--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএলতে নহয় ভাৰতীয় জাতীয় দলৰ হৈয়ো দুৰন্ত ছন্দত দেখিবলৈ পোৱা গৈছে দীনেশ কাৰ্তিকক। এই প্ৰদৰ্শনৰ পুৰস্কাৰো লাভ কৰিছে এইগৰাকী নামী তাৰকাই। আইচিচি ৰেংকিঙত ১০৮ ঢাপ আগুৱাই আহিল দীনেশ কাৰ্তিক। বিশ্ব ক্ৰিকেটত এয়া এক অভিলেখ হিচাপে বিবেচিত হৈছে। তালিকাৰ শীৰ্ষ দহৰ ভিতৰত স্থান লাভ কৰিছে ঈশান কিষাণে।

বাংগালুৰুৰ হৈ ১৮৫ খন ষ্ট্ৰাইক ৰেটৰে ১৬ খন মেচত তিনিশৰো অধিক ৰান সংগ্ৰহ কৰিছে কাৰ্তিকে। আইপিএলত তাৰকাময় প্ৰদৰ্শনৰ পিছত ডিকেই দক্ষিণ আফ্ৰিকাৰ ছিৰিজত কেইবাটাও চমকপ্ৰদ ইনিংছ উপহাৰ দিছে।

ৰাজকোটত কাৰ্তিকে মাত্ৰ ২৭টা বলত ৫৫ ৰানৰ ইনিংছ খেলি দলটোক সুবিধাজনক স্থানলৈ লৈ গৈছিল। তেওঁৰ এনে দৰ্শনীয় ইনিংছৰ সুবাদতে  ভাৰতে মেচখনত জয়লাভ কৰি শৃংখলাত সমতা স্থাপন কৰিবলৈ সক্ষম হৈছিল। বৰ্তমান তেওঁ টি-২০ ৰেংকিঙৰ সপ্তম স্থানলৈ উন্নিত হৈছে।

ইফালে, ঈশান আৰু কাৰ্তিক গ্ৰুপ তালিকাৰ স্থানলৈ উন্নীত হোৱাৰ বিপৰীতে ২১ নম্বৰলৈ নামিছে বিৰাট কোহলী। ১৮ নম্বৰত আছে ৰোহিত শৰ্মা। টি-২০ ক্ৰিকেটত আইচিচি তালিকাৰ শীৰ্ষ স্থানত আছে বাবৰ আজম, আনহাতে বলাৰৰ ক্ষেত্ৰত অষ্ট্ৰেলিয়াৰ য়াছ হেজলউডে লাভ কৰিছে শীৰ্ষ স্থান। চাহালে ভাল বলিংৰ বাবে ২৩ নম্বৰ স্থানলৈ উন্নীত হৈছে। টেষ্টত অলৰাউণ্ডাৰ হিচাপে শীৰ্ষস্থান দখল কৰিছে ৰবীন্দ্ৰ জাডেজাই। বলিং বিভাগত ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ৰবিচন্দ্ৰন অশ্বিন আৰু যশপ্ৰীত বুমৰাহ।




FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু