--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী : কিছুদিন আগলৈকে শাসকীয় বিজেপি দলে নিজৰ বিকল্পহীনতাক প্ৰতিপন্ন কৰিবলৈ এটা প্ৰশ্ন কৰি আহিছিল। মোদী নহ’লে কোন? বা মোদীৰ বিকল্প কোন? বিজেপি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যিহেতু একপ্ৰকাৰ ইটো-সিটোৰ পৰিপূৰক হৈ পৰিছিল সেয়েহে এই শক্তিশেল প্ৰয়োগৰ জৰিয়তে বিজেপিয়ে বিৰোধীক একপ্ৰকাৰ নিৰস্ত্ৰ কৰি আহিছিল, যিহেতু মোদীৰ ব্যক্তিত্বৰে মোকাবিলা কৰিব পৰা আৰু সৰ্বজন গ্ৰহণীয় এজন উমৈহতীয়া নেতা বিৰোধীয়ে ঠিয় কৰাব পৰা নাছিল। কিন্তু এতিয়া এই প্ৰশ্নৰ অৱতাৰণা কৰিবলৈ হ’লে বিজেপিয়ে হয়তো নতুনকৈ ভাবিবলগীয়া হ’ব। কিয়নো এতিয়া মোদীৰ বিকল্পৰূপে এটা নাম অঘোষিতভাৱে সন্মুখলৈ আহিছে। আৰু পৰিকল্পিতভাৱেই সেই নামটো অধিক প্ৰকট কৰি তোলাৰ চেষ্টা এতিয়া দেশজুৰি চলিছে।

সেই নামটো মমতা বেনাৰ্জীৰ বাহিৰে এই সময়ত আন কোনো হ’ব নিশ্চয় নোৱাৰে। বিগত সময়ছোৱাত দেশৰ ৰাজনীতিত ঘটা আটাইতকৈ চমৎকাৰ ঘটনাটোৱেই আছিল পশ্চিমবংগৰ বিধানসভা নিৰ্বাচন। বিজেপিয়ে সৰ্বশক্তিৰে অৱতীৰ্ণ মমতা বেনাৰ্জীৰ পৰা বংগৰ শাসন কাঢ়ি লোৱাৰ চেষ্টা কৰিছিল যদিও সেই পৰিকল্পনাত চেঁচাপানী ঢালিলে বংগৰ অগ্নিকন্যা মমতা বেনাৰ্জীয়ে। বিজেপিৰ বিশাল বাহিনীক, যাৰ নেতৃত্বত আছিল মোদী-শ্বাহৰ দুৰ্দান্ত যুঁটি, অকলেই বাধা দিয়াই নহয়, ক্ষমতাও অতি শক্তিশালীভাৱে নিজৰ হাতৰ মুঠিত ধৰি ৰাখিবলৈ সক্ষম হ’ল মমতা বেনাৰ্জীয়ে।

এই ফলাফল প্ৰকাশৰ পাছতে মমতা বেনাৰ্জীক লৈ এটা নতুন চিন্তাৰ উন্মেষ ঘটিছে। বিৰোধী শিবিৰে মমতা বেনাৰ্জীৰ দৰে এক শক্তিশালী চেহেৰা সন্মুখত লৈ আগবাঢ়িলে ২০২৪লৈ ৰাজনীতিত নতুন আলোড়ন সৃষ্টিৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। ইমান দিনে সৰ্বজন গ্ৰহণীয় এগৰাকী নেতা, এক সবল প্ৰতিবাদী কণ্ঠ আৰু এক সন্মিলিত প্ৰচেষ্টাৰ অভাৱে দেশৰ ৰাজনীতিত বিৰোধী শূন্য এটা পৰিস্থিতিৰ সৃষ্টি কৰি আহিছিল। কিন্তু সেই শূন্যতা মমতাৰ নেতৃত্বতে পূৰণ হোৱাৰ সম্ভাৱনা দেখা গৈছে। কিয়নো বংগ বিজয়েৰে বিভিন্ন সময়ত দেখুৱাই অহা নিজৰ অতি আগ্ৰাসী আৰু অনমনীয় দৃঢ়তাৰে মমতা বেনাৰ্জী একপ্ৰকাৰ প্ৰতিৰোধৰ এটা সূচকত পৰিণত হৈছে। কেন্দ্ৰৰ ওচৰত মূৰ নোদোওৱাৰ দৃঢ়তা আৰু নিজৰ স্থিতিত যিকোনো পৰিস্থিতিতে অটল থকাৰ মানসিকতাই আন সকলো নেতাৰ পৰা পৃথক কৰিছে মমতা বেনাৰ্জীক। নিজৰ এই ইমেজ লৈ নিজেও সচেতনভাৱে দিল্লী যাত্ৰাৰ কুচকাৱাজ আৰম্ভ কৰিছে মমতা বেনাৰ্জীয়ে। বিগত সময়ছোৱাত মমতা বেনাৰ্জী নেতৃত্বৰ তৃণমূলে লোৱা ভালেমান সিদ্ধান্তই দলটোৰ দীৰ্ঘকালীন পৰিকল্পনাৰ কথা স্পষ্ট কৰি দিছে।

শেহতীয়াকৈ অসমৰ দুগৰাকী নেতা কাষ চাপিছে মমতা বেনাৰ্জীৰ। এগৰাকী হৈছে অসমৰ প্ৰতিবাদী ৰাজনীতিৰ প্ৰতিভূত পৰিণত হোৱা অখিল গগৈ আৰু আনগৰাকী কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ নেত্ৰী তথা বৰাক উপত্যকাত দলটোক শক্তিশালী কৰি ৰখাৰ গুৰুত্বপূ্ৰ্ণ ভূমিকা গ্ৰহণ কৰা সুস্মিতা দেব। সুস্মিতা দেবে পোণপটীয়াকৈ তৃণমূলত যোগদান কৰাৰ বিপৰীতে অখিল গগৈয়ে মমতা বেনাৰ্জীৰে খোজত খোজ মিলাই আগবঢ়াৰ সম্ভৱনা দেখা গৈছে। অসমৰ ৰাজনীতিত এই দুই পদক্ষেপে কেনে প্ৰভাৱ পেলাব সেয়া এতিয়াই কোৱা সম্ভৱ নহয় যদি এয়া এক সুপৰিকল্পিত আৰু সুচিন্তিত সিদ্ধান্ত বুলিয়েই অভিহিত কৰিব পাৰি। অসমৰ ৰাজনীতিত অখিল গগৈয়ে এটা পৰিৱৰ্তন আনিব পাৰে বুলি অন্ততঃ এটা চাম মানুহে আশা আৰু বিশ্বাস কৰে।

তাৰ বাহিৰে আন কোনো নেতাৰ ওপৰতে অসমৰ ৰাইজে এতিয়া ভৰসা নকৰে। তদুপৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দৰে সুচতুৰ তথা বিচক্ষণ ৰাজনীতিকৰ সন্মুখত তিষ্টিব পৰাৰ দৃঢ়তা কেৱল অখিলৰ আগ্ৰাসী ৰাজনীতিতহে আছে। মমতা বেনাৰ্জীয়ে অখিলৰ কান্ধত হাত থোৱাটোৱে এটা নতুন অধ্যায় সৃষ্টিৰ বাট মুকলি কৰিব পাৰে। একেদৰে বৰাকত মমতা আৰু সুস্মিতাৰ যুটিয়ে পট পৰিৱৰ্তন ঘটোৱাৰ সম্ভাৱনা নথকা নহয়। কেৱল অসমৰে নহয়, যশোৱন্ত সিনহাৰ দৰে নেতাও মমতা বেনাৰ্জীৰ সংগ লৈছে। আন কেইবাজনো তেওঁৰ অনুৰাগী নেতাই বিৰোধী শিবিৰত থকাটো স্পষ্ট। কংগ্ৰেছৰ নিস্পৃহ আৰু নিৰুদ্বেগ মানসিকতাৰ বিপৰীতে মমতাৰ এই আগ্ৰাসন তথা সুপৰিকল্পিত নতুন পদক্ষেপে দেশৰ ৰাজনীতিত ২০২৪ পৰ্যন্ত নতুন বতাহ সৃষ্টি কৰিব পাৰে। মমতা বেনাৰ্জীয়ে নিজৰ খোজৰ চিহ্ন বিস্তাৰিত কৰাৰ জৰিয়তে ইতিমধ্যে তাৰ কুচকাৱাজ আৰম্ভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ