--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অস্বাভাৱিক হাৰত দামবৃদ্ধি হৈছে নহৰুৰ৷ সম্প্ৰতি নহৰু ইমানেই ব্যয়বহুল হৈ পৰিছে যে ক্ৰেতাই ইয়াক ক্ৰয় কৰা পৰিহাৰ কৰিবলৈ আৰম্ভ কৰিছে, যাৰ ফলত নহৰুৰ সোৱাদ পাহৰাৰ উপক্ৰম হৈছে৷ পৰিস্থিতি এতিয়া এনে হৈছেগৈ যে নহৰুৰ দাম শুনিয়েই দোকানৰ পৰা উভতি আহিবলগীয়া হৈছে গ্ৰাহক৷

কিছুদিন পূৰ্বলৈ দিল্লীত নহৰু প্ৰতি কিলোগ্ৰামত ১০০ৰ ১৫০ টকাত বিক্ৰী কৰা হৈছিল৷ আৰু আজি প্ৰতি কিলোগ্ৰামত ৪৫০ৰ পৰা ৫০০ টকাত বিক্ৰী কৰা হৈছে। 

দিল্লীয়ে মহাৰাষ্ট্ৰ, ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ পৰা নহৰুৰ আমদানি কৰে। কৃষকসকলৰ পৰা সুলভমূল্যত নহৰু ক্ৰয় কৰা সত্বেও বজাৰত নহৰুৰ মূল্য আকাশচুম্বী হৈ আছে। কৃষকসকলে কয় যে তেওঁলোকে ব্যৱসায়ীসকলক ৪০ৰ পৰা ৫০ টকা হাৰত নহৰু বিক্ৰী কৰিছিল, কিন্তু নহৰুৰ মূল্য কেনেদৰে নিয়ন্ত্ৰণহীন হৈ পৰিছে সেয়া তেওঁলোকে বুজিব পৰা নাই।

নহৰুৰ বৰ্ধিত মূল্যৰ কাৰণ কি?
যদি নহৰুৰ দাম প্ৰতি কিলোগ্ৰামত ৫০ টকা বুলি অনুমান কৰা হয়, তেন্তে পৰিবহণ ব্যয় যোগ কৰি ইয়াৰ ব্যয় প্ৰায় ৮০ টকা, যাৰ সৈতে লাভ যোগ কৰি ১২৫ৰ পৰা ১৫০ টকা প্ৰতি কিলোগ্ৰামত বিক্ৰী কৰিব লাগে। কিন্তু নহৰুৰ প্ৰকৃত মূল্য তিনিগুণ বৃদ্ধি হৈ ৪৫০-৫০০ টকা/প্ৰতি কিলোগ্ৰাম হৈছে। কৃষকসকলৰ মতে, নহৰুৰ উৎপাদন ইমানেই যে যোৱা ৩ বছৰ ধৰি তেওঁলোকে ব্যৱসায়ীসকলক প্ৰতি কিলোগ্ৰামত ৫ৰ পৰা ১০ টকা হাৰত নহৰু দি আহিছে৷ তৎসত্বেও নহৰুৰ মূল্য নিয়ন্ত্ৰণহীন আৰু ইয়াৰ কাৰণ হৈছে ক’ৰবাত অভাৱ দেখুৱাই লাভজনক ব্যৱসায় কৰাৰ মানসিকতা৷

দিল্লীৰ দুখন বৃহৎ বজাৰ আজাদপুৰ আৰু ওখলাৰ নহৰু ব্যৱসায়ীসকলে কয় যে চাহিদা অনুসৰি নহৰু যোগান ধৰা হোৱা নাই, যাৰ বাবে কেৱল খুচুৰা ক্ৰেতাই নহয়, ইয়াৰ পাইকাৰী বিক্ৰেতাসকলেও নহৰুৰ বৰ্ধিত মূল্যক লৈ চিন্তিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু