--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অক্ষয় কুমাৰে অলপতে কইম্বাটুৰৰ ঈশা যোগ কেন্দ্ৰত আধ্যাত্মিক নেতা সাধগুৰুৰ বাবে তেওঁৰ আহিবলগীয়া চলচ্চিত্ৰ 'ওহ  মাই গড ২'ৰ এক বিশেষ অনুষ্ঠানৰ  আয়োজন কৰিছিল। সদগুৰুৱে আনকি 'ওএমজি ২'ৰ প্ৰশংসা কৰি কৈছিল যে "যুৱ সকলক তেওঁলোকৰ শাৰীৰিক সুস্থতা কেনেদৰে বজাই ৰাখিব লাগে লাগে সেই বিষয়ে শিক্ষিত কৰাটো গুৰুত্বপূৰ্ণ কথা।"

 ৮ আগষ্টত আন এটা টুইটত সদগুৰুৱে দাবী কৰে  যে ছবিখনে কেন্দ্ৰীয় চলচ্চিত্ৰ প্ৰমাণপত্ৰ পৰিষদৰ (চিবিএফচি) দ্বাৰা 'এ' প্ৰমাণপত্ৰ লাভ কৰিব নালাগিছিল। অমিত ৰায়-পৰিচালিত ছবিখনে ১১ আগস্টত মুক্তি লাভ কৰিব। ওহ মাই গড ২'ত অক্ষয় কুমাৰ আৰু পংকজ ত্ৰিপাঠীয়ে অভিনয় কৰিছে। ছবিখনত  অক্ষয় কুমাৰে ভগৱান শিৱৰ চৰিত্ৰত অভিনয় কৰিছে।  'ওএমজি ২'য়ে চেঞ্চৰ বোৰ্ডৰ পৰা 'এ - এডাল্টছ অ'নলি' প্ৰমাণপত্ৰ লাভ কৰিছে। আমোদজনক ভাৱে  এয়া হৈছে অক্ষয় কুমাৰৰ ১২  বছৰৰ ভিতৰত প্ৰথম খন ছবি যিখনে  কেৱল প্ৰাপ্তবয়স্কৰ প্ৰমাণপত্ৰ লাভ কৰিছে। ছবিখন চোৱাৰ পিছত সদগুৰুৱে টুইটাৰত ছবি খনৰ বিষয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰি লিখিছে , "ছবি খন কিশোৰ-কিশোৰীসকলেও উপভোগ কৰিব পৰা হ’ব লাগে।  এয়া  আটাইতকৈ গুৰুত্বপূৰ্ণ কথা । কাৰণ মানৱ জীৱবিজ্ঞান বুজা আৰু এজন ব্যক্তিৰ জৈৱিক প্ৰয়োজনীয়তাৰ প্ৰতি সন্মানজনক আৰু দায়িত্বশীল উপায়েৰে সঁহাৰি দিয়াৰ বিষয়ে শিক্ষাৰ প্ৰয়োজন হৈছে।" 

অক্ষয় কুমাৰে সদগুৰুৰ টুইটৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, " আপোনাক বহুত ধন্যবাদ। আশা কৰোঁ বাৰ্ত্তাটো সঠিকভাবে  দূৰদূৰলৈ গৈ পাব।" চলচ্চিত্ৰখন, পৰিচালনা কৰিছে অমিত ৰায়ে। 'ওএমজি ২'ত ৰামায়ণ খ্যাত য়ামী গৌতম, পংকজ ত্ৰিপাঠী আৰু অৰুণ গোভিলেও অভিনয় কৰিছে । ছবি খন  ১১ আগষ্টত ছবিগৃহত মুক্তি দিয়া হ'ব। ব্যংগাত্মক কমেডি-ড্ৰামাখন ২০১২ চনৰ হিট ছবি 'ওএমজি- ওহ মাই গড' ৰ চিকুৱেল। ছবিখন কেপ অফ গুড ফিল্মছ, অশ্বিন ভাৰ্ডে, বিপুল ডি শ্বাহ আৰু ৰাজেশ বহেলে প্ৰযোজনা কৰিছে। ডঃ চন্দ্ৰপ্ৰকাশ দিৱেদি চিনেমাখনৰ সৃষ্টিশীল প্ৰযোজক। চিনেমাখনৰ চিনেমাটোগ্ৰাফী অমলেণ্ডু চৌধুৰীয়ে কৰিছে।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক