--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অস্বাভাৱিক হাৰত দামবৃদ্ধি হৈছে নহৰুৰ৷ সম্প্ৰতি নহৰু ইমানেই ব্যয়বহুল হৈ পৰিছে যে ক্ৰেতাই ইয়াক ক্ৰয় কৰা পৰিহাৰ কৰিবলৈ আৰম্ভ কৰিছে, যাৰ ফলত নহৰুৰ সোৱাদ পাহৰাৰ উপক্ৰম হৈছে৷ পৰিস্থিতি এতিয়া এনে হৈছেগৈ যে নহৰুৰ দাম শুনিয়েই দোকানৰ পৰা উভতি আহিবলগীয়া হৈছে গ্ৰাহক৷

কিছুদিন পূৰ্বলৈ দিল্লীত নহৰু প্ৰতি কিলোগ্ৰামত ১০০ৰ ১৫০ টকাত বিক্ৰী কৰা হৈছিল৷ আৰু আজি প্ৰতি কিলোগ্ৰামত ৪৫০ৰ পৰা ৫০০ টকাত বিক্ৰী কৰা হৈছে। 

দিল্লীয়ে মহাৰাষ্ট্ৰ, ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ পৰা নহৰুৰ আমদানি কৰে। কৃষকসকলৰ পৰা সুলভমূল্যত নহৰু ক্ৰয় কৰা সত্বেও বজাৰত নহৰুৰ মূল্য আকাশচুম্বী হৈ আছে। কৃষকসকলে কয় যে তেওঁলোকে ব্যৱসায়ীসকলক ৪০ৰ পৰা ৫০ টকা হাৰত নহৰু বিক্ৰী কৰিছিল, কিন্তু নহৰুৰ মূল্য কেনেদৰে নিয়ন্ত্ৰণহীন হৈ পৰিছে সেয়া তেওঁলোকে বুজিব পৰা নাই।

নহৰুৰ বৰ্ধিত মূল্যৰ কাৰণ কি?
যদি নহৰুৰ দাম প্ৰতি কিলোগ্ৰামত ৫০ টকা বুলি অনুমান কৰা হয়, তেন্তে পৰিবহণ ব্যয় যোগ কৰি ইয়াৰ ব্যয় প্ৰায় ৮০ টকা, যাৰ সৈতে লাভ যোগ কৰি ১২৫ৰ পৰা ১৫০ টকা প্ৰতি কিলোগ্ৰামত বিক্ৰী কৰিব লাগে। কিন্তু নহৰুৰ প্ৰকৃত মূল্য তিনিগুণ বৃদ্ধি হৈ ৪৫০-৫০০ টকা/প্ৰতি কিলোগ্ৰাম হৈছে। কৃষকসকলৰ মতে, নহৰুৰ উৎপাদন ইমানেই যে যোৱা ৩ বছৰ ধৰি তেওঁলোকে ব্যৱসায়ীসকলক প্ৰতি কিলোগ্ৰামত ৫ৰ পৰা ১০ টকা হাৰত নহৰু দি আহিছে৷ তৎসত্বেও নহৰুৰ মূল্য নিয়ন্ত্ৰণহীন আৰু ইয়াৰ কাৰণ হৈছে ক’ৰবাত অভাৱ দেখুৱাই লাভজনক ব্যৱসায় কৰাৰ মানসিকতা৷

দিল্লীৰ দুখন বৃহৎ বজাৰ আজাদপুৰ আৰু ওখলাৰ নহৰু ব্যৱসায়ীসকলে কয় যে চাহিদা অনুসৰি নহৰু যোগান ধৰা হোৱা নাই, যাৰ বাবে কেৱল খুচুৰা ক্ৰেতাই নহয়, ইয়াৰ পাইকাৰী বিক্ৰেতাসকলেও নহৰুৰ বৰ্ধিত মূল্যক লৈ চিন্তিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ