--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আয়াৰলেণ্ডৰ বিৰুদ্ধে আগন্তুক টি-২০ শৃংখলাৰ বাবে ভাৰতৰ অধিনায়ক হিচাপে নিৰ্বাচিত হৈছে হার্দিক পাণ্ডিয়া৷ বুধবাৰে আয়াৰলেণ্ডৰ হৈ হাৰ্ডিকক অধিনায়ক হিচাপে লৈ নিৰ্বাচকসকলে ১৬ জনীয়া এটা দল বাছনি কৰে। বিগত ১২ মাহত ভাৰতে ৬ গৰাকী টি-২০ অধিনায়কক পৰীক্ষা কৰিছে। সমুখত টি-২০ বিশ্বকাপ! আইচিচিৰ শ্ব’ পিছ ইভেণ্টত ভাৰতে অষ্ট্ৰেলিয়াৰ মাটিত খেলিব। কে এল ৰাহুলৰ পৰিৱৰ্তে প্ৰটিয়াছৰ বিৰুদ্ধে অধিনায়কত্বৰ দায়িত্ব লৈছে ঋষভ পণ্টে। হাৰ্ডিক তেওঁৰ সহযোগী। আয়াৰলেণ্ড ভ্ৰমণলৈ অনিচ্ছা প্ৰকাশ কৰা হেতুকে এইবাৰ ভাৰতীয় দলটোক নেতৃত্ব দিব হাৰ্দিক পাণ্ডিয়াই।


বিগত বৰ্ষত শিখৰ ধৱনৰ নেতৃত্বত ভাৰতে ইংলেণ্ড আৰু শ্ৰীলংকা ভ্ৰমণলৈ গৈছিল। টি-২০ শৃংখলাত ২-১ৰ ব্যৱধানত পৰাস্ত হৈছিল ধাৱানৰ ভাৰত। একে সময়তে অধিনায়ক হোৱাৰ পাছত ধাৱানৰ জাতীয় দলৰ দুৱাৰ বন্ধ হৈ পৰে৷ প্ৰশ্ন উত্থাপন হয় কেৰিয়াৰক লৈ।


ইফালে বিগত বৰ্ষত বিৰাট কোহলীৰ অধীনত ভাৰতে টি-২০ বিশ্বকাপ খেলিছিল। ইউ এ ইত পাকিস্তান আৰু নিউজিলেণ্ডৰ হাতত পৰাস্ত হৈছিল কোহলীৰ ভাৰত। টি-২০ বিশ্বকাপত দলটোৰ প্ৰদৰ্শনৰ বাবে ভাৰতে কোহলীৰ পৰা অধিনায়কত্ব কাঢ়ি লৈছিল।


বিৰাট কোহলীৰ স্থান লৈছিল ৰোহিত শৰ্মাই। তিনিটা ফৰ্মেটত ভাৰতৰ অধিনায়ক হৈ পৰে হিটমেন ৰোহিত। ৰোহিতৰ নেতৃত্বত এতিয়ালৈকে ভাৰতে ভাল প্ৰদৰ্শন কৰিছে। দলটোৱে ৱেষ্ট ইণ্ডিজ, নিউজিলেণ্ড আৰু শ্ৰীলংকাক হোৱাইট ৱাশ্ব কৰে। ৰোহিতৰ অধিনায়কত্বত ভাৰতে এখনো টি-২০ মেচত পৰাস্ত হোৱা নাই। 


আঘাতৰ বাবে ৰোহিত দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ পৰা বাহিৰ হোৱাৰ পিছতে তিনিখন এদিনীয়া খেলৰ অধিনায়ক হিচাপে নিৰ্বাচিত হৈছিল কে এল ৰাহুল। নিজৰ ঘৰুৱা খেলপথাৰত প্ৰটিয়াছ বাহিনীয়ে ৰাহুল বাহিনীক পৰাস্ত কৰে। যদিও বেটছমেন হিচাপে ৰাহুলে ভাল প্ৰদৰ্শন কৰে। চলি থকা ভাৰত-দক্ষিণ আফ্ৰিকাৰ পাঁচখন মেচৰ টি-২০ শৃংখলাৰ অধিনায়ক হিচাপে নিৰ্বাচিত হৈছিল ৰাহুলে। কিন্তু আঘাতৰ বাবে ৰাহুল বাহিৰ হোৱাৰ বাবে ঋষভ পণ্টে কান্ধ পাতি লয় দলৰ নেতৃত্ব।

কে এল ৰাহুলৰ অনুপস্থিতিত চলি থকা ভাৰত-দক্ষিণ আফ্ৰিকাৰ পাঁচখন মেচৰ টি-২০ শৃংখলাৰ অধিনায়ক হিচাপে পৰিগণিত হয় পণ্ট। পণ্টৰ নেতৃত্বত ভাৰতে প্ৰথম আৰু দ্বিতীয়খন টি-২০ মেচত পৰাস্ত হয়। তৃতীয়খন মেচত জয়ী হৈ ছিৰিজ হেৰুৱাৰ পৰা ৰক্ষা পৰিছে ভাৰত। এইবাৰ আয়াৰলেণ্ড ভ্ৰমণত হাৰ্দিকক ভাৰতৰ টি-২০ অধিনায়ক হিচাপে নিৰ্বাচিত কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু