--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আয়াৰলেণ্ডৰ বিৰুদ্ধে আগন্তুক টি-২০ শৃংখলাৰ বাবে ভাৰতৰ অধিনায়ক হিচাপে নিৰ্বাচিত হৈছে হার্দিক পাণ্ডিয়া৷ বুধবাৰে আয়াৰলেণ্ডৰ হৈ হাৰ্ডিকক অধিনায়ক হিচাপে লৈ নিৰ্বাচকসকলে ১৬ জনীয়া এটা দল বাছনি কৰে। বিগত ১২ মাহত ভাৰতে ৬ গৰাকী টি-২০ অধিনায়কক পৰীক্ষা কৰিছে। সমুখত টি-২০ বিশ্বকাপ! আইচিচিৰ শ্ব’ পিছ ইভেণ্টত ভাৰতে অষ্ট্ৰেলিয়াৰ মাটিত খেলিব। কে এল ৰাহুলৰ পৰিৱৰ্তে প্ৰটিয়াছৰ বিৰুদ্ধে অধিনায়কত্বৰ দায়িত্ব লৈছে ঋষভ পণ্টে। হাৰ্ডিক তেওঁৰ সহযোগী। আয়াৰলেণ্ড ভ্ৰমণলৈ অনিচ্ছা প্ৰকাশ কৰা হেতুকে এইবাৰ ভাৰতীয় দলটোক নেতৃত্ব দিব হাৰ্দিক পাণ্ডিয়াই।


বিগত বৰ্ষত শিখৰ ধৱনৰ নেতৃত্বত ভাৰতে ইংলেণ্ড আৰু শ্ৰীলংকা ভ্ৰমণলৈ গৈছিল। টি-২০ শৃংখলাত ২-১ৰ ব্যৱধানত পৰাস্ত হৈছিল ধাৱানৰ ভাৰত। একে সময়তে অধিনায়ক হোৱাৰ পাছত ধাৱানৰ জাতীয় দলৰ দুৱাৰ বন্ধ হৈ পৰে৷ প্ৰশ্ন উত্থাপন হয় কেৰিয়াৰক লৈ।


ইফালে বিগত বৰ্ষত বিৰাট কোহলীৰ অধীনত ভাৰতে টি-২০ বিশ্বকাপ খেলিছিল। ইউ এ ইত পাকিস্তান আৰু নিউজিলেণ্ডৰ হাতত পৰাস্ত হৈছিল কোহলীৰ ভাৰত। টি-২০ বিশ্বকাপত দলটোৰ প্ৰদৰ্শনৰ বাবে ভাৰতে কোহলীৰ পৰা অধিনায়কত্ব কাঢ়ি লৈছিল।


বিৰাট কোহলীৰ স্থান লৈছিল ৰোহিত শৰ্মাই। তিনিটা ফৰ্মেটত ভাৰতৰ অধিনায়ক হৈ পৰে হিটমেন ৰোহিত। ৰোহিতৰ নেতৃত্বত এতিয়ালৈকে ভাৰতে ভাল প্ৰদৰ্শন কৰিছে। দলটোৱে ৱেষ্ট ইণ্ডিজ, নিউজিলেণ্ড আৰু শ্ৰীলংকাক হোৱাইট ৱাশ্ব কৰে। ৰোহিতৰ অধিনায়কত্বত ভাৰতে এখনো টি-২০ মেচত পৰাস্ত হোৱা নাই। 


আঘাতৰ বাবে ৰোহিত দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ পৰা বাহিৰ হোৱাৰ পিছতে তিনিখন এদিনীয়া খেলৰ অধিনায়ক হিচাপে নিৰ্বাচিত হৈছিল কে এল ৰাহুল। নিজৰ ঘৰুৱা খেলপথাৰত প্ৰটিয়াছ বাহিনীয়ে ৰাহুল বাহিনীক পৰাস্ত কৰে। যদিও বেটছমেন হিচাপে ৰাহুলে ভাল প্ৰদৰ্শন কৰে। চলি থকা ভাৰত-দক্ষিণ আফ্ৰিকাৰ পাঁচখন মেচৰ টি-২০ শৃংখলাৰ অধিনায়ক হিচাপে নিৰ্বাচিত হৈছিল ৰাহুলে। কিন্তু আঘাতৰ বাবে ৰাহুল বাহিৰ হোৱাৰ বাবে ঋষভ পণ্টে কান্ধ পাতি লয় দলৰ নেতৃত্ব।

কে এল ৰাহুলৰ অনুপস্থিতিত চলি থকা ভাৰত-দক্ষিণ আফ্ৰিকাৰ পাঁচখন মেচৰ টি-২০ শৃংখলাৰ অধিনায়ক হিচাপে পৰিগণিত হয় পণ্ট। পণ্টৰ নেতৃত্বত ভাৰতে প্ৰথম আৰু দ্বিতীয়খন টি-২০ মেচত পৰাস্ত হয়। তৃতীয়খন মেচত জয়ী হৈ ছিৰিজ হেৰুৱাৰ পৰা ৰক্ষা পৰিছে ভাৰত। এইবাৰ আয়াৰলেণ্ড ভ্ৰমণত হাৰ্দিকক ভাৰতৰ টি-২০ অধিনায়ক হিচাপে নিৰ্বাচিত কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ