--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পোহৰলৈ আহিছে এক হৃদয় বিদাৰক কাণ্ড, য’ত এজন পিতৃয়ে নিজৰ ৬ বছৰীয়া পুত্ৰৰ ওজন কমাবলৈ ঘণ্টাৰ পাছত ঘণ্টা ট্ৰেড মিলত দৌৰাই ৰাখিছিল। বহু সময়ত শিশুটি ট্ৰেড মিলৰ পৰা পৰিও গৈছিল। ইয়াৰ পিছতো দেউতাকে তেওঁক ট্ৰেড মিলত দৌৰিবলৈ বাধ্য কৰাই থাকিল। কেইবাবাৰো ট্ৰেড মিলৰ পৰা পৰি শিশুটিৰ হৃদযন্ত্ৰ আৰু যকৃত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ইয়াৰ উপৰিও উশাহ-নিশাহৰ হাৰো নিয়ন্ত্ৰণহীন হৈ থাকিল। পিছত এই কাৰণতে শিশুটিৰ কৰুণ মৃত্যু হয়। আমেৰিকাত ঘটিছে এই কৰুণ ঘটনা।

এই চাঞ্চল্যকৰ কাণ্ডৰ ভিডিঅ পোহৰলৈ আহিছে। শিশুটিৰ পিতৃ ৩১ বছৰীয়া ক্রিষ্টোফাৰ গ্ৰেগৰে নিজৰ ৬ বছৰীয়া পুত্র ক’ৰি মিচিঅ’লোক ট্ৰেডমিলত দৌৰিবলৈ বাধ্য কৰা দেখা গৈছে৷ অভিযুক্ত পিতৃ আমেৰিকাৰ নিউ জাৰ্চিৰ বাসিন্দা। পুত্ৰক ফিট কৰি ৰখাৰ বাবে তেওঁ জোৰকৈ ট্ৰেড মিলত দৌৰিবলৈ দিছিল। শিশুটি ভাগৰি পৰিলেও জোৰ কৰি দৌৰি থাকিবলৈ বাধ্য কৰিছিল। পুত্ৰই দৌৰি থাকোতে পিতৃয়ে ট্ৰেড মিল মেচিনৰ গতি বৃদ্ধি কৰাও দেখা গৈছে। 

ভিডিঅ’টোত দেখা গৈছে যে শিশুটি ট্ৰেড মিলৰ পৰা পিছলি পৰি যোৱাৰ পিছতো পিতৃয়ে তেওঁৰ লগত বেয়া আচৰণ কৰা দেখা যায়। এই ঘটনা ২০২১ চনৰ বুলি জানিব পৰা গৈছে। এই গোচৰৰ বিচাৰৰ বাবে মঙলবাৰে আদালতত হাজিৰ কৰা হয় পিতৃক। এই সময়ছোৱাত আদালতৰ কক্ষত অভিযুক্ত পিতৃৰ ভিডিঅ’ও বজাইছিল, য’ত তেওঁ নিজৰ পুত্ৰক ট্ৰেড মিলত দৌৰিবলৈ বাধ্য কৰাইছে। ৬ বছৰীয়া নিৰীহ শিশুৰ ওপৰত জোৰ-জবৰদস্তি কৰা দেখা গৈছে। এই ঘটনাৰ ভিডিঅ’টো আমেৰিকাত কলিন ৰাগ নামৰ এজন ব্যক্তিয়েও এক্সত শ্বেয়াৰ কৰিছে। আইনী বিশেষজ্ঞৰ মতে এই ঘটনাত দোষী সাব্যস্ত হ’লে অভিযুক্ত পিতৃয়ে যাৱজ্জীৱন কাৰাদণ্ডৰ সন্মুখীন হ’ব লাগিব।




FOLLOW US F
POPULAR
FEATURE
TRENDY
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক