--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ হিন্দুসকলৰ বাবে ৰুদ্ৰাক্ষৰ বিশেষ গুৰুত্ব আছে। ৰুদ্ৰাক্ষক অতি পবিত্ৰ বুলি গণ্য কৰা হয়। ৰুদ্ৰাক্ষক শিৱৰ চকু বুলি মান্যতা প্ৰদান কৰি অহা হৈছে। ইয়াৰ গুণগত মান প্ৰচুৰ। ৰুদ্ৰাক্ষৰ বিভিন্ন প্ৰকাৰ আছে। প্ৰত্যেকৰে গুৰুত্ব বেলেগ বেলেগ।প্ৰত্যেকৰে বিভিন্ন সুবিধা আছে। ৰুদ্ৰাক্ষৰ বহু মুখ আছে। ইয়াৰ ভিতৰত বাৰমুখী ৰুদ্ৰাক্ষ অতি বিশেষ। 

যিজনে বাৰমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰে, তেওঁক সূৰ্য্যৰ দ্বাৰা আশীৰ্বাদ পোৱা বুলি কোৱা হয়। যিজনে এই ৰুদ্ৰাক্ষ পিন্ধে তেওঁ নাম, সফলতা, খ্যাতি, সফলতা, ধন-সম্পত্তি, প্ৰভাৱ, ক্ষমতা প্ৰায় সকলো লাভ কৰে। এই ৰুদ্ৰাক্ষ ধাৰণ ৰাখিলে মনটো সুখী হৈ থাকে। তেওঁ জীৱনক লৈ বৰ আশাবাদী হৈ পৰে। বাৰমুখী ৰুদ্ৰাক্ষই শৰীৰক বিভিন্ন গুৰুতৰ ৰোগৰ পৰা ৰক্ষা কৰে, শৰীৰত বিশেষ ৰোগ প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলে।

এই ৰুদ্ৰাক্ষই  কি কি ৰোগ প্ৰতিহত কৰিব পাৰে জানি লওক

১ চকুৰ সমস্যা দূৰ কৰে, বিশেষকৈ সোঁ চকুত কিবা সমস্যা হ’লে বাৰমুখী ৰুদ্ৰাক্ষ বিশেষভাৱে উপকাৰী।

২ হাড়ৰ সমস্যা ৰোধ কৰে।

৩ আৱেগিক উত্তেজনা বা উদ্বেগ দূৰ কৰে।

৪ হৃদযন্ত্ৰৰ সমস্যা দূৰত ৰাখে।

৫ সকলো অংগক বিশেষ শক্তি আৰু ক্ষমতা প্ৰদান কৰে।

বাৰমুখী ৰুদ্ৰাক্ষক কেনেকৈ ধাৰণ কৰিব?

১) সোমবাৰে সূৰ্য্য উদয়ৰ আগতে উঠি গায়ত্ৰী মন্ত্ৰ জপ কৰক।

২)ৰুদ্ৰাক্ষক ৰঙা সূতাৰে ওলোমাই দিব লাগে।

৩) ৰুদ্ৰাক্ষক ৰূপ বা সোণেৰে ক’ভাৰ কৰিব লাগে।

৪) এই ৰুদ্ৰাক্ষক ডিঙিত ধাৰণ কৰিব লাগে।

সাধাৰণ মানুহৰ পৰা আৰম্ভ কৰি ৰাজনীতিবিদ, প্ৰশাসক, ব্যৱসায়ীলৈ এই ৰুদ্ৰাক্ষ সকলোৰে বাবে অতি ফলপ্ৰসূ। বাৰমুখী ৰুদ্ৰাক্ষই ইয়াৰ পৰিধানকাৰীক শক্তি আৰু সাহস প্ৰদান কৰে, যাৰ ফলত তেওঁ নিৰ্ভীক হৈ পৰে। মানুহ ভয় কৰা পৰিস্থিতিত এই ৰুদ্ৰাক্ষই সাহস দিয়ে।

নেপাল আৰু জাভাৰ পৰা অহা ৰুদ্ৰাক্ষক সাধাৰণতে উচ্চ আৰু অধিক শক্তিশালী বুলি গণ্য কৰা হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
সিদ্ধার্থই ছিংগাপুৰৰ তাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
ফাষ্ট ট্রেক আদালতত হ'ব লাগে বিচাৰঃ গৰিমা শইকীয়া গাৰ্গ
অক্টোবৰত হ'ব বৃহৎ নিযুক্তি পর্ব, মুখ্যমন্ত্ৰীৰ ঘোষণা
বেদনাবিহ্বল ৰাজ্যত দুর্গোৎসৱ
শ্ৰী শ্ৰী উগ্ৰতাৰা দেৱালয়ত জুবিনলৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন
শ্যামকানুৰ বিৰুদ্ধে নিজাববীয়া গোচৰ চি আই ডিৰ
বি টি চিত চমক সৃষ্টি কৰি ৰাজ্যপাল, মুখ্যমন্ত্ৰীক সাক্ষাৎ হাগ্ৰামাৰ
আন্দামানৰ অগভীৰ অফশ্ব'ৰ ব্লকত অইলৰ প্ৰাকৃতিক গেছৰ সন্ধান
আজি মহা অষ্টমী, ঢাক–ঢোলৰ শব্দৰে মুখৰিত ৰাজ্যৰ আকাশ–বতাহ
অৱশেষত শ্যামকানু মহন্ত-সিদ্ধাৰ্থ শৰ্মাৰ হাতত লাগিল হেণ্ডকাফ