--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : শৰীৰটো সুস্থ থাকিবলৈ যথেষ্ট টোপনিৰ প্ৰয়োজন।মানসিক স্বাস্থ্যৰ লগতে শাৰীৰিক কাৰ্য্যকলাপ সঠিকভাৱে চলিবলৈ টোপনিৰ আৱশ্যক। চিকিৎসকৰ মতে বয়স, শাৰীৰিক ক্ৰিয়া-কলাপ আৰু স্বাস্থ্যৰ প্ৰকাৰ অনুসৰি সকলোৰে বাবে ৭ৰ পৰা ৯ ঘণ্টা টোপনিৰ প্ৰয়োজন।

 ব্ৰিটেইনৰ ‘নেশ্যনেল স্লিপিং ফাউণ্ডেশ্যন’ৰ এক অধ্যয়নত উল্লেখ কৰা হৈছে যে ১৮ৰ পৰা ৬৪ বছৰ বয়সৰ লোকৰ বাবে ৭ৰ পৰা ৯ ঘণ্টা টোপনি যথেষ্ট। কিন্তু যিসকলৰ ৯ ঘন্টাতকৈ অধিক শোৱাৰ অভ্যাস আছে, তেওঁলোকৰ ৰোগ হোৱাৰ সম্ভাৱনা অতি বেছি।

 ১) হতাশা

পুৱা টোপনিৰ পৰা সাৰ পালে শৰীৰত বা মনত সতেজতাৰ অনুভৱ হয়। অত্যধিক টোপনিৰ পাছত উঠিলে এলেহুৱা অনুভৱ হয়, মনত কোনো কামৰ বাবে উৎসাহ নাথাকে।

 ২) প্ৰজনন ক্ষমতা হ্ৰাস

দীৰ্ঘ সময় ধৰি শুলে বা শাৰীৰিক ক্ৰিয়া-কলাপ প্ৰায়ে কমি যোৱাৰ ফলত পুৰুষ আৰু মহিলা উভয়ৰে প্ৰজনন ক্ষমতাত প্ৰভাৱ পৰে। যদি আপুনি শাৰীৰিকভাৱে সুস্থ নহয় তেন্তে প্ৰজননত সহায় কৰা হৰম’নৰ ভাৰসাম্যও বিঘ্নিত হয়।

 ৩) মেদবহুলতা-

বেছিকৈ শুলে ওজন বৃদ্ধিৰ বিপদ সম্পূৰ্ণৰূপে উলাই কৰিব নোৱাৰি। ওজন বৃদ্ধিৰ লগত জড়িত সকলো ৰোগো টোপনিৰ লগে লগে বৃদ্ধি পায়।

 ৪) হৃদযন্ত্ৰৰ সমস্যা-

দিনটোৰ বেছিভাগ সময় শুলে। শাৰীৰিক স্বাস্থ্য বজাই ৰাখিবলৈ দৈনিক ইমান শাৰীৰিক ব্যায়াম নকৰিলে হৃদযন্ত্ৰৰ সমস্যা হ’ব। কেৱল সেয়াই নহয়, টোপনিৰ পৰিমাণে তেজত এনে সকলো বিঘিনি ঘটাব পাৰে, যাৰ ফলত হৃদযন্ত্ৰৰ সমস্যা বৃদ্ধি পাব পাৰে।

 ৫) তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি-

তেজত শৰ্কৰা মাত্ৰা বৃদ্ধি হোৱাটো নিৰ্ভৰ কৰে এজন ব্যক্তিৰ জীৱন-যাপনৰ ধৰণৰ ওপৰত। কাৰণ গোটেই দিনটো তেওঁৰ খাদ্য গ্ৰহণ, কাম, ব্যায়ামে সেই ব্যক্তিজনৰ বিপাকীয় ক্ৰিয়াত প্ৰভাৱ পেলায়। যদি আপুনি দিনটোৰ বেছিভাগ সময় শুই থাকে, তেন্তে তেজত শৰ্কৰাৰ মাত্ৰা বৃদ্ধি পোৱাৰ সম্ভাৱনা অধিক।







FOLLOW US F
POPULAR
FEATURE
TRENDY
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
অনলাইন লটাৰীৰ প্ৰলোভন! দেৰগাঁৱৰ এগৰাকী সচেতন ব্যক্তিৰ সজাগতাত ফাদিল প্ৰৱঞ্চনাৰ জাল
পুৱা খালী ভৰিৰে ঘাঁহত খোজ কাঢ়িলে আপুনি পাব শাৰীৰিক আৰু মানসিক লাভালাভ
ডিব্ৰুগড়ত পাৰিবাৰিক কন্দলৰ ভয়ংকৰ পৰিণতি! শহুৰেকৰ দাৰ ঘাপত গুৰুতৰভাৱে আহত বোৱাৰী
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান