--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আজিৰে পৰা অৰ্থাৎ ১৮ অক্টোবৰৰ পৰা ১০০ শতাংশ যাত্ৰীৰে চলিব সকলো ঘৰুৱা বিমান। অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে আজিৰে পৰা ঘৰুৱা বিমানসমূহ ১০০ শতাংশ যাত্ৰীৰে চলাচলৰ অনুমতি প্ৰদান কৰিছে৷ ভাৰতত ক'ৰ'না ভাইৰাছৰ আক্ৰান্তৰ সংখ্যা ক্ৰমাৎ হ্ৰাস পোৱাৰ পিছতে কেন্দ্ৰীয় চৰকাৰে বিমানসমূহৰ ক্ষেত্ৰত থকা প্ৰতিবন্ধকতা উঠাই লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। আজিৰে পৰা সম্পূৰ্ণ ক্ষমতাৰ সৈতে বিমানসমূহ চলাচল কৰিব।

অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে সদৰী কৰা অনুসৰি ১৮ অক্টোবৰৰ পৰা ঘৰুৱা বিমান উৰণত যাত্ৰীসকলৰ প্ৰতি লগোৱা নিষেধাজ্ঞাসমূহ উঠাই লোৱা হৈছে। কেন্দ্ৰীয় চৰকাৰে যাত্ৰীসকলক সম্পূৰ্ণ ক'ভিড প্ৰট'কল পালন কৰিবলৈ আহ্বান জনাইছে। উল্লেখ্য যে আজিৰে পৰা ১০০ শতাংশ যাত্ৰীৰে ঘৰুৱা বিমান চলা বাবে সুখী হৈ উঠিছে যাত্ৰী আৰু ঘৰুৱা বিমানৰ কৰ্তৃপক্ষ। কেন্দ্ৰীয় চৰকাৰে ২০২১ চনৰ ছেপ্টেম্বৰ মাহত ঘৰুৱা বিমানৰ যাত্ৰীৰ ক্ষমতা ৭২.৫ শতাংশৰ পৰা ৮৫ শতাংশলৈ বৃদ্ধি কৰিছিল। ইয়াৰ পূৰ্বে অসামৰিক বিমান পৰিবহণ মন্ত্ৰালয়ে জুলাই মাহত ঘৰুৱা বিমানৰ ক্ষমতা ৫০ শতাংশৰ পৰা ৬০ শতাংশলৈ বৃদ্ধি কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক