--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যিসকলে ওজন হ্ৰাস কৰিব বিচাৰে তেওঁলোকৰ বাবে দিল্লীৰ এগৰাকী আৰক্ষী বিষয়া আদৰ্শ হ’ব পাৰে। দিল্লী আৰক্ষীৰ ডিচিপি জিতেন্দ্ৰ মণিক দেহৰ ওজন হ্ৰাস কৰাৰ বাবে আৰক্ষী আয়ুক্ত সঞ্জয় অৰোৰাই পুৰস্কৃত কৰিছে। আগতে জিতেন্দ্ৰ মণি শকত শৰীৰ আৰু বিশাল আকাৰৰ বাবে পৰিচিত আছিল যদিও এতিয়া তেওঁক চিনি পোৱাটো টান হৈ পৰিছে।

দৰাচলতে দিল্লী আৰক্ষীৰ ডিচিপি জিতেন্দ্ৰ মণিয়ে মেট্ৰ’ ডিচিপিৰ দায়িত্ব গ্ৰহণ কৰিছে। কিছুদিনৰ আগতে জিতেন্দ্ৰ মণিৰ ওজন প্ৰায় ১৩০ কেজি আছিল। নিজৰ এই ওজনক লৈ সুখী নাছিল জিতেন্দ্ৰ মণি। অশেষ কষ্ট কৰি জিতেন্দ্ৰ মণিয়ে ১৩০ কেজিৰ পৰা কমালে ৪৬ কেজি ওজন। বৰ্তমান জিতেন্দ্ৰ মণিৰ ওজন ৮৪ কেজি। ১৩০ কেজি ওজন হোৱাৰ সময়ত তেওঁ বহু স্বাস্থ্যজনিত সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছিল। ডায়েবেটিছ, উচ্চ ৰক্তচাপ, কলেষ্টেৰল বৃদ্ধি আদি ৰোগে তেওঁক আগুৰি ধৰিছিল। তেওঁ অনুভৱ কৰিছিল যে শকত হোৱাটো ভাল নহয়। 

ইয়াৰ পিছত তেওঁ নিজৰ জীৱন সলনি কৰাৰ সিদ্ধান্ত লয় আৰু জীৱনশৈলীত এক ডাঙৰ পৰিৱৰ্তন আনিলে। প্ৰথমতে তেওঁ ১৫ হাজাৰ খোজ খোজ কাঢ়ি আৰু স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰা আৰম্ভ কৰিছিল। তেওঁৰ খাদ্যৰ বিষয়ে তথ্য দি তেওঁ কয় যে মই উচ্চ মাত্ৰাৰ কাৰ্বহাইড্ৰেট থকা ৰুটি আৰু ভাত সলনি কৰিলোঁ আৰু চুপ, চালাড আৰু ফলৰ দৰে পুষ্টিকৰ খাদ্যৰ ওপৰত গুৰুত্ব দিলোঁ।

এনে কঠোৰ খাদ্যাভ্যাস পালন কৰি তেওঁ মাত্ৰ ৮ মাহতে কঁকালৰ ১২ ইঞ্চি হ্ৰাস কৰিলে আৰু লগতে কলেষ্টেৰলৰ মাত্ৰাও নিয়ন্ত্ৰণ কৰিলে। তেওঁ কয় যে নিজক পৰিৱৰ্তনৰ কথা ভাবিলেই প্ৰতিমাহে ৪.৫ লাখ খোজ খোজ কাঢ়ি যোৱাৰ লক্ষ্য ৰাখিছিলো। যোৱা ৮ মাহত মই ৩২ লাখতকৈও অধিক খোজ খোজ কাঢ়িছো।

ডিচিপি জিতেন্দ্ৰ মণিয়ে কয় যে মোৰ স্বাস্থ্যৰ অকল্পনীয় উন্নতি দেখি আমাৰ চি পি ছাৰে মোৰ স্বাস্থ্যৰ উন্নতিৰ সংকল্প আৰু ইয়াক বাস্তৱত পৰিণত কৰাৰ প্ৰচেষ্টাৰ বাবে ডাঙৰ মঞ্চৰ পৰাই মোক প্ৰশংসা কৰিছিল। এই অনুষ্ঠানত দিল্লী আৰক্ষীৰ সকলো শীৰ্ষ পৰ্যায়ৰ বিষয়া আৰু হাজাৰ হাজাৰ জোৱান উপস্থিত থাকে। আজি মোৰ কঁকালৰ আকাৰ ৪৬ৰ পৰা ৩৪লৈ হ্ৰাস পাইছে। আকৌ আৰক্ষীৰ ইউনিফৰ্ম আৰু অন্যান্য কাপোৰ আকাৰ অনুসৰি কিনিব লগা হ’ল। মই সকলোকে ক'ব বিচাৰো যে ''জীৱনক লৈ ইতিবাচক হওক, সাৱধান হওক আৰু বহুত খোজ কাঢ়ক।''








FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু