--°C
Loading...
Listen to Article
2 min read
80%

মুম্বাই : টাবু আৰু অজয় দেবগণ অভিনীত ছবি দৃশ্যমে সহজেই চলচি‌ত্ৰপ্রেমীৰ মন জয় কৰিবলৈ সক্ষম হৈছিল। ফেব্রুৱাৰী মাহত সদৰি কৰা হৈছিল দৃশ্যম-২ৰ মুক্তিৰ কথা। নতুন ছবিখন সম্পর্কে আনুষ্ঠানিক ঘোষণাতো জনোৱা হৈছিল ছবিখন পৰিচালনা কৰিব কুমাৰ মঙ্গতে আৰু প্রযোজনা কৰিব পেনোৰামা ষ্টুডিঅ’জে। কিন্তু এতিয়া দৃশ্যম-২ৰ মুক্তি সন্দৰ্ভত চৰম অনিশ্চয়তা দেখিবলৈ পোৱা গৈছে।

আৰু পঢ়িব পাৰিব : সুখবৰ : ৭ মে’ৰপৰা সকলোৰে বাবে সুলভ হ’ব প্ৰতিষেধক

দৃশ্যম ৰ সহ-প্রযোজক আছিল Viacom 18 Motion Pictures। দৃশ্যম-২নিৰ্মাণৰ খবৰ পাই আপত্তি দৰ্শাইছে প্রযোজনা সংস্থাটিয়ে। তথ্য অনুসৰি, আইনী পন্থা গ্ৰহণেৰে ছবিখনৰ মুক্তিৰ বিৰোধিতা কৰিছে সংস্থাটোৱে। সংস্থাটোৰ দাবী কুমাৰ মঙ্গতে তেওঁলোকক নজনোৱাকৈ দৃশ্যম -২ৰ কাম হাতত ল’ব নোৱাৰে। কাৰণ, এই ছবিখনৰ সৰ্বস্বত্ত্ব Viacom 18 Motion Pictures-ৰ দ্বাৰা সংৰক্ষিত। উল্লেখযোগ্য যে, ২০১৫চনত দৃশ্যমৰ প্ৰথম ভাগে মুক্তি পাইছিল। পৰিচালনা কৰিছিল নিশিকান্ত কামাতে। প্রযোজনাৰ দায়িত্বত যৌথভাৱে আছিল কুমাৰ মঙ্গত, Viacom 18 Motion Pictures আৰু পেনোৰামা ষ্টুডিঅ’জ।

আৰু পঢ়িব পাৰিব : পিতৃৰ জলন্ত চিতাৰ ওপৰতে জঁপিয়াই পৰিল এগৰাকী কন্যা…

তথ্য অনুসৰি, Viacom18 Motion Picturesয়ে কুমাৰ মঙ্গতক আগতেই জনাইছিল এই প্রজেক্টৰ পৰা প্ৰতিষ্ঠানটোক পৃথক কৰিব নোৱাৰিব। তেওঁ স্বাধীনভাৱে অথবা অন্য কাৰোবাৰ সৈতে চুক্তি কৰিও Drishyam 2-ৰ কাম আৰম্ভ কৰিব নোৱাৰিব। কিন্তু Viacom18 Motion Pictures-ৰ কথাত বিশেষ গুৰুত্ব নিদিয়াকৈ ছবিৰ কাম কৰিবলৈ আগবাঢ়িছিল কুমাৰ মঙ্গতে। সেইবাবে Viacom18 Motion Pictures-এ প্ৰ‌তিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে কুমাৰ মঙ্গতৰ বিৰুদ্ধে আইনী অভিযোগ আনিছে প্রযোজনা সংস্থাটোৱে। অহা কিছুদিনৰ ভিতৰতে এই অভিযোগৰ প্ৰথম শুনানিৰ প্ৰক্ৰিয়া আৰম্ভ হ’ব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ