--°C
Loading...
Listen to Article
2 min read
80%

লক্ষ্ণৌঃ উৰ্দু কবি মুনাৱাৰ ৰাণাই তালিবানক ৰামায়ণৰ লেখক ঋষি বাল্মীকিৰ সৈতে তুলনা কৰিছে। এক সাক্ষাৎকাৰত সংবাদ মাধ্যমক আগত তেওঁ সদৰী কৰে যে, ‘ৰামায়ণ লেখাৰ পাছত বাল্মীকি ঈশ্বৰ হৈ পৰিছিল। কিন্তু ইয়াৰ পূৰ্বে তেওঁ এজন ডকাইত আছিল। গতিকে, সামগ্ৰিকভাৱে এজন মানুহৰ চৰিত্ৰৰ সলনি হ'ব পাৰে। একেদৰে, তালিবানসকল বৰ্তমান উগ্ৰপন্থী হ'লেও,পৰৱৰ্তী সময়ত তেওঁলোকৰ চৰিত্ৰৰ সলনি হ'ব পাৰে!‘


উল্লেখ্য যে, এইবাৰেই প্রথম নহয় ইয়াৰ পূৰ্বেও কবিগৰাকীয়ে তালিবানৰ সমৰ্থনত মন্তব্য প্ৰদান কৰিছিল। ভাৰতৰে-আফগানিস্তানৰ সম্পৰ্কৰ প্ৰবোধ দিয়াই তেওঁ সদৰী কৰিছিল যে, ‘তালিবানীক ভয় কৰাৰ কোনো কাৰণ নাই। তেওঁলোক সন্ত্রাসবাদী নহয়। ভাৰতৰ কোনোধৰণৰ ক্ষতি আফগানিস্তানে কৰা নাই। গতিকে, ভাৰতে আফগানিস্তান তথা তালিবানৰ প্ৰসংগত উদ্বিগ্ন হোৱাৰ কিম্বা আতংকিত হোৱাৰ প্ৰশ্নই নুঠে।‘


এই মন্তব্যৰ পাছতে তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে উৰ্দু কবিগৰাকী। জানিবলৈ পোৱা মতে, ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ বাবে তেওঁৰ নামত এজাহাৰো দাখিল কৰিছে সচেতন মহলে। লক্ষ্ণৌৰ হজৰতগঞ্জ আৰক্ষী থানাত তেওঁৰ বিৰুদ্ধে ১৫৩এ, ২৯৫এ আৰু ৫০৫(১) (বি) ধাৰাৰ অধীনত এটা গোচৰো ৰুজু কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ