--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উইম্বলডনত খেলিবলৈ সাজু হৈছে হুবাৰ্ট হাৰ্কাছ। অল ইংলেণ্ড ক্লাবত যোগদান কৰাৰ পূৰ্বে বিশ্বৰ দশম স্থানৰ টেনিছ তাৰকাগৰাকীয়ে এটা টুইটযোগে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গ’ল। ইউক্ৰেইনৰ যুদ্ধবিধ্বস্ত সকলৰ কাষত থিয় হোৱাৰ এক অসাধাৰণ সিদ্ধান্ত গ্ৰহণ কৰিছে ২৫বছৰীয়া পোলেণ্ডৰ তাৰকাগৰাকীয়ে।  হুবাৰ্ট হাৰ্কাছে কয় যে, উইম্বলডনত প্ৰতিটো এছ সমীক্ষাৰ বাবে তেওঁ ১০০ ইউৰো (ভাৰতীয় মুদ্ৰাত ৮,২৮৯,৫৪ টকা) ইউক্ৰেইনৰ ভুক্তভোগী সকললৈ আগবঢ়াব।

উইম্বলডনৰ সপ্তম ৰাউণ্ডত হাৰ্কাছে টুইট কৰি কয়, ‘ মই এটা ঘোষণা কৰিব বিচাৰো। কাইলৈ মই উইম্বলডনলৈ যাম। প্ৰতিটো এছ হিটৰ বাবে মই ১০০ ইউৰো দান কৰিম। আশাকৰোঁ মই ইউক্ৰেইনৰ জনসাধাৰণৰ কাষত থিয় দিব পাৰিম। আশাকৰোঁ মোৰ এই সামন্য সেৱাই সাময়িক সকাহ প্ৰদান কৰিব।’

উল্লেখ্য যে,  হাৰ্কাছে চলিত ছিজনত এ টি পি ট্যুৰত ৩৯ খন মেচত ৪৫২টা এছ মাৰিছে। গড়ে প্ৰতিখন মেচত ১১ তকৈ অধিক এছ মাৰিবলৈ সক্ষম হৈছে তেওঁ। ২০২১ চনত উইম্বলডনৰ স্থান লাভো কৰিছিল হাৰ্কাছে। তেওঁ ৰজাৰ ফেডাৰেৰ আৰু মেদভেদেভৰ হাতত পৰাস্ত হৈছিল। হাৰ্কাছে যোৱা বছৰ ৬ খন মেচত ৫৪ টা এছ মাৰিছিল। প্ৰথম ৰাউণ্ডত স্পেইনৰ আলেকজেণ্ড্ৰ’ ডেভিডভিচৰ বিৰুদ্ধে খেলিব হাৰ্কাছে। ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ এতিয়াও সাম কটা নাই। ৰাছিয়াৰ আগ্ৰাসনত জেলেনস্কিৰ দেশখনে যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে। ইউক্ৰেইনৰ কাষত থিয় দিছে বহু লোক।তাৰ মাজতে পোলেণ্ডৰ এইগৰাকী তাৰকাৰ প্ৰশংসনীয় পদক্ষেপে দৃষ্টি কাঢ়িছে সকলোৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ