--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: পুনৰ চৰ্চালৈ আহিছে নাগৰিকত্ব সংশোধনী আইন, চমুকৈ ‘কা’৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে ‘কা’ক লৈ বিশেষ তৎপৰতা অৱলম্বন কৰিছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে৷ লোকসভা নিৰ্বাচনৰ পূৰ্বে দেশত ‘কা’ কাৰ্যকৰী কৰিবলৈ উঠিপৰি লাগিছে কেন্দ্ৰীয় চৰকাৰ৷

এসপ্তাহৰ ভিতৰত দেশত বলবৎ হ’ব ‘কা’৷ এই দাবী কেন্দ্ৰীয় মন্ত্ৰী শান্তনু ঠাকুৰৰ৷ বংগৰ দক্ষিণ ২৪ পৰগণাৰ কাকদ্বীপত এক ৰাজহুৱা সমাৱেশক সম্বোধন কৰি ঠাকুৰে বাংলা ভাষাত কয়, মই গেৰাণ্টী দিব পাৰোঁ যে অহা সাত দিনৰ ভিতৰত কেৱল পশ্চিম বংগতে নহয়, সমগ্ৰ ভাৰততে ‘কা‘ কাৰ্যকৰী কৰা হ’ব।

বংগৰ বনগাঁৱৰ পৰা বিজেপিৰ লোকসভাৰ সাংসদ শান্তনু ঠাকুৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ‘কা’কৈ লৈ ঘোষণা কৰা স্থিতিৰ পুনৰাবৃত্তি কৰে৷ 

যোৱা বছৰৰ ডিচেম্বৰত অমিত শ্বাহে দৃঢ়তাৰে কৈছিল যে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ‘কা’ কাৰ্যকৰী কৰিব আৰু কোনেও ইয়াক ৰোধ কৰিব নোৱাৰে। অমিত শ্বাহে তেওঁৰ মন্তব্যৰে পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক লক্ষ্য কৰা লৈছিল, কিয়নো মমতাই ‘কা’ৰ বিৰোধিতা কৰি আহিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু