত পোৱা গ’ল হিমালয়ান ফুলৰ সন্ধান
প্রবল বৰষুণ, বান, ভূমিস্খলনত বিধ্বস্ত দিল্লীসহ ৯ ৰাজ্য
বিজেপিৰ কর্মীয়ে দিলে ‘চোৰ’, ‘চোৰ’ ধ্বনি, পশ্চিম বংগত মমতা বেনাৰ্জীৰ প্রতিবাদী সমদললৈ দলিয়ালে কণী
Advertisement