--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অপৰাধীৰ বাবে বিভিন্ন ধৰণৰ শাস্তিৰ বিধান আছে৷ শেহতীয়া কৈ আমেৰিকাৰ এখন আদালতে প্ৰদান কৰা ১০০ বছৰৰ কাৰাদণ্ডৰ শাস্তিৰ খবৰে সৰ্বত্ৰ চৰ্চা লাভ কৰিছে৷ অৱশ্যে ইয়াৰ পূৰ্বেও আমেৰিকা, মেক্সিকো, ব্ৰাজিল, স্পেইন, তুৰষ্কত এনেধৰণৰ দীৰ্ঘ দিনৰ কাৰদণ্ড দিয়াৰ নজিৰ আছে৷ 

প্ৰাপ্ত খবৰ অনুসৰি ২০২০ৰ থেংকচগিভিঙত নেভাদাত সংঘটিত গুলীচালনা, এজন লোকৰ হত্যা কৰা আৰু এৰিজোনাৰ কৰ্তৃপক্ষৰ সৈতে হোৱা গুলীচালনাৰ অপৰাধত লাছ ভেগাছৰ এজন ন্যায়াধীশে টেক্সাছৰ এজন লোকক ১০০ বছৰৰ কাৰাদণ্ড বিহে৷

১০০ বছৰৰ কাৰাদণ্ড লাভ কৰা ৩২ বছৰীয়া ক্রিষ্টোফাৰ মেকডনেলে হত্যা, হত্যাৰ চেষ্টা, হত্যাৰ ষড়যন্ত্র, অস্ত্ৰৰ অভিযোগ থকাৰ লগতে অবৈধভাৱে আগ্নেয়াস্ত্ৰ ৰখা আৰু  ২০টাতকৈও অধিক গুৰুতৰ অপৰাধ স্বীকাৰ কৰিছিল৷

ক্লাৰ্ক কাউন্টিৰ জিলা ন্যায়াধীশ টিয়েৰা জ’নে শুকুৰবাৰে তেওঁক নূন্যতম ১০০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে বুলি সংবাদমাধ্যমত প্ৰকাশ হৈছিল। যদি তেওঁ এই সময়লৈ জীয়াই থাকে তেন্তে তেওঁ ২১২০ চনত পেৰ’লৰ বাবে যোগ্য হ’ব৷

টেক্সাছৰ টাইলাৰৰ মেকডনেল, তেওঁৰ ভাতৃ শ্বাউন মেকডনেল(৩৪) আৰু শ্বান মেকডনেলৰ তেতিয়াৰ পত্নী কেলি লুইছো(২৯)এনে অপৰাধমূলক অভিযোগেৰে অভিযুক্ত।

আৰক্ষীৰ সূত্ৰ অনুসৰি ২০২০ চনৰ ২৬ নৱেম্বৰত তিনিজনে ১১ ঘণ্টীয়া হিংসাত্মক কাৰ্য আৰম্ভ কৰিছিল৷ লাছ ভেগাছৰ ওচৰৰ হেণ্ডাৰছনৰ এখন ষ্ট’ৰত সংঘটিত হোৱা এই গুলীচালনাত কেভিন মেণ্ডিঅ’লা জুনিয়ৰ(২২)মৃত্যু হোৱাৰ লগতে আন এজন আহত হৈছিল ৷

ইয়াৰ পিছত গোটটোৱে এৰিজোনালৈকে আগবাঢ়ি যায় আৰু অবিৰতভাৱে কেইবা ঘন্টা ধৰি গুলী চালনাৰ পাছতে তেওঁলোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে৷ এই গোচৰতেই ক্রিষ্টোফাৰ মেকডনেলক নূন্যতম ১০০ বছৰৰ শাস্তি বিহা হয় যদিও বাকী দুজনৰ গোচৰৰ আদালতত চলি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক