--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : আজি পুনৰ নিয়াৰ আদালতলৈ কাৰাৰূদ্ধ অখিল গগৈ৷ চানমাৰি থানাৰ গোচৰ সন্দৰ্ভত হ'ব এই শুনানি৷ চাৰ্জফ্ৰেম সন্দৰ্ভত আদালতত আজি চূড়ান্ত শুনানি৷ মানস সোণোৱাল, বিতু কোৱঁৰ, ধৈৰ্য্য কোৱঁৰ গোচৰ সন্দৰ্ভতো হ'ব এই শুনানি৷ ইতিমধ্যে চাবুৱা থানাৰ গোচৰত অভিযোগমুক্ত অখিল৷

ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই এক অমীমাংসিত ইউএপিএ আৰু শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ বিৰুদ্ধে ৰাজদ্ৰোহৰ গোচৰত এক পৰিপূৰক অভিযোগপত্ৰৰ প্ৰস্তাৱ দিছিল৷ আনহাতে কিছু দিন পুৰ্বে আন এটা গোচৰত নিৰ্দোষ সাব্যস্ত হৈছিল অখিল। শেহতীয়া ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ২০১৯ চনৰ ডিচেম্বৰৰ পৰা কাৰাগাৰত থকা গগৈয়ে অভিযোগপত্ৰখনত কয় যে, 'তেওঁক কাৰাগাৰত ৰখাৰ ষড়যন্ত্ৰ।'

"এনআইএয়ে যোৱা মঙলবাৰে ২০১৯ চনৰ ডিচেম্বৰত দাখিল কৰা বিদ্যমান অভিযোগপত্ৰৰ সৈতে এখন পৰিপূৰক অভিযোগপত্ৰ দাখিল কৰিছিল। নতুন অভিযোগপত্ৰখন এজন সাক্ষীৰ ওপৰত আধাৰিত। এই গোচৰটোত আন দুজন সাক্ষী আছিল,' অখিল গগৈৰ অধিবক্তা কৃষ্ণ া গগৈয়ে প্ৰকাশ কৰে।

কাৰাগাৰৰ পৰা লিখা এখন পত্ৰত শিৱসাগৰৰ বিধায়কগৰাকীয়ে কয়, 'সাক্ষীজনে আদালতলৈ তেওঁৰ ৰেকৰ্ড কৰা বিবৃতিত কৈছে যে মই চুপাৰি চিণ্ডিকেট, গৰু চোৰাং চিণ্ডিকেট আৰু মৌ ফান্দত পৰা ব্যৱসায়ীসকলক ধন দাবী কৰাৰ বাবে জড়িত৷ আনহাতে প্ৰথমতে মোক সন্ত্ৰাসবাদী কাৰ্যকলাপৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। সেয়েহে, তেওঁলোকৰ ষড়যন্ত্ৰৰ অংশ হিচাপে, মই এতিয়া এজন সন্ত্ৰাসবাদীৰ পৰা মাফিয়া হৈ পৰিছো। এইবোৰ মোক কাৰাগাৰৰ ভিতৰত ৰখাৰ ষড়যন্ত্ৰৰ বাহিৰে আন একো নহয়।'


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ