--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আধুনিক জীৱনশৈলী, অনিয়মিত খাদ্যাভ্যাস বা প্ৰয়োজনীয় শাৰীৰিক ব্যায়ামৰ অভাৱৰ বাবে শৰীৰত সহজে থিতাপি লোৱা অন্যতম ৰোগ হ’ল যকৃতৰ ৰোগ। কম বয়সতো এই ৰোগে শৰীৰত শিপাই যাব পাৰে। এই ৰোগৰ লক্ষণসমূহ সহজভাৱে বুজিব পৰা নাযায়।

 চিকিৎসকে বাৰে বাৰে কয় যে খাদ্যত তেল আৰু মছলা পৰিহাৰ কৰিব লাগে, প্ৰচুৰ পৰিমাণে পানী খাব লাগে, যকৃৎ সুস্থ কৰি ৰাখিবলৈ বিষনাশক, মদ আৰু ধূমপানৰ ওপৰত বেছি নিৰ্ভৰ নকৰিব লাগে। যকৃতৰ অৱনতি ঘটিলে শৰীৰত বিভিন্ন সমস্যাৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে। সেইবাবেই যকৃৎ সুস্থ কৰি ৰাখিবলৈ অনেক খাদ্য খালে। যকৃত পৰিষ্কাৰ কৰি ৰাখিব পৰা সাতটা খাদ্য জানি লওক।

 নহৰু: যকৃৎ পৰিষ্কাৰ কৰি ৰখাৰ বাবে নহৰুৱে বহুত ভাল কাম কৰে। প্ৰতিদিনে হালধিৰে ৰন্ধা দুইৰ পৰা তিনিবাৰকৈ আহাৰ খাব। পুৱা খালী পেটত কেঁচা নহৰু খোৱাটোও অতি উপকাৰী।

 আঙুৰ: যকৃতৰ বিষমুক্ত কৰাৰ বাবেও আঙুৰ অতি উত্তম।

 নেমু: প্ৰতিদিনে পুৱা এগিলাচ গৰম পানীত গোটা নেমুৰ ৰস খাব লাগে। এই অভ্যাসে যকৃতক সুস্থ কৰি ৰখাত অতি সহায়ক হয়।

 গ্ৰীণ টি : গ্ৰীণ টিয়ে যকৃৎ ৰক্ষা কৰাত সহায় কৰে। যকৃতত প্ৰদূষক পদাৰ্থ জমা হোৱাৰ বাবে মেদবহুলতা হয়। সেউজীয়া চাহে সেই প্ৰদূষকবোৰ আঁতৰাই পেলায়। গতিকে কামৰ মাজত গ্ৰীণ টি খাব পাৰে।

 হালধি : হালধিয়ে যকৃৎ অতি সোনকালে পৰিষ্কাৰ কৰে। সেইবাবেই হালধি মিহলি খাদ্য খাব। দৈনন্দিন খাদ্যত গাখীৰ আৰু হালধি খাব পাৰে।

 আপেলঃ আপেলেও যকৃতক সুস্থ কৰি ৰাখে। গতিকে আপুনি আপোনাৰ দৈনিক টিফিনত কেইটুকুৰা আপেল ৰাখিব পাৰে। ক্ষুধাও তৃপ্ত হ’ব আৰু যকৃৎ শক্তিশালী হ’ব।

 ব্ৰকলি: যকৃৎ পৰিষ্কাৰ কৰি ৰখাতো ব্ৰকলি অতি উপকাৰী। বহুতে এই শাকবিধ খাবলৈ ইচ্ছা নকৰে কাৰণ ইয়াৰ নিজস্ব সোৱাদ নাই। কিন্তু ব্ৰকলি পাচলি হিচাপে খালে বহু উপকাৰ পাব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু