--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অক্ষয় কুমাৰে অলপতে কইম্বাটুৰৰ ঈশা যোগ কেন্দ্ৰত আধ্যাত্মিক নেতা সাধগুৰুৰ বাবে তেওঁৰ আহিবলগীয়া চলচ্চিত্ৰ 'ওহ  মাই গড ২'ৰ এক বিশেষ অনুষ্ঠানৰ  আয়োজন কৰিছিল। সদগুৰুৱে আনকি 'ওএমজি ২'ৰ প্ৰশংসা কৰি কৈছিল যে "যুৱ সকলক তেওঁলোকৰ শাৰীৰিক সুস্থতা কেনেদৰে বজাই ৰাখিব লাগে লাগে সেই বিষয়ে শিক্ষিত কৰাটো গুৰুত্বপূৰ্ণ কথা।"

 ৮ আগষ্টত আন এটা টুইটত সদগুৰুৱে দাবী কৰে  যে ছবিখনে কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণপত্ৰ পৰিষদৰ (চিবিএফচি) দ্বাৰা 'এ' প্ৰমাণপত্ৰ লাভ কৰিব নালাগিছিল। অমিত ৰায়-পৰিচালিত ছবিখনে ১১ আগস্টত মুক্তি লাভ কৰিব। ওহ মাই গড ২'ত অক্ষয় কুমাৰ আৰু পংকজ ত্ৰিপাঠীয়ে অভিনয় কৰিছে। ছবিখনত  অক্ষয় কুমাৰে ভগৱান শিৱৰ চৰিত্ৰত অভিনয় কৰিছে।  'ওএমজি ২'য়ে চেঞ্চৰ বোৰ্ডৰ পৰা 'এ - এডাল্টছ অ'নলি' প্ৰমাণপত্ৰ লাভ কৰিছে। আমোদজনক ভাৱে  এয়া হৈছে অক্ষয় কুমাৰৰ ১২  বছৰৰ ভিতৰত প্ৰথম খন ছবি যিখনে  কেৱল প্ৰাপ্তবয়স্কৰ প্ৰমাণপত্ৰ লাভ কৰিছে। ছবিখন চোৱাৰ পিছত সদগুৰুৱে টুইটাৰত ছবি খনৰ বিষয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি লিখিছে , "ছবি খন কিশোৰ-কিশোৰীসকলেও উপভোগ কৰিব পৰা হ’ব লাগে।  এয়া  আটাইতকৈ গুৰুত্বপূৰ্ণ কথা । কাৰণ মানৱ জীৱবিজ্ঞান বুজা আৰু এজন ব্যক্তিৰ জৈৱিক প্ৰয়োজনীয়তাৰ প্ৰতি সন্মানজনক আৰু দায়িত্বশীল উপায়েৰে সঁহাৰি দিয়াৰ বিষয়ে শিক্ষাৰ প্ৰয়োজন হৈছে।" 

অক্ষয় কুমাৰে সদগুৰুৰ টুইটৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, " আপোনাক বহুত ধন্যবাদ। আশা কৰোঁ বাৰ্ত্তাটো সঠিকভাবে  দূৰদূৰলৈ গৈ পাব।" চলচ্চিত্ৰখন, পৰিচালনা কৰিছে অমিত ৰায়ে। 'ওএমজি ২'ত ৰামায়ণ খ্যাত য়ামী গৌতম, পংকজ ত্ৰিপাঠী আৰু অৰুণ গোভিলেও অভিনয় কৰিছে । ছবি খন  ১১ আগষ্টত ছবিগৃহত মুক্তি দিয়া হ'ব। ব্যংগাত্মক কমেডি-ড্ৰামাখন ২০১২ চনৰ হিট ছবি 'ওএমজি- ওহ মাই গড' ৰ চিকুৱেল। ছবিখন কেপ অফ গুড ফিল্মছ, অশ্বিন ভাৰ্ডে, বিপুল ডি শ্বাহ আৰু ৰাজেশ বহেলে প্ৰযোজনা কৰিছে। ডঃ চন্দ্ৰপ্ৰকাশ দিৱেদি চিনেমাখনৰ সৃষ্টিশীল প্ৰযোজক। চিনেমাখনৰ চিনেমাটোগ্ৰাফী অমলেণ্ডু চৌধুৰীয়ে কৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু