--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উইম্বলডনত খেলিবলৈ সাজু হৈছে হুবাৰ্ট হাৰ্কাছ। অল ইংলেণ্ড ক্লাবত যোগদান কৰাৰ পূৰ্বে বিশ্বৰ দশম স্থানৰ টেনিছ তাৰকাগৰাকীয়ে এটা টুইটযোগে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা দেখিবলৈ পোৱা গ’ল। ইউক্ৰেইনৰ যুদ্ধবিধ্বস্ত সকলৰ কাষত থিয় হোৱাৰ এক অসাধাৰণ সিদ্ধান্ত গ্ৰহণ কৰিছে ২৫বছৰীয়া পোলেণ্ডৰ তাৰকাগৰাকীয়ে।  হুবাৰ্ট হাৰ্কাছে কয় যে, উইম্বলডনত প্ৰতিটো এছ সমীক্ষাৰ বাবে তেওঁ ১০০ ইউৰো (ভাৰতীয় মুদ্ৰাত ৮,২৮৯,৫৪ টকা) ইউক্ৰেইনৰ ভুক্তভোগী সকললৈ আগবঢ়াব।

উইম্বলডনৰ সপ্তম ৰাউণ্ডত হাৰ্কাছে টুইট কৰি কয়, ‘ মই এটা ঘোষণা কৰিব বিচাৰো। কাইলৈ মই উইম্বলডনলৈ যাম। প্ৰতিটো এছ হিটৰ বাবে মই ১০০ ইউৰো দান কৰিম। আশাকৰোঁ মই ইউক্ৰেইনৰ জনসাধাৰণৰ কাষত থিয় দিব পাৰিম। আশাকৰোঁ মোৰ এই সামন্য সেৱাই সাময়িক সকাহ প্ৰদান কৰিব।’

উল্লেখ্য যে,  হাৰ্কাছে চলিত ছিজনত এ টি পি ট্যুৰত ৩৯ খন মেচত ৪৫২টা এছ মাৰিছে। গড়ে প্ৰতিখন মেচত ১১ তকৈ অধিক এছ মাৰিবলৈ সক্ষম হৈছে তেওঁ। ২০২১ চনত উইম্বলডনৰ স্থান লাভো কৰিছিল হাৰ্কাছে। তেওঁ ৰজাৰ ফেডাৰেৰ আৰু মেদভেদেভৰ হাতত পৰাস্ত হৈছিল। হাৰ্কাছে যোৱা বছৰ ৬ খন মেচত ৫৪ টা এছ মাৰিছিল। প্ৰথম ৰাউণ্ডত স্পেইনৰ আলেকজেণ্ড্ৰ’ ডেভিডভিচৰ বিৰুদ্ধে খেলিব হাৰ্কাছে। ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ এতিয়াও সাম কটা নাই। ৰাছিয়াৰ আগ্ৰাসনত জেলেনস্কিৰ দেশখনে যথেষ্ট ক্ষতিৰ সন্মুখীন হৈছে। ইউক্ৰেইনৰ কাষত থিয় দিছে বহু লোক।তাৰ মাজতে পোলেণ্ডৰ এইগৰাকী তাৰকাৰ প্ৰশংসনীয় পদক্ষেপে দৃষ্টি কাঢ়িছে সকলোৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু