--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পোহৰলৈ আহিছে এক হৃদয় বিদাৰক কাণ্ড, য’ত এজন পিতৃয়ে নিজৰ ৬ বছৰীয়া পুত্ৰৰ ওজন কমাবলৈ ঘণ্টাৰ পাছত ঘণ্টা ট্ৰেড মিলত দৌৰাই ৰাখিছিল। বহু সময়ত শিশুটি ট্ৰেড মিলৰ পৰা পৰিও গৈছিল। ইয়াৰ পিছতো দেউতাকে তেওঁক ট্ৰেড মিলত দৌৰিবলৈ বাধ্য কৰাই থাকিল। কেইবাবাৰো ট্ৰেড মিলৰ পৰা পৰি শিশুটিৰ হৃদযন্ত্ৰ আৰু যকৃত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ইয়াৰ উপৰিও উশাহ-নিশাহৰ হাৰো নিয়ন্ত্ৰণহীন হৈ থাকিল। পিছত এই কাৰণতে শিশুটিৰ কৰুণ মৃত্যু হয়। আমেৰিকাত ঘটিছে এই কৰুণ ঘটনা।

এই চাঞ্চল্যকৰ কাণ্ডৰ ভিডিঅ পোহৰলৈ আহিছে। শিশুটিৰ পিতৃ ৩১ বছৰীয়া ক্রিষ্টোফাৰ গ্ৰেগৰে নিজৰ ৬ বছৰীয়া পুত্র ক’ৰি মিচিঅ’লোক ট্ৰেডমিলত দৌৰিবলৈ বাধ্য কৰা দেখা গৈছে৷ অভিযুক্ত পিতৃ আমেৰিকাৰ নিউ জাৰ্চিৰ বাসিন্দা। পুত্ৰক ফিট কৰি ৰখাৰ বাবে তেওঁ জোৰকৈ ট্ৰেড মিলত দৌৰিবলৈ দিছিল। শিশুটি ভাগৰি পৰিলেও জোৰ কৰি দৌৰি থাকিবলৈ বাধ্য কৰিছিল। পুত্ৰই দৌৰি থাকোতে পিতৃয়ে ট্ৰেড মিল মেচিনৰ গতি বৃদ্ধি কৰাও দেখা গৈছে। 

ভিডিঅ’টোত দেখা গৈছে যে শিশুটি ট্ৰেড মিলৰ পৰা পিছলি পৰি যোৱাৰ পিছতো পিতৃয়ে তেওঁৰ লগত বেয়া আচৰণ কৰা দেখা যায়। এই ঘটনা ২০২১ চনৰ বুলি জানিব পৰা গৈছে। এই গোচৰৰ বিচাৰৰ বাবে মঙলবাৰে আদালতত হাজিৰ কৰা হয় পিতৃক। এই সময়ছোৱাত আদালতৰ কক্ষত অভিযুক্ত পিতৃৰ ভিডিঅ’ও বজাইছিল, য’ত তেওঁ নিজৰ পুত্ৰক ট্ৰেড মিলত দৌৰিবলৈ বাধ্য কৰাইছে। ৬ বছৰীয়া নিৰীহ শিশুৰ ওপৰত জোৰ-জবৰদস্তি কৰা দেখা গৈছে। এই ঘটনাৰ ভিডিঅ’টো আমেৰিকাত কলিন ৰাগ নামৰ এজন ব্যক্তিয়েও এক্সত শ্বেয়াৰ কৰিছে। আইনী বিশেষজ্ঞৰ মতে এই ঘটনাত দোষী সাব্যস্ত হ’লে অভিযুক্ত পিতৃয়ে যাৱজ্জীৱন কাৰাদণ্ডৰ সন্মুখীন হ’ব লাগিব।




FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক