--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ভাৰতত কৰ’না-সর্বনাশৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীক দোষাৰোপ কৰিছিল অষ্ট্ৰেলিয়া, ফ্রান্স কিংবা আমেৰিকাৰ ভালেকেইটা সংবাদ মাধ্যমে। এইবাৰ সৰব হৈ পৰিছে প্ৰখ্যাত মেডিকেল জার্নেল 'দ্য ল্যানছেট'-এ।সম্প্রতি প্রকাশিত সম্পাদকীয় পঢ়ি বহুতে কৈছে, উত্তৰ স্বাধীনতাৰ পাছত আন্তর্জাতিক মঞ্চত এনেদৰে কেতিয়াও অপদস্থ হোৱা নাছিল ভাৰতবৰ্ষ। প্রথম অনুচ্ছেদত ল্যানছেটে উল্লেখ কৰিছে যে- 'ভয়ংকৰ এই কৰ'নাৰ সংক্রমণ ৰোধ কৰাৰ পৰিৱৰ্তে সমালোচনাৰ টুইট মচিবলৈহে আগ্রহ প্ৰকাশ কৰিছে মোদী চৰকাৰে।'দেশবাসীৰ প্রতি কেন্দ্ৰৰ এই মনোভাব ক্ষমাৰ অযোগ্য'- বুলিও মন্তব্য কৰিছে তেওঁলোকে। এই সংকটৰ পৰা মুক্তিৰ উপায় কি? ল্যানছেটৰ মন্তব্য-'মোদীৰ প্রশাসনে নিজে এই ভুল স্বীকাৰ কৰাৰ লগতে ইয়াৰ শুধৰণি নকৰিলে কৰিবলগীয়া একো নাই।'

আৰু পঢ়িব পাৰিব : অসম-ত্ৰিপুৰা সীমান্তত জব্দ কেইবালাখ টকাৰ ফেনচিডিল

এপিনে দিল্লীত কৃষক আন্দোলন, আনফালে চাৰি ৰাজ্য তথা এটি কেন্দ্ৰীয় শাসিত অঞ্চলত ভোট! মাজতে আকৌ হৰিদ্বাৰত অনুষ্ঠিত কুম্ভমেলাত লক্ষ লক্ষ পূণ্যার্থীৰ সমাৱেশ। অনস্বীকাৰ্য যে- এই সময়ৰ পৰাই কিন্তু দেশত কৰ'না সংক্ৰমণৰ গ্রাফ ঊৰ্ধ্বমুখী হোৱা পৰিলক্ষিত হৈছিল। প্রায়বোৰ বিৰোধী দলৰ লগতে মাদ্রাজ হাইক’র্টেও ইয়াৰ বাবে কাঠগড়াত তোলে নির্বাচন কমিছন তথা নৰেন্দ্ৰ মোদীক।
ল্যানছেটে ভাৰতৰ এই ভয়াৱহ পৰিস্থিতিৰ বাবে সমস্ত দোষ মোদীৰ ওপৰত জাপি দিয়াৰ সনান্তৰালকৈ দেশত এতিয়া দৈনিক সংক্রমণ হৈছে ৪ লক্ষাধিক লোক। বিগত বছৰৰ পৰা আৰম্ভ কৰি চৰকাৰী তথ্য অনুসৰি এতিয়ালৈকে ক'ভিড-১৯ত আক্ৰান্ত হৈ মৃত্যু হৈছে ২ লাখ ৩৮ হাজাৰ লোকৰ। ল্যানছেটত প্রকাশিত সম্পাদকীয়ত দাবী কৰা হৈছে যে- '১ আগষ্টৰ মাজভাগত দেশত কৰ'নাত মৃতকৰ সংখ্যা ১০ লাখৰ দিশে অগ্ৰসৰ হ’ব। এইক্ষেত্রত এই 'জাতীয় বিপর্যয়' মাতি অনাৰ বাবে দ্বায়িত্ব ল’ব লাগিব নৰেন্দ্ৰ মোদীয়েই।

আৰু পঢ়িব পাৰিব : অসমৰ নতুন মুখ্যমন্ত্ৰী : শাসনৰ বাঘজৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ হাতলৈ

ল্যানছেটে লিখেছে, 'চিকিৎসালয়ত বিচনা নাই। গণচিতা জ্বলিছে শ্মশানত।বিধ্বস্ত দেশৰ স্বাস্থ্যকর্মী। ভাৰতৰ এই দুর্যোগ স্বচক্ষে সঁচাকৈ চাব নোৱাৰি।'অথচ সংক্রমণ নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব বুলি জানিও ধর্মীয় বা ৰাজনৈতিক সমাগমৰ অনুমতি দিয়া হৈছিল কিয় বুলি- প্রশ্ন উখাপন কৰিছে মেডিক্যাল জার্নালখনে। সম্পাদকীয়ত আৰু লিখা হৈছে, 'দ্বিতীয় ঢৌৰ আভাস থকা সত্ত্বেও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল ভাৰত চৰকাৰে। বৰঞ্চ মার্চ মাহত যেতিয়া সংক্ৰমণ তীব্ৰতৰ হৈ পৰিল তেতিয়াও, ভাৰতৰ স্বাস্থ্যমন্ত্রীয়ে দাবি কৰিছিল যে-কৰ’নাৰ বিৰুদ্ধে ভাৰত এতিয়া জয়ৰ পথত! অথচ সেই সময়ত -আইচিএমআৰৰ চার্ভেত প্ৰকাশ হৈছিল যে, দেশবাসীৰ মাত্র ২১শতাংশৰ শৰীৰত এণ্টিবডী তৈয়াৰ হৈছে।'


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু