--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : দীঘলীয়া উৎকণ্ঠাৰ পাছত আজি প্ৰতিষ্ঠা হ’ল বিজেপি মিত্ৰজোঁটৰ চৰকাৰ। নতুন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত শপত ল’লে নতুন মন্ত্ৰীসভাৰ সদস্যসকলে। এক বৰ্ণিল ৰাজনৈতিক পৰিক্ৰমা অতিক্ৰম কৰি আহি ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰীৰূপে শপত লোৱাৰ পাছতে আন এক কৃতিত্বৰ অধিকাৰী হ’ল ডঃ হিমন্ত বিশ্ব শৰ্মা।

আৰু পঢ়িব পাৰিব :   বিলাসীপাৰাত মৃতদেহ উদ্ধাৰঃ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ

আজি দিনৰ ১২ বজাত তেওঁ শপতগ্ৰহণ কৰিলে। ৰাজ্যপালে বিধি অনুসৰি শপত বাক্য পাঠ কৰোঁৱালে অসমৰ নতুন মুখ্যমন্ত্ৰীগৰাকীক। পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী হিচাপে নতুন চৰকাৰৰ নেতৃত্ব বহন কৰিলে ডঃ হিমন্ত বিশ্ব শৰ্মাই। জাতীয় সাজ-পাৰ পৰিধানেৰে অসমীয়াত শপত লোৱাৰ পাছত তেওঁক ফুলৰ থোপাৰে আদৰণি জনায় ৰাজ্যপালে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ শৰ্মাৰ লগতে আন কেইবাগৰাকীও মন্ত্ৰীয়ে আজি শপত গ্ৰহণ কৰে।

আৰু পঢ়িব পাৰিব :    অসমৰ নতুন মুখ্যমন্ত্ৰী : শাসনৰ বাঘজৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতলৈ

তেওঁলোকৰ ভিতৰচ আছে বিজেপিৰ সভাপতি ৰঞ্জিৎ কুমাৰ দাস, অগপৰ সভাপতি তথা পূৰ্বৰ চৰকাৰৰো মন্ত্ৰী অতুল বৰা, ইউপিপিএলৰ ইউ জি ব্ৰহ্ম, পূৰ্বৰ চৰকাৰৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, পূৰ্বৰ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অগপৰ কাৰ্যকৰী সভাপতি তথা পূৰ্বৰ চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত আদিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ