--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশৰ সামৰিক বাহিনীয়ে সৰ্বশক্তিৰে অৱতীৰ্ণ হৈছে সন্ত্ৰাসবাদ দমনত। চলি আছে তীব্ৰ অভিযান। কিন্তু অদমনীয় সন্ত্ৰাসবাদী। পাকিস্তানৰ অদৃশ্য সহযোগ আৰু সমৰ্থনত জম্মু-কাশ্মীৰত অব্যাহত আছে সন্ত্ৰাসবাদীৰ হত্যালীলা। সামৰিক বাহিনীৰে তুমুল সঘৰ্ষৰ সমান্তৰালকৈ সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰি গৈছে সাধাৰণ নাগৰিকৰ ওপৰতো। আজি পুনৰ দুজন সাধাৰণ নাগৰিকক গুলীয়াই হত্যা কৰে সন্ত্ৰাসবাদীয়ে।

দেওবাৰে দুজন অকাশ্মীৰী শ্ৰমিকক গুলীয়াই হত্যা কৰে সন্ত্ৰাসবাদীৰ দলে। ইয়াকে লৈ এনে বৰ্বৰ আক্ৰমণত নিহতৰ সংখ্যা বৃদ্ধি পালে ১১জনলৈ। কুলগামৰ ৱানপোহত কিছুসংখ্যক শ্ৰমিকৰ ওপৰত নিৰ্বিচাৰ আক্ৰমণ চলায় সন্ত্ৰাসবাদীয়ে। এই আক্ৰমণত আন এজন শ্ৰমিক আহতও হয়। এজন বিহাৰী ফুচকা বিক্ৰেতা আৰু এজন উত্তৰপ্ৰদেশৰ মিস্ত্ৰীক গুলীয়াই হত্যা কৰাৰ এদিনৰ পাছতে পুনৰ সংঘটিত হ’ল সাধাৰণ নাগৰিকৰ ওপৰত আক্ৰমণৰ এই ঘটনা।

কালি অৰবিন্দ কুমাৰ শ্বাহক শ্ৰীনগৰত আৰু ছাগিৰ আহমেদক পুলৱামাত গুলীয়াই হত্যা কৰিছিল সন্ত্ৰাসবাদীয়ে। সাধাৰণ নাগৰিকৰ ওপৰত সন্ত্ৰাসবাদীৰ এই বৰ্বৰ আক্ৰমণে কাশ্মীৰ উপত্যকাত আতংকৰ সৃষ্টি কৰিছে। ইফালে, সন্ত্ৰাসবাদীৰে সংঘৰ্ষত এতিয়ালৈ ৯সেনা শ্বহীদ হ’বলগীয়া হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন