--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ধুনীয়া আৰু গ্লেমাৰাছ অভিনেত্ৰী আয়েশা টাকিয়াৰ অনুৰাগী অজস্ৰ। 'টাৰজান দ্যা ৱণ্ডাৰ কাৰ’ৰ যোগেৰে বলিউডত সফল অভিষেক ঘটা অভিনেত্ৰীগৰাকীয়ে কেৰিয়াৰৰ শিখৰত হঠাতে এগৰাকী হোটেল ব্যৱসায়ীৰ সৈতে বিবাহপাশত আবদ্ধ হৈ অভিনয় এৰি দিয়াৰ সিদ্ধান্ত লয়। আয়েছাৰ এই সিদ্ধান্তই তেওঁৰ বহু অনুৰাগীক বিচলিত কৰি তুলিছিল। 

 কিন্তু বলীউডত অধিক সফলতা অৰ্জন কৰাৰ সাম্যৰ্থ থকা আয়েশাই অভিনয় এৰাৰ সিদ্ধান্ত কিয় লৈছিল? খবৰ অনুসৰি, হোটেল ব্যৱসায়ী, বিখ্যাত ৰাজনীতিবিদ আবু আজমীৰ পুত্ৰ ফাৰহান আজমীৰ সৈতে আয়েছাৰ বিবাহে তেওঁক বলীউডৰ এৰিবলৈ বাধ্য কৰাইছিল। বিয়াৰ অতি সোনকালেই তাই এটি ল’ৰা মিখাইলৰ মাতৃ হৈছিল।

কেইবছৰমান বৈবাহিক আনন্দ আৰু মাতৃত্ব উপভোগ কৰাৰ পিছত আয়েশাই বলীউডত পুনৰ প্ৰত্যাৱৰ্তনৰ পৰিকল্পনা কৰা বুলি চৰ্চা চলিছিল। কিন্তু যোৱা কেইবছৰমানৰ পৰা চলচ্চিত্ৰ জগত এৰি অহাৰ লগে লগে পৰিস্থিতিৰ ভয়াৱহ পৰিৱৰ্তন ঘটিছিল। নতুন নতুন অভিনেত্ৰীয়ে চলচি্চত্ৰ ব্যৱসায়ত প্ৰৱেশ কৰিছিল, দাবী আৰু প্ৰয়োজনীয়তা সলনি হৈছিল।

গুজৱ প্ৰচাৰ হৈছিল যে আয়েছাই একাধিকবাৰ প্লাষ্টিক চাৰ্জাৰী কৰিছিল আৰু আনকি বলীউডৰ পাৰ্টিতো অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছিল যাতে তেওঁ কামবেক কৰিব পাৰে। অৱশ্যে আয়েছা টাকিয়াই চিনেমাত ৰ’ল দিবলৈ কোনেও কোনো আগ্ৰহ প্ৰকাশ নকৰিলে।











FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু