--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : দীঘলীয়া উৎকণ্ঠাৰ পাছত আজি প্ৰতিষ্ঠা হ’ল বিজেপি মিত্ৰজোঁটৰ চৰকাৰ। নতুন মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত শপত ল’লে নতুন মন্ত্ৰীসভাৰ সদস্যসকলে। এক বৰ্ণিল ৰাজনৈতিক পৰিক্ৰমা অতিক্ৰম কৰি আহি ৰাজ্যৰ নতুন মুখ্যমন্ত্ৰীৰূপে শপত লোৱাৰ পাছতে আন এক কৃতিত্বৰ অধিকাৰী হ’ল ডঃ হিমন্ত বিশ্ব শৰ্মা।

আৰু পঢ়িব পাৰিব :   বিলাসীপাৰাত মৃতদেহ উদ্ধাৰঃ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ

আজি দিনৰ ১২ বজাত তেওঁ শপতগ্ৰহণ কৰিলে। ৰাজ্যপালে বিধি অনুসৰি শপত বাক্য পাঠ কৰোঁৱালে অসমৰ নতুন মুখ্যমন্ত্ৰীগৰাকীক। পূৰ্বৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উত্তৰসূৰী হিচাপে নতুন চৰকাৰৰ নেতৃত্ব বহন কৰিলে ডঃ হিমন্ত বিশ্ব শৰ্মাই। জাতীয় সাজ-পাৰ পৰিধানেৰে অসমীয়াত শপত লোৱাৰ পাছত তেওঁক ফুলৰ থোপাৰে আদৰণি জনায় ৰাজ্যপালে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ শৰ্মাৰ লগতে আন কেইবাগৰাকীও মন্ত্ৰীয়ে আজি শপত গ্ৰহণ কৰে।

আৰু পঢ়িব পাৰিব :    অসমৰ নতুন মুখ্যমন্ত্ৰী : শাসনৰ বাঘজৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতলৈ

তেওঁলোকৰ ভিতৰচ আছে বিজেপিৰ সভাপতি ৰঞ্জিৎ কুমাৰ দাস, অগপৰ সভাপতি তথা পূৰ্বৰ চৰকাৰৰো মন্ত্ৰী অতুল বৰা, ইউপিপিএলৰ ইউ জি ব্ৰহ্ম, পূৰ্বৰ চৰকাৰৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্য, পূৰ্বৰ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, অগপৰ কাৰ্যকৰী সভাপতি তথা পূৰ্বৰ চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত আদিয়ে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু