--°C
Loading...
Listen to Article
2 min read
80%

ডিজেটেল ডেস্ক : ২০০ লোকক হত্যাৰ বাবে তালিকা প্ৰস্তুত কৰিছে আইএছআই-এ। জম্মু-কাশ্মীৰৰ বাসিন্দা এইসকল লোকক হত্যা কৰাৰ বাবে পাক অধিকৃত কাশ্মীৰত কৰা হৈছে পৰিকল্পনা। ইতমধ্যে ইটোৰ পাছত সিটো আক্ৰমণেৰে জম্মু-কাশ্মীৰত পুনৰ আৰম্ভ হৈছে সন্ত্ৰাসৰ ৰাজত্ব। ধাৰাবাহিকভাৱে আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে সাধাৰণ নাগৰিকক। কেইবাজনো কাশ্মীৰী পণ্ডিত, এগৰাকী শিখ শিক্ষয়িত্ৰী, বিহাৰৰ এজন ফুচকা বিক্ৰেতা, কাশ্মীৰৰ পণ্ডিত শিক্ষক আৰু এজন কেব চালককে ধৰি বহুজন ইতিমধ্যে সন্ত্ৰাসবাদীৰ নৃশংসতাৰ বলি হৈছে।

শনিবাৰে ছাগিৰ আহমেদ নামৰ এজন উত্তৰ প্ৰদেশৰ লোকক হত্যা কৰে সন্ত্ৰাসবাদীয়ে। লোকজনে কাশ্মীৰত কাঠ মিস্ত্ৰীৰ কাম কৰি উত্তৰ প্ৰদেশত থকা পৰিয়ালটোক পোহপাল দি আছিল। পুলৱামাত শনিবাৰে তেওঁ সন্ত্ৰাসবাদীৰ নৃশংসতাৰ বলি হয়। উদ্বেগজনক কথাটো হৈছে যে, এইবোৰ একো একোটা বিক্ষিপ্ত ঘটনা নহয়। এই আক্ৰমণ পৰিকল্পিতভাৱে ৰূপায়ন কৰি থকা হৈছে বুলি চাঞ্চল্যকৰ তথ্য প্ৰকাশ পাইছে চোৰাংচোৱাৰ প্ৰতিবেদনত। ‘ইণ্ডিয়া টুডে’ত এই বিষয়ে বিতংভাৱে প্ৰকাশ পাইছে। বিগত ২১ ছেপ্টেম্বৰত পাক অধিকৃত কাশ্মীৰ অৰ্থাৎ পিঅ’কেৰ মুজাফ্ফৰবাদত এখন গোপন বৈঠক অনুষ্ঠিত হৈছিল। এই বৈঠক অনুষ্ঠিত হৈছিল পাক চোৰাংচোৱা সংস্থা আইএছআই আৰু পাকিস্তানৰ ভালেমান সন্ত্ৰাসবাদী সংগঠনৰ নেতাৰ মাজত।

এই বৈঠকতে জম্মু-কাশ্মীৰত চলাবলগীয়া সন্ত্ৰাসবাদী অভিযানৰ ৰূপৰেখা প্ৰস্তুত কৰা হৈছিল। এই তথ্য ভাৰতীয় চোৰাংচোৱা সংস্থাৰ হাতত পৰে আৰু চোৰাংচোৱা বিভাগে এই সন্দৰ্ভত সতৰ্কতাও জাৰি কৰে। সংবাদ মাধ্যমে শেহতীয়াকৈ এই তথ্য লাভ কৰিছে। জম্মু-কাশ্মীৰত ব্যাপক হত্যালীলা চলোৱাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰি সাজু কৰি তোলা হৈছিল সন্ত্ৰাসবাদীৰ এটা বৃহৎ দলক। নিৰাপত্তাবাহিনী, আৰক্ষী, চোৰাংচোৱা বাহিনীৰ সৈতে কাম কৰি থকা কাশ্মীৰী লোক আৰু কাশ্মীৰত বসবাস কৰি থকা অকাশ্মীৰী লোকসকলক আক্ৰমণৰ লক্ষ্য কৰি লৈছে আইএছআই সমৰ্থিত সন্ত্ৰাসবাদীয়ে। জম্মু-কাশ্মীৰৰ ২০০ লোকক হত্যাৰ লক্ষ্যৰে এই তালিকা প্ৰস্তুত কৰা হৈছে আৰু এই তালিকাত কাশ্মীৰী পণ্ডিতসকলৰ নাম সন্নিৱিষ্ট কৰা হৈছে।

যিসকল কাশ্মীৰী পণ্ডিতে জম্মু-কাশ্মীৰলৈ বিতাড়িত পণ্ডিতসকলক ঘূৰাই অনাৰ পক্ষপাতী তেওঁলোকক লোৱা হৈছে আক্ৰমণৰ লক্ষ্য হিচাপে। উল্লেখ্য যে, বিগত দুটা সপ্তাহতে ৮জনকৈ সাধাৰণ নাগৰিক বলি হৈছে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ। যিসকলৰ মাজত মাখন লাল ভিণ্ডৰো নামৰ কাশ্মীৰী পণ্ডিতগৰাকী তথা সুপিন্দৰ কৌৰ নামৰ চৰকাৰী স্কুলৰ শিখ প্রধান শিক্ষয়িত্ৰীগৰাকীও আছিল। ৫ অক্টোবৰত ভিণ্ডৰোসহ তিনিজনক আৰু তাৰ এদিনৰ পাছত কৌৰসহ আন এগৰাকী কাশ্মীৰী পণ্ডিত দীপৰ চান্দক হত্যা কৰে সন্ত্ৰাসবাদীয়ে। এনে আক্ৰমণৰ ধাৰবাহিকতা এতিয়াও অব্যাহত আছে।


এইকথা স্পষ্ট যে, পাকিস্তান সমৰ্থিত সন্ত্ৰাসবাদীয়েই জম্মু-কাশ্মীৰত পুনৰ হত্যালীলা আৰম্ভ কৰিছে। সাধাৰণ নাগৰিকৰ লগতে সমান্তৰালভাৱে চলিছে নিৰাপত্তা বাহিনীৰ ওপৰতো আক্ৰমণ। বিগত এসপ্তাহৰ ভিতৰতে জম্মু-কাশ্মীৰত নিহত হৈছে ৯গৰাকী সেনাবাহিনীৰ লোক। এইসকলৰ মাজত সেনা বিষয়া আৰু জোৱানো আছে। এই উচ্চ প্ৰশিক্ষিত আৰু চতুৰ সন্ত্ৰাসবাদী দলটোক বশ কৰাত এতিয়ালৈ ব্যৰ্থ হ’বলগীয়া হৈছে সেনা তথা নিৰাপত্তা বাহিনীসমূহ। ঘন অৰণ্যৰ আঁৰ লৈ লৈ আক্ৰমণ সংঘটিত কৰি গৈছে সন্ত্ৰাসবাদীৰ দলটোৱে। ইয়াৰ অর্থ এইটোৱেই যে, এই দলটোৱে জম্মু-কাশ্মীৰ ভৌগলিক তলা-নলাও জানে।


যোৱা বৃহস্পতিবাৰে নিশাৰ ভাগত পুঞ্চ-ৰজৌৰী অৰণ্য অঞ্চলত সন্ত্ৰাসবাদীৰে প্ৰচণ্ড গুলীয়াগুলীত নিহত হৈছিল সেনা বিষয়া আৰু জোৱান। এই অঞ্চলটোতে চাৰিদিনৰ আগেয়ে সন্ত্ৰাসবাদীৰ গুলীত নিহত হৈছিল ৫জনকৈ সেনা জোৱান। ইফালে, শুকুৰবাৰে ৰাইফলমেন বিক্ৰম সিং নেগী আৰু যোগম্বৰ সিঙৰ মৃতদেহ উদ্ধাৰ হৈছিল। শনিবাৰে সন্ধিয়া মেন্ধাৰ অঞ্চলৰ নাৰ খাছ অৰণ্যত উদ্ধাৰ হয় সুবেদাৰ অজয় সিং আৰু নায়েক হৰেন্দ্ৰ সিঙৰ মৃতদেহ। আনহাতে বৃহস্পতিবাৰে ভাটা ডুৰিয়ান গাঁৱৰ ওচৰৰ অৰণ্যত উগ্ৰপন্থীৰ সৈতে হোৱা ভয়ংকৰ গুলীয়াগুলীৰ পাছৰে পৰা চাৰিজন সেনাৰ সদস্য সন্ধানহীন হৈ আছিল।

সেনাই লেফটেনেণ্ট শনিবাৰে উদ্ধাৰ হোৱা মৃতদেহকেইটা চুবেদাৰ অজয় সিং আৰু নায়েক হৰেন্দ্ৰ সিঙৰ বুলি চিনাক্ত কৰিছে। মন কৰিবলগীয়া যে, ১০ অক্টোবৰৰ পৰাই একেটা সন্ত্ৰাসবাদীৰ দলে সেনাৰ ওপৰত এনে প্ৰাণঘাতী আক্ৰমণ সংঘটিত কৰি অহা বুলি প্ৰকাশ কৰিছে সেনাৰ এক সূত্ৰই। ১০ অক্টোবৰত এই সন্ত্ৰাসবাদীৰ দলটোৰ আক্ৰমণত এগৰাকী সেনা বিষয়া আৰু ৪জন জোৱান শ্বহীদ হৈছিল। পুঞ্চৰ সুৰানকোটে এলেকাৰ ডেৰা কী গলিত সংঘটিত হৈছিল এই আক্ৰমণ। সেনাই এই সন্ত্ৰাসবাদীৰ দলটোক বিগত এসপ্তাহে খেদি ফুৰিছে যদিও ঘন অৰণ্য আৰু ওখ পাহাৰৰ মাজত লুকাই পৰা সন্ত্ৰাসবাদীৰ দলটোক গ্ৰেপ্তাৰ কৰা বা নিপাত কৰাত সফল হোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক