--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কংগ্ৰেছৰ সাংসদ তথা লোক সভাৰ বিৰোধী পক্ষৰ নেতা ৰাহুল গান্ধীয়ে অলপতে চীনত নির্মিত এখন ড্র'ন উৰুওৱাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। চীনত নির্মিত ডি জে আই নামৰ এই ড্ৰ'নখন ২০২২ চনত ভাৰতত নিষিদ্ধ ঘোষণা কৰা হৈছিল। গান্ধীয়ে এই ড্র'নখন দেখুৱাই সামাজিক মাধ্যমত কয় যে ড্র'ন নির্মাণৰ বাবে শক্তিশালী ভেটিৰ প্ৰয়োজন, ফোঁপোলা শব্দৰ নহয়। 

গান্ধীয়ে দিয়া এই মন্তব্যত তীব্র প্রতিক্রিয়া প্রকাশ কৰিছে ড্র'ন ফেডাৰেশ্যন অব্ ইণ্ডিয়াৰ সভাপতি স্মিত শ্বাহে। তেওঁ ভাৰতত নিষিদ্ধ এই ড্র'নখন গান্ধীয়ে কেনেকৈ পালে তাক লৈও প্রশ্ন কৰে। গান্ধীয়ে কয় যে ভাৰতে ড্র'ন নিৰ্মাণৰ বাবে প্ৰয়োজন হোৱা কোনো ধৰণৰ আহিলা-পাতি নিৰ্মাণ নকৰে আৰু ইয়াৰ প্ৰযুক্তি কৌশলৰ বিষয়েও বুজি নাপায়। 

গান্ধীয়ে সামাজিক মাধ্যমত কয়, 'ড্র'ন কেৱল এক প্রযুক্তিয়েই নহয়, এক শক্তিশালী ঔদ্যোগিক প্ৰণালীৰ দ্বাৰা উৎপাদিত। প্রধানমন্ত্রী মোদীয়ে ইয়াক বুজি পোৱাত ব্যর্থ হোৱাটো দুর্ভাগ্যজনক। তেওঁ এ আইৰ (কৃত্রিম বুদ্ধিমত্তা) বিষয়ে টেলিপ্রম্পটাৰ ভাষণ দি থকাৰ সময়তে আমাৰ প্ৰতিদ্বন্দ্বীয়ে এই প্রযুক্তি কৌশলত দক্ষতা অৰ্জন কৰিছে। ভাৰতৰ উৎপাদনক এক শক্তিশালী ভেটিৰ প্ৰয়োজন, ফোঁপোলা শব্দৰ নহয়।' সামাজিক মাধ্যমত প্রকাশ পোৱা এই ভিডিঅ'ক লৈ ড্র'ন ফেডাৰেশ্যন অব্ ইণ্ডিয়াৰ সভাপতি শ্বাহে তীব্র প্রতিক্রিয়া প্রকাশ কৰি গান্ধীৰ বিৰুদ্ধে ভাৰতীয় ড্র'ন উদ্যোগক অগ্রাহ্য কৰা আৰু নিষিদ্ধ ঘোষিত চীনৰ ড্ৰ'ন প্ৰদৰ্শনৰ অভিযোগ কৰে। শ্বাহে কয় যে ভাৰতে ২০২২ চনতে ডি জে আই প্ৰযুক্তিৰ দ্বাৰা নিৰ্মিত ড্র'নত নিষেধাজ্ঞা আৰোপ কৰিছে আৰু ৰাহুল গান্ধীৰ' এই পদক্ষেপ কেৱল ভুলেই নহয়, ভাৰতীয় ড্র'ন উদ্যোগৰ বিৰুদ্ধে এক অপ্রয়োজনীয় সমালোচনাও।' তেওঁ লগতে কয় যে ভাৰতত চাৰি শতাধিক কোম্পানী আছে যি বিভিন্ন ধৰণৰ ড্ৰ'ন নিৰ্মাণ কৰি আছে। ইয়াৰ উপৰি, অর্ধ শতাধিক কোম্পানীয়ে বেটাৰী, প্রপেলাৰ, ফ্লাইট কন্ট্ৰলাৰ আৰু মটৰকে ধৰি ড্ৰ'নৰ বিভিন্ন ধৰণৰ অংশ-পাতি নিৰ্মাণ কৰে। তেওঁ গান্ধীক সমালোচনা কৰি এই বুলি প্ৰশ্ন কৰে যে তেওঁ চীনৰ ডি জে আই ড্র'ন কেনেকৈ পালে? তেওঁৰ ড্ৰ'ন উৰুওৱাৰ বাবে প্ৰয়োজনীয় ৰিমট পাইলট প্রমাণ-পত্ৰ আছেনে? গান্ধীৰ বাসভৱন আৰু কাৰ্যালয় দিল্লীৰ যিটো এলেকাত আছে তাক ড্র'ন উৰাবলৈ বিশেষ নিয়মৰ প্রয়োজন হয়, গান্ধীয়ে সেইবোৰ মানি চলিছেনে বুলি তেওঁ প্রশ্ন কৰে। 

ইফালে ইনফ 'ছিছৰ প্ৰাক্তন চি এফ অ' মোহন দাস পায়ে গান্ধীক কটাক্ষ কৰি কয়, 'ভাৰতক হেয় প্রতিপন্ন কৰাৰ বাবে নিজৰ ভুৱা কাহিনী বন্ধ কৰা উচিত। তেওঁ ভাৰতীয় ড্র'ন ব্যৱহাৰ কৰিছেনে চীনত নিৰ্মিত ড্র'ন ব্যৱহাৰ কৰিছে সেই কথা পৰীক্ষা কৰি চোৱা উচিত।' ইফালে, অ'ভাৰছিজ কংগ্ৰেছৰ নেতা ছেম পিট্রদাই দিয়া এটা মন্তব্যক লৈও বিতৰ্কৰ সৃষ্টি হৈছে। অৱশ্যে, কংগ্ৰেছে পিট্ৰদাৰ মন্তব্যক তেওঁৰ ব্যক্তিগত আৰু ইয়াৰ সৈতে দলৰ কোনো সম্পর্ক নাই বুলি কয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকাত কৰা ভ্ৰমণৰ সময়ত দেশখনৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পে চীনৰ সৈতে সমস্যা সমাধানৰ বাবে মধ্যস্থতা কৰাৰ প্ৰস্তাৱ দিছিল। ভাৰতে অৱশ্যে ট্রাম্পৰ এই প্ৰস্তাৱ অগ্রাহ্য কৰে। ট্রাম্পৰ প্ৰস্তাৱৰ প্ৰসংগত পিট্ৰদাই কয়, 'মই চীনৰ পৰা অহা ভাবুকিৰ বিষয়ে বুজি পোৱা নাই। এই বিষয়টোক অতিৰঞ্জিত কৰি প্ৰকাশ কৰা হয়, কিয়নো আমেৰিকাৰ শত্ৰুৰ সংজ্ঞা দিয়াৰ প্ৰবৃত্তি আছে।' চীনৰ পৰা ভাৰতে ভাবুকিৰ সন্মুখীন হোৱা নাই বুলি উল্লেখ কৰি পিট্ৰদাই কয়, 'সকলো দেশে পৰস্পৰৰ মাজত সংঘাত পৰিহাৰ কৰি এতিয়া সহযোেগ কৰাৰহে সময় বুলি মই ভাবোঁ।' তেওঁৰ এই মন্তব্যত প্রতিক্রিয়া প্রকাশ কংগ্ৰেছৰ নেতা জয়ৰাম ৰমেশে কয় পিট্রদাই দিয়া মন্তব্য নিশ্চিত ৰূপত ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছৰ মত নহয়। তেওঁ কয়, 'চীন আমাৰ বিদেশ নীতি, বাহ্যিক সুৰক্ষা আৰু আৰ্থনৈতিক খণ্ডত আটাইতকৈ ডাঙৰ ভাবুকি হৈয়ে আছে। চীনৰ প্ৰতি কেন্দ্ৰৰ নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ দৃষ্টিভংগীক লৈ কংগ্রেছে সদায় প্ৰশ্নৰ অৱতাৰণা কৰি আহিছে। ইয়াৰ ভিতৰত ২০২০ চনৰ ১৯ জুনত প্রধানমন্ত্রীয়ে চীনক ক্লীনশ্বীট দিয়াও আছে।' বিজেপিৰ নেতা সুধাংশু ত্রিবেদীয়ে পিট্ৰদাৰ মন্তব্যত আপত্তি জনাই কয় যে কংগ্ৰেছৰ নেতাজনৰ এই মন্তব্য ভাৰতৰ সাৰ্বভৌমত্ব আৰু কূটনীতিৰ পৰিপন্থী। ইয়াৰ দ্বাৰা কংগ্ৰেছ আৰু চীনৰ মাজত থকা বুজাবুজিও পোহৰলৈ আহিল বুলি তেওঁ কয়।

উৎস- দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement