--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএলতে নহয় ভাৰতীয় জাতীয় দলৰ হৈয়ো দুৰন্ত ছন্দত দেখিবলৈ পোৱা গৈছে দীনেশ কাৰ্তিকক। এই প্ৰদৰ্শনৰ পুৰস্কাৰো লাভ কৰিছে এইগৰাকী নামী তাৰকাই। আইচিচি ৰেংকিঙত ১০৮ ঢাপ আগুৱাই আহিল দীনেশ কাৰ্তিক। বিশ্ব ক্ৰিকেটত এয়া এক অভিলেখ হিচাপে বিবেচিত হৈছে। তালিকাৰ শীৰ্ষ দহৰ ভিতৰত স্থান লাভ কৰিছে ঈশান কিষাণে।

বাংগালুৰুৰ হৈ ১৮৫ খন ষ্ট্ৰাইক ৰেটৰে ১৬ খন মেচত তিনিশৰো অধিক ৰান সংগ্ৰহ কৰিছে কাৰ্তিকে। আইপিএলত তাৰকাময় প্ৰদৰ্শনৰ পিছত ডিকেই দক্ষিণ আফ্ৰিকাৰ ছিৰিজত কেইবাটাও চমকপ্ৰদ ইনিংছ উপহাৰ দিছে।

ৰাজকোটত কাৰ্তিকে মাত্ৰ ২৭টা বলত ৫৫ ৰানৰ ইনিংছ খেলি দলটোক সুবিধাজনক স্থানলৈ লৈ গৈছিল। তেওঁৰ এনে দৰ্শনীয় ইনিংছৰ সুবাদতে  ভাৰতে মেচখনত জয়লাভ কৰি শৃংখলাত সমতা স্থাপন কৰিবলৈ সক্ষম হৈছিল। বৰ্তমান তেওঁ টি-২০ ৰেংকিঙৰ সপ্তম স্থানলৈ উন্নিত হৈছে।

ইফালে, ঈশান আৰু কাৰ্তিক গ্ৰুপ তালিকাৰ স্থানলৈ উন্নীত হোৱাৰ বিপৰীতে ২১ নম্বৰলৈ নামিছে বিৰাট কোহলী। ১৮ নম্বৰত আছে ৰোহিত শৰ্মা। টি-২০ ক্ৰিকেটত আইচিচি তালিকাৰ শীৰ্ষ স্থানত আছে বাবৰ আজম, আনহাতে বলাৰৰ ক্ষেত্ৰত অষ্ট্ৰেলিয়াৰ য়াছ হেজলউডে লাভ কৰিছে শীৰ্ষ স্থান। চাহালে ভাল বলিংৰ বাবে ২৩ নম্বৰ স্থানলৈ উন্নীত হৈছে। টেষ্টত অলৰাউণ্ডাৰ হিচাপে শীৰ্ষস্থান দখল কৰিছে ৰবীন্দ্ৰ জাডেজাই। বলিং বিভাগত ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে ৰবিচন্দ্ৰন অশ্বিন আৰু যশপ্ৰীত বুমৰাহ।




FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ