--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : দেশৰ সামৰিক বাহিনীয়ে সৰ্বশক্তিৰে অৱতীৰ্ণ হৈছে সন্ত্ৰাসবাদ দমনত। চলি আছে তীব্ৰ অভিযান। কিন্তু অদমনীয় সন্ত্ৰাসবাদী। পাকিস্তানৰ অদৃশ্য সহযোগ আৰু সমৰ্থনত জম্মু-কাশ্মীৰত অব্যাহত আছে সন্ত্ৰাসবাদীৰ হত্যালীলা। সামৰিক বাহিনীৰে তুমুল সঘৰ্ষৰ সমান্তৰালকৈ সন্ত্ৰাসবাদীয়ে আক্ৰমণ কৰি গৈছে সাধাৰণ নাগৰিকৰ ওপৰতো। আজি পুনৰ দুজন সাধাৰণ নাগৰিকক গুলীয়াই হত্যা কৰে সন্ত্ৰাসবাদীয়ে।

দেওবাৰে দুজন অকাশ্মীৰী শ্ৰমিকক গুলীয়াই হত্যা কৰে সন্ত্ৰাসবাদীৰ দলে। ইয়াকে লৈ এনে বৰ্বৰ আক্ৰমণত নিহতৰ সংখ্যা বৃদ্ধি পালে ১১জনলৈ। কুলগামৰ ৱানপোহত কিছুসংখ্যক শ্ৰমিকৰ ওপৰত নিৰ্বিচাৰ আক্ৰমণ চলায় সন্ত্ৰাসবাদীয়ে। এই আক্ৰমণত আন এজন শ্ৰমিক আহতও হয়। এজন বিহাৰী ফুচকা বিক্ৰেতা আৰু এজন উত্তৰপ্ৰদেশৰ মিস্ত্ৰীক গুলীয়াই হত্যা কৰাৰ এদিনৰ পাছতে পুনৰ সংঘটিত হ’ল সাধাৰণ নাগৰিকৰ ওপৰত আক্ৰমণৰ এই ঘটনা।

কালি অৰবিন্দ কুমাৰ শ্বাহক শ্ৰীনগৰত আৰু ছাগিৰ আহমেদক পুলৱামাত গুলীয়াই হত্যা কৰিছিল সন্ত্ৰাসবাদীয়ে। সাধাৰণ নাগৰিকৰ ওপৰত সন্ত্ৰাসবাদীৰ এই বৰ্বৰ আক্ৰমণে কাশ্মীৰ উপত্যকাত আতংকৰ সৃষ্টি কৰিছে। ইফালে, সন্ত্ৰাসবাদীৰে সংঘৰ্ষত এতিয়ালৈ ৯সেনা শ্বহীদ হ’বলগীয়া হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক