--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • জ্যোতি-বিষ্ণু কলা মন্দিৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নতুন মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায়।

ডিজিটেল ডেস্ক: অসম চৰকাৰৰ মন্ত্ৰীসভাৰ নতুন সম্প্ৰসাৰণ ঘটাই আজি ১২ গৰাকী বিধায়কে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। জ্যোতি-বিষ্ণু কলা মন্দিৰত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই নতুন মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায়।


আজি মন্ত্ৰীৰূপে শপত লোৱা বিধায়কসকল হ’ল— অশ্বিনী ৰায় সৰকাৰ, বিমল বড়া, অশোক সিংহল, বিশ্বজিৎ দৈমাৰী, জয়ন্ত মল্লবৰুৱা, কৌশিক ৰায়, কেশৱ মহন্ত, কৃষ্ণেন্দু পাল, নীলিমা দেৱী, পীযূষ হাজৰিকা, ডাঃ ৰণোজ পেগু আৰু সুশান্ত বৰগোহাঁই।


শপতগ্ৰহণ অনুষ্ঠানত ভাষাৰ এক সুন্দৰ প্ৰতিফলন দেখা পোৱা যায়। অশ্বিনী ৰায় সৰকাৰ, অশোক সিংহল আৰু বিশ্বজিৎ দৈমাৰীয়ে অসমীয়া ভাষাত শপত লোৱাৰ বিপৰীতে বিমল বড়াই সংস্কৃত ভাষাত শপত বাক্য পাঠ কৰে।


মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এইবাৰৰ মন্ত্ৰীসভাত ৫ গৰাকী নতুন মন্ত্ৰীয়ে স্থান লাভ কৰিছে। ইয়াৰে ৪ গৰাকী একেবাৰে নতুন মুখ হোৱাৰ বিপৰীতে এগৰাকী পূৰ্বৰ অধ্যক্ষ। তেওঁলোক হ’ল: ৰামেশ্বৰ তেলী, নীলিমা দেৱী, সুশান্ত বৰগোহাঁই, অশ্বিনী ৰায় সৰকাৰ, বিশ্বজিৎ দৈমাৰী (পূৰ্বৰ বিধানসভাৰ অধ্যক্ষ)।


উল্লেখ্য যে, যোৱা ১২ মে’ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰামেশ্বৰ তেলী, অজন্তা নেওগ, অতুল বৰা আৰু চৰণ বড়োৱে প্ৰথম পৰ্যায়ত শপত গ্ৰহণ কৰিছিল। আজিৰ এই নতুন ১২ গৰাকী মন্ত্ৰীৰ অন্তৰ্ভুক্তিয়ে অসম কেবিনেটৰ মুঠ মন্ত্ৰীৰ সংখ্যা (মুখ্যমন্ত্ৰীসহ) ১৭ গৰাকীলৈ বৃদ্ধি কৰিলে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক