--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  কাটাৰে মৃত্যুদণ্ড বিহা আঠজনকৈ ভাৰতীয় নৌসেনাৰ প্ৰাক্তন বিষয়াৰ প্ৰাণ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰচেষ্টাতে ৰক্ষা পৰাত এতিয়া আনন্দিত হৈ পৰিছে দেশবাসী৷ আনকি মোদীৰ কঠোৰ সমালোচক সকলেও এই কামৰ বাবে মোদীক ভূয়সী প্ৰশংসা কৰিছে৷ আঠজন ভাৰতীয় নৌসেনাৰ  প্ৰাক্তন  বিষয়াৰ মুক্তিক প্ৰধানমন্ত্ৰী মোদীৰ আটাইতকৈ ডাঙৰ কূটনৈতিক বিজয় বুলি বৰ্ণনা কৰা হৈছে। 

বিৰোধীয়েও প্ৰধানমন্ত্ৰীক এই কূটনৈতিক বিজয়ৰ বাবে অভিনন্দন জনাইছে।একে সময়তে মোদীক প্ৰায়ে সমালোচনা কৰা  জেএনইউৰ প্ৰাক্তন ছাত্ৰ  নেত্ৰী শ্বেহলা ৰছিদেও প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসাত গদ গদ হৈ পৰিছে৷  প্ৰাক্তন ছাত্ৰ নেত্ৰী  শ্বেহলাই ছ'চিয়েল মিডিয়া এক্সত পোষ্ট কৰি সেই পোষ্ট   প্ৰধানমন্ত্ৰী মোদী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক টেগ কৰে৷ শ্বেহলাই এই বিজয়ৰ বাবে মোদীকে ধৰি সংশ্লিষ্টসকলক  অভিনন্দন জনাইছে৷

প্ৰাক্তন ছাত্ৰ নেত্ৰী শ্বেহলা  ৰছিদে ছ'চিয়েল মিডিয়া এক্সত লিখিছে, "মৃত্যুদণ্ডৰ পৰা ঘৰলৈ ঘূৰি অহালৈকে, এয়া ভাৰতৰ বাবে এক ডাঙৰ কূটনৈতিক বিজয়।’’ তেওঁ কয়, "এই বিজয়ে এই সত্যৰ প্ৰমাণ দিছে যে আমাৰ বৈদেশিক নীতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বৈদেশিক পৰিক্ৰমা মন্ত্ৰী জয়শংকৰৰ নেতৃত্বত সক্ষম, যিয়ে আকৌ এবাৰ অসম্ভৱকো সম্ভৱ কৰি তুলিছে।" উল্লেখ্য ভাৰতীয় নৌসেনাৰ প্ৰাক্তন জোৱানসকল কাটাৰ জে’লৰ পৰা মুক্তি লাভেৰে ঘৰলৈ উভতি আহিছে।
এয়া ভাৰতৰ এক বৃহৎ কূটনৈতিক জয়।

ইয়াৰ পূৰ্বে, মোদী চৰকাৰৰ কূটনৈতিক প্ৰচেষ্টাৰ বাবে তেওঁলোকৰ মৃত্যুদণ্ডৰদণ্ড যাৱজ্জীৱন কাৰাদণ্ডলৈ হ্ৰাস হৈছিল আৰু অৱশেষত তেওঁলোকক মুকলি কৰি দিয়া হয় আৰু তাৰ পিছতে নিৰাপদে তেওঁলোক ভাৰতলৈ উভতি আহিছে।
২০২২ৰ আগষ্টত কেপ্তেইন নৱতেজ সিং গিল, কেপ্তেইন সৌৰভ বশিষ্ঠ, কমাণ্ডাৰ পূৰ্ণেন্দু তিৱাৰী, কেপ্তেইন বীৰেন্দ্ৰ কুমাৰ বাৰ্মা, কমাণ্ডাৰ সুগুণাকৰ পাকলা, কমাণ্ডাৰ সঞ্জীৱ গুপ্তা, কমাণ্ডাৰ অমিত নাগপালআৰু নাৱিক ৰাগেশক গ্ৰেপ্তাৰ কৰা হৈছিল আৰু তেতিয়াৰপৰাই তেওঁলোক কাৰাগাৰত আছিল।

২০২৩ৰ ২৬ অক্টোবৰত কাটাৰ আদালতে এই আটাইকেইজন ভাৰতীয়কে মৃত্যুদণ্ডৰে দণ্ডিত কৰিছিল।
উল্লেখযোগ্য যে চিঅ’পি২৮ (COP28) সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে কাটাৰৰ আমিৰ শ্বেইখ তামিম বিন হামাদ আল-থানিৰ সৈতে মিলিত হৈ এই বিষয়ত আলোচনা কৰিছিল।ইয়াৰ পিছতে ডিচেম্বৰত মৃত্যুদণ্ডৰ নিৰ্দেশনা শিথিল কৰা হৈছিল।
এতিয়া দেশলৈ উভতি অহা নৌসেনাৰ প্ৰবীণ সৈনিকসকলে তেওঁলোকৰ মুক্তি নিশ্চিতকৰণৰ বাবে প্ৰধানমন্ত্ৰী মোদী আৰু চৰকাৰক ধন্যবাদ জনায়। তেওঁলোকৰ এজনে কয়, "আমি অতিশয় সুখী যে আমি নিৰাপদে ভাৰতলৈ উভতি আহিছোঁ। নিশ্চিতভাৱে, আমি প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনাইছোঁ, কাৰণ এয়া কেৱল তেখেতৰ ব্যক্তিগত হস্তক্ষেপৰ বাবেহে সম্ভৱ হৈছে।"

সংকটৰ সময়ত ভাৰতে নিজৰ নাগৰিকক বিদেশৰ ভূমিৰপৰা নিৰাপদে ঘৰলৈ ঘূৰাই অনা কাৰ্য্য এয়াই প্ৰথম নহয়। ভাৰতে ইয়াৰ প্ৰতিগৰাকী নাগৰিকৰ জীৱনৰ সুৰক্ষাক সদায় সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে ভাৰতৰ সকলো সম্ভাৱ্য কূটনৈতিক আৰু সামৰিক দক্ষতাৰপ্ৰয়োগেৰে ভাৰতীয় নাগৰিকক জটিল পৰিস্থিতিসমূহৰপৰা উদ্ধাৰ আৰু ঘৰলৈ অনাৰ ক্ষেত্ৰতক্ষীপ্ৰ আৰু নিৰ্ণায়ক পদক্ষেপ গ্ৰহণ কৰি আহিছে।
কেইবাগৰকীও গুৰুত্বপূৰ্ণ বিশ্ব নেতাৰ সৈতে প্ৰধানমন্ত্ৰীৰ ঘনিষ্ঠ সম্পৰ্ক আৰু ভাৰতৰ ক্ৰমবৰ্ধমান আন্তঃৰাষ্ট্ৰীয় মৰ্য্যাদা সংঘাতময় অঞ্চলৰপৰা হাজাৰ-হাজাৰ ভাৰতীয়ক নিৰাপদে ঘৰলৈ অনাৰ ক্ষেত্ৰত সহায়ক হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সৰ্থেবাৰী আৰক্ষীৰ বৃহৎ সফলতা; জালত পৰিল গভাইত চোৰৰ চক্ৰ, বুজন পৰিমাণৰ কাঁহৰ বাচন-বৰ্তন উদ্ধাৰ
কোনে তুলি ল’ব এইবাৰৰ বিশ্বকাপ? বিশ্বজুৰি অন্তহীন জল্পনা-কল্পনা
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
অসমৰ শ্ৰমিক শক্তিত থলুৱাৰ উপস্থিতি নগণ্য: উদ্বেগজনক তথ্য পোহৰলৈ
গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ৰাজ্যিক জল সম্পদ মূল্যায়ন খচৰা পুনৰীক্ষণ কৰ্মশালা
Advertisement