--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অপৰাধীৰ বাবে বিভিন্ন ধৰণৰ শাস্তিৰ বিধান আছে৷ শেহতীয়া কৈ আমেৰিকাৰ এখন আদালতে প্ৰদান কৰা ১০০ বছৰৰ কাৰাদণ্ডৰ শাস্তিৰ খবৰে সৰ্বত্ৰ চৰ্চা লাভ কৰিছে৷ অৱশ্যে ইয়াৰ পূৰ্বেও আমেৰিকা, মেক্সিকো, ব্ৰাজিল, স্পেইন, তুৰষ্কত এনেধৰণৰ দীৰ্ঘ দিনৰ কাৰদণ্ড দিয়াৰ নজিৰ আছে৷ 

প্ৰাপ্ত খবৰ অনুসৰি ২০২০ৰ থেংকচগিভিঙত নেভাদাত সংঘটিত গুলীচালনা, এজন লোকৰ হত্যা কৰা আৰু এৰিজোনাৰ কৰ্তৃপক্ষৰ সৈতে হোৱা গুলীচালনাৰ অপৰাধত লাছ ভেগাছৰ এজন ন্যায়াধীশে টেক্সাছৰ এজন লোকক ১০০ বছৰৰ কাৰাদণ্ড বিহে৷

১০০ বছৰৰ কাৰাদণ্ড লাভ কৰা ৩২ বছৰীয়া ক্রিষ্টোফাৰ মেকডনেলে হত্যা, হত্যাৰ চেষ্টা, হত্যাৰ ষড়যন্ত্র, অস্ত্ৰৰ অভিযোগ থকাৰ লগতে অবৈধভাৱে আগ্নেয়াস্ত্ৰ ৰখা আৰু  ২০টাতকৈও অধিক গুৰুতৰ অপৰাধ স্বীকাৰ কৰিছিল৷

ক্লাৰ্ক কাউন্টিৰ জিলা ন্যায়াধীশ টিয়েৰা জ’নে শুকুৰবাৰে তেওঁক নূন্যতম ১০০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে বুলি সংবাদমাধ্যমত প্ৰকাশ হৈছিল। যদি তেওঁ এই সময়লৈ জীয়াই থাকে তেন্তে তেওঁ ২১২০ চনত পেৰ’লৰ বাবে যোগ্য হ’ব৷

টেক্সাছৰ টাইলাৰৰ মেকডনেল, তেওঁৰ ভাতৃ শ্বাউন মেকডনেল(৩৪) আৰু শ্বান মেকডনেলৰ তেতিয়াৰ পত্নী কেলি লুইছো(২৯)এনে অপৰাধমূলক অভিযোগেৰে অভিযুক্ত।

আৰক্ষীৰ সূত্ৰ অনুসৰি ২০২০ চনৰ ২৬ নৱেম্বৰত তিনিজনে ১১ ঘণ্টীয়া হিংসাত্মক কাৰ্য আৰম্ভ কৰিছিল৷ লাছ ভেগাছৰ ওচৰৰ হেণ্ডাৰছনৰ এখন ষ্ট’ৰত সংঘটিত হোৱা এই গুলীচালনাত কেভিন মেণ্ডিঅ’লা জুনিয়ৰ(২২)মৃত্যু হোৱাৰ লগতে আন এজন আহত হৈছিল ৷

ইয়াৰ পিছত গোটটোৱে এৰিজোনালৈকে আগবাঢ়ি যায় আৰু অবিৰতভাৱে কেইবা ঘন্টা ধৰি গুলী চালনাৰ পাছতে তেওঁলোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ এই গোচৰতেই ক্রিষ্টোফাৰ মেকডনেলক নূন্যতম ১০০ বছৰৰ শাস্তি বিহা হয় যদিও বাকী দুজনৰ গোচৰৰ আদালতত চলি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শংখ বজোৱাৰ আছে অনেক উপকাৰিতা ! জানো আহক
শিলচৰত ভয়ংকৰ পথ দুৰ্ঘটনা , দুৰ্ঘটনাত এজনৰ মৃত্যু
বিজয়া দশমীৰ বাবে মহানগৰীৰ পথ নিৰ্দেশনা ; বিসৰ্জনৰ বাহন, অন্যান্য বাহনৰ বাবে বিশেষ নিৰ্দেশনা
গাজাৰ পৰিকল্পনাত পাকিস্তানৰ ইউ টাৰ্ণ! ১০০% সমৰ্থনৰ দাবী কৰিছিল ট্ৰাম্পে
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা