--°C
Loading...
Advertisement
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ভাৰতত কৰ’না-সর্বনাশৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীক দোষাৰোপ কৰিছিল অষ্ট্ৰেলিয়া, ফ্রান্স কিংবা আমেৰিকাৰ ভালেকেইটা সংবাদ মাধ্যমে। এইবাৰ সৰব হৈ পৰিছে প্ৰখ্যাত মেডিকেল জার্নেল 'দ্য ল্যানছেট'-এ।সম্প্রতি প্রকাশিত সম্পাদকীয় পঢ়ি বহুতে কৈছে, উত্তৰ স্বাধীনতাৰ পাছত আন্তর্জাতিক মঞ্চত এনেদৰে কেতিয়াও অপদস্থ হোৱা নাছিল ভাৰতবৰ্ষ। প্রথম অনুচ্ছেদত ল্যানছেটে উল্লেখ কৰিছে যে- 'ভয়ংকৰ এই কৰ'নাৰ সংক্রমণ ৰোধ কৰাৰ পৰিৱৰ্তে সমালোচনাৰ টুইট মচিবলৈহে আগ্রহ প্ৰকাশ কৰিছে মোদী চৰকাৰে।'দেশবাসীৰ প্রতি কেন্দ্ৰৰ এই মনোভাব ক্ষমাৰ অযোগ্য'- বুলিও মন্তব্য কৰিছে তেওঁলোকে। এই সংকটৰ পৰা মুক্তিৰ উপায় কি? ল্যানছেটৰ মন্তব্য-'মোদীৰ প্রশাসনে নিজে এই ভুল স্বীকাৰ কৰাৰ লগতে ইয়াৰ শুধৰণি নকৰিলে কৰিবলগীয়া একো নাই।'

আৰু পঢ়িব পাৰিব : অসম-ত্ৰিপুৰা সীমান্তত জব্দ কেইবালাখ টকাৰ ফেনচিডিল

এপিনে দিল্লীত কৃষক আন্দোলন, আনফালে চাৰি ৰাজ্য তথা এটি কেন্দ্ৰীয় শাসিত অঞ্চলত ভোট! মাজতে আকৌ হৰিদ্বাৰত অনুষ্ঠিত কুম্ভমেলাত লক্ষ লক্ষ পূণ্যার্থীৰ সমাৱেশ। অনস্বীকাৰ্য যে- এই সময়ৰ পৰাই কিন্তু দেশত কৰ'না সংক্ৰমণৰ গ্রাফ ঊৰ্ধ্বমুখী হোৱা পৰিলক্ষিত হৈছিল। প্রায়বোৰ বিৰোধী দলৰ লগতে মাদ্রাজ হাইক’র্টেও ইয়াৰ বাবে কাঠগড়াত তোলে নির্বাচন কমিছন তথা নৰেন্দ্ৰ মোদীক।
ল্যানছেটে ভাৰতৰ এই ভয়াৱহ পৰিস্থিতিৰ বাবে সমস্ত দোষ মোদীৰ ওপৰত জাপি দিয়াৰ সনান্তৰালকৈ দেশত এতিয়া দৈনিক সংক্রমণ হৈছে ৪ লক্ষাধিক লোক। বিগত বছৰৰ পৰা আৰম্ভ কৰি চৰকাৰী তথ্য অনুসৰি এতিয়ালৈকে ক'ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হৈছে ২ লাখ ৩৮ হাজাৰ লোকৰ। ল্যানছেটত প্রকাশিত সম্পাদকীয়ত দাবী কৰা হৈছে যে- '১ আগষ্টৰ মাজভাগত দেশত কৰ'নাত মৃতকৰ সংখ্যা ১০ লাখৰ দিশে অগ্ৰসৰ হ’ব। এইক্ষেত্রত এই 'জাতীয় বিপর্যয়' মাতি অনাৰ বাবে দ্বায়িত্ব ল’ব লাগিব নৰেন্দ্ৰ মোদীয়েই।

আৰু পঢ়িব পাৰিব : অসমৰ নতুন মুখ্যমন্ত্ৰী : শাসনৰ বাঘজৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতলৈ

ল্যানছেটে লিখেছে, 'চিকিৎসালয়ত বিচনা নাই। গণচিতা জ্বলিছে শ্মশানত।বিধ্বস্ত দেশৰ স্বাস্থ্যকর্মী। ভাৰতৰ এই দুর্যোগ স্বচক্ষে সঁচাকৈ চাব নোৱাৰি।'অথচ সংক্রমণ নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব বুলি জানিও ধর্মীয় বা ৰাজনৈতিক সমাগমৰ অনুমতি দিয়া হৈছিল কিয় বুলি- প্রশ্ন উখাপন কৰিছে মেডিক্যাল জার্নালখনে। সম্পাদকীয়ত আৰু লিখা হৈছে, 'দ্বিতীয় ঢৌৰ আভাস থকা সত্ত্বেও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল ভাৰত চৰকাৰে। বৰঞ্চ মার্চ মাহত যেতিয়া সংক্ৰমণ তীব্ৰতৰ হৈ পৰিল তেতিয়াও, ভাৰতৰ স্বাস্থ্যমন্ত্রীয়ে দাবি কৰিছিল যে-কৰ’নাৰ বিৰুদ্ধে ভাৰত এতিয়া জয়ৰ পথত! অথচ সেই সময়ত -আইচিএমআৰৰ চার্ভেত প্ৰকাশ হৈছিল যে, দেশবাসীৰ মাত্র ২১শতাংশৰ শৰীৰত এণ্টিবডী তৈয়াৰ হৈছে।'


FOLLOW US F
POPULAR
FEATURE
TRENDY
সুযোগ পায়ো কিয় বিশ্বকাপলৈ যোৱা নাছিল ভাৰত?
মুম্বাই আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ ‘হৰিনাৰায়ণ’
১৯০টালৈ বৃদ্ধি ভাৰতৰ পাৰমাণৱিক বোমা; ৫৪২০টা পাৰমাণৱিক বোমাৰে শীৰ্ষস্থানত ৰাছিয়া
ফুটবল জ্বৰত আক্ৰান্ত ডিফু! পুতুল বৰাৰ বাসগৃহত এইবাৰো চলিছে বিশেষ আয়োজন
ইণ্ডিয়া মর্চাই গ্রহণ কৰিলে পাঁচদফীয়া কর্মসূচী
বিশ্বকাপৰ মেচ খেলিয়েই আমেৰিকা এৰিব লাগিব ইৰানে
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement