--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • যোৱা ৯ মে'ত মুখ্যমন্ত্ৰী অধিকাৰীৰ সৈতে আন ৫গৰাকী কেবিনেট মন্ত্রীয়ে শপতগ্রহণ কৰিছিল। উক্ত ৬গৰাকী আৰু সোমবাৰৰ ৩৫গৰাকী ধৰি ৰাজ্যখনৰ মন্ত্রীসভাত এতিয়া ৪১জন মন্ত্রী হ'ল।

ডিজিটেল ডেস্ক: পশ্চিম বংগৰ শুভেন্দু অধিকাৰী নেতৃত্বাধীন মন্ত্রীসভাৰ সম্প্ৰসাৰণৰ অংশ ৰূপে ৩৫গৰাকী বিধায়কে শপত গ্রহণ কৰে। শপত গ্রহণ কৰা মন্ত্ৰীসকলৰ ভিতৰত আছে প্রখ্যাত সাংবাদিক তথা বিজেপিৰ বিধায়ক স্বপন দাশগুপ্তা, ২০২৪ চনত তৃণমূল কংগ্রেছ ত্যাগ কৰা তাপস ৰয় তথা ১৯৯১ চনৰ পৰা ২০২১ চনলৈ চি পি এমৰ সৈতে জড়িত আৰু পাছত বিজেপিত যোগদান কৰা শংকৰ ঘোষ। 


লোক ভৱনত অনুষ্ঠিত এটা অনুষ্ঠানত মুখ্যমন্ত্ৰী অধিকাৰী, মন্ত্রীসভাৰ ইতিমধ্যে শপতগ্ৰহণ কৰা মন্ত্ৰীসকল আৰু ৰাজ্য প্ৰশাসনৰ আমোলাসকলৰ উপস্থিতিত ৰাজ্যপাল আৰ এন ৰৱিয়ে মন্ত্ৰীসকলক শপত বাক্য পাঠ কৰোৱায়। বিজেপিৰ ১৩গৰাকী বিধায়কে কেবিনেট মন্ত্রীৰূপে, তিনিগৰাকীয়ে ৰাজ্য মন্ত্ৰী (স্বতন্ত্ৰ) ৰূপে আৰু ১৯গৰাকীয়ে ৰাজ্য মন্ত্ৰী ৰূপে শপতগ্ৰহণ কৰে। 


উল্লেখযোগ্য যে যোৱা ৯ মে'ত মুখ্যমন্ত্ৰী অধিকাৰীৰ সৈতে আন ৫গৰাকী কেবিনেট মন্ত্রীয়ে শপতগ্রহণ কৰিছিল। উক্ত ৬গৰাকী আৰু সোমবাৰৰ ৩৫গৰাকী ধৰি ৰাজ্যখনৰ মন্ত্রীসভাত এতিয়া ৪১জন মন্ত্রী হ'ল। ২৯৪জন বিধায়ক থকা পশ্চিম বংগ বিধানসভাত সংবিধান মতে ৪৪ গৰাকী মন্ত্রী থাকিব পাৰে। উল্লেখযোগ্য যে যোৱা ৯ মে'ত মন্ত্ৰী ৰূপে শপতগ্রহণ কৰিছিল দক্ষিণ আচানচোলৰ বিধায়িকা অগ্নিমিত্রা পালে। কালি ৰাজ্য মন্ত্ৰী আৰু ৰাজ্য মন্ত্ৰী (স্বতন্ত্র) হিচাপে শপতগ্রহণ কৰা ৫ গৰাকীকে ধৰি শুভেন্দু অধিকাৰীৰ নেতৃত্বৰ সমগ্র মন্ত্রীসভাত ৬গৰাকী মহিলা থাকিব।

উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক