--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আধুনিক জীৱনশৈলী, অনিয়মিত খাদ্যাভ্যাস বা প্ৰয়োজনীয় শাৰীৰিক ব্যায়ামৰ অভাৱৰ বাবে শৰীৰত সহজে থিতাপি লোৱা অন্যতম ৰোগ হ’ল যকৃতৰ ৰোগ। কম বয়সতো এই ৰোগে শৰীৰত শিপাই যাব পাৰে। এই ৰোগৰ লক্ষণসমূহ সহজভাৱে বুজিব পৰা নাযায়।

 চিকিৎসকে বাৰে বাৰে কয় যে খাদ্যত তেল আৰু মছলা পৰিহাৰ কৰিব লাগে, প্ৰচুৰ পৰিমাণে পানী খাব লাগে, যকৃৎ সুস্থ কৰি ৰাখিবলৈ বিষনাশক, মদ আৰু ধূমপানৰ ওপৰত বেছি নিৰ্ভৰ নকৰিব লাগে। যকৃতৰ অৱনতি ঘটিলে শৰীৰত বিভিন্ন সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে। সেইবাবেই যকৃৎ সুস্থ কৰি ৰাখিবলৈ অনেক খাদ্য খালে। যকৃত পৰিষ্কাৰ কৰি ৰাখিব পৰা সাতটা খাদ্য জানি লওক।

 নহৰু: যকৃৎ পৰিষ্কাৰ কৰি ৰখাৰ বাবে নহৰুৱে বহুত ভাল কাম কৰে। প্ৰতিদিনে হালধিৰে ৰন্ধা দুইৰ পৰা তিনিবাৰকৈ আহাৰ খাব। পুৱা খালী পেটত কেঁচা নহৰু খোৱাটোও অতি উপকাৰী।

 আঙুৰ: যকৃতৰ বিষমুক্ত কৰাৰ বাবেও আঙুৰ অতি উত্তম।

 নেমু: প্ৰতিদিনে পুৱা এগিলাচ গৰম পানীত গোটা নেমুৰ ৰস খাব লাগে। এই অভ্যাসে যকৃতক সুস্থ কৰি ৰখাত অতি সহায়ক হয়।

 গ্ৰীণ টি : গ্ৰীণ টিয়ে যকৃৎ ৰক্ষা কৰাত সহায় কৰে। যকৃতত প্ৰদূষক পদাৰ্থ জমা হোৱাৰ বাবে মেদবহুলতা হয়। সেউজীয়া চাহে সেই প্ৰদূষকবোৰ আঁতৰাই পেলায়। গতিকে কামৰ মাজত গ্ৰীণ টি খাব পাৰে।

 হালধি : হালধিয়ে যকৃৎ অতি সোনকালে পৰিষ্কাৰ কৰে। সেইবাবেই হালধি মিহলি খাদ্য খাব। দৈনন্দিন খাদ্যত গাখীৰ আৰু হালধি খাব পাৰে।

 আপেলঃ আপেলেও যকৃতক সুস্থ কৰি ৰাখে। গতিকে আপুনি আপোনাৰ দৈনিক টিফিনত কেইটুকুৰা আপেল ৰাখিব পাৰে। ক্ষুধাও তৃপ্ত হ’ব আৰু যকৃৎ শক্তিশালী হ’ব।

 ব্ৰকলি: যকৃৎ পৰিষ্কাৰ কৰি ৰখাতো ব্ৰকলি অতি উপকাৰী। বহুতে এই শাকবিধ খাবলৈ ইচ্ছা নকৰে কাৰণ ইয়াৰ নিজস্ব সোৱাদ নাই। কিন্তু ব্ৰকলি পাচলি হিচাপে খালে বহু উপকাৰ পাব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক