--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : টাবু আৰু অজয় দেবগণ অভিনীত ছবি দৃশ্যমে সহজেই চলচি‌ত্ৰপ্রেমীৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। ফেব্রুৱাৰী মাহত সদৰি কৰা হৈছিল দৃশ্যম-২ৰ মুক্তিৰ কথা। নতুন ছবিখন সম্পর্কে আনুষ্ঠানিক ঘোষণাতো জনোৱা হৈছিল ছবিখন পৰিচালনা কৰিব কুমাৰ মঙ্গতে আৰু প্রযোজনা কৰিব পেনোৰামা ষ্টুডিঅ’জে। কিন্তু এতিয়া দৃশ্যম-২ৰ মুক্তি সন্দৰ্ভত চৰম অনিশ্চয়তা দেখিবলৈ পোৱা গৈছে।

আৰু পঢ়িব পাৰিব : সুখবৰ : ৭ মে’ৰপৰা সকলোৰে বাবে সুলভ হ’ব প্ৰতিষেধক

দৃশ্যম ৰ সহ-প্রযোজক আছিল Viacom 18 Motion Pictures। দৃশ্যম-২নিৰ্মাণৰ খবৰ পাই আপত্তি দৰ্শাইছে প্রযোজনা সংস্থাটিয়ে। তথ্য অনুসৰি, আইনী পন্থা গ্ৰহণেৰে ছবিখনৰ মুক্তিৰ বিৰোধিতা কৰিছে সংস্থাটোৱে। সংস্থাটোৰ দাবী কুমাৰ মঙ্গতে তেওঁলোকক নজনোৱাকৈ দৃশ্যম -২ৰ কাম হাতত ল’ব নোৱাৰে। কাৰণ, এই ছবিখনৰ সৰ্বস্বত্ত্ব Viacom 18 Motion Pictures-ৰ দ্বাৰা সংৰক্ষিত। উল্লেখযোগ্য যে, ২০১৫চনত দৃশ্যমৰ প্ৰথম ভাগে মুক্তি পাইছিল। পৰিচালনা কৰিছিল নিশিকান্ত কামাতে। প্রযোজনাৰ দায়িত্বত যৌথভাৱে আছিল কুমাৰ মঙ্গত, Viacom 18 Motion Pictures আৰু পেনোৰামা ষ্টুডিঅ’জ।

আৰু পঢ়িব পাৰিব : পিতৃৰ জলন্ত চিতাৰ ওপৰতে জঁপিয়াই পৰিল এগৰাকী কন্যা…

তথ্য অনুসৰি, Viacom18 Motion Picturesয়ে কুমাৰ মঙ্গতক আগতেই জনাইছিল এই প্রজেক্টৰ পৰা প্ৰতিষ্ঠানটোক পৃথক কৰিব নোৱাৰিব। তেওঁ স্বাধীনভাৱে অথবা অন্য কাৰোবাৰ সৈতে চুক্তি কৰিও Drishyam 2-ৰ কাম আৰম্ভ কৰিব নোৱাৰিব। কিন্তু Viacom18 Motion Pictures-ৰ কথাত বিশেষ গুৰুত্ব নিদিয়াকৈ ছবিৰ কাম কৰিবলৈ আগবাঢ়িছিল কুমাৰ মঙ্গতে। সেইবাবে Viacom18 Motion Pictures-এ প্ৰ‌তিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে কুমাৰ মঙ্গতৰ বিৰুদ্ধে আইনী অভিযোগ আনিছে প্রযোজনা সংস্থাটোৱে। অহা কিছুদিনৰ ভিতৰতে এই অভিযোগৰ প্ৰথম শুনানিৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু