--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওড়িষ্যাত প্ৰকৃতিয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে।শনিবাৰে ওড়িষ্যাৰ ছখন জিলাত একাধিক বজ্ৰপাতৰ ফলত ৯ জন লোকৰ মৃত্যু হয়। বৰ্তমান এই অঞ্চলত ধাৰাসাৰ বৰষুণ দি আছে।ক্ষতিগ্ৰস্ত জিলা কেইখনৰ ভিতৰত ময়ুৰভঞ্জ, ভদ্ৰক, কেন্দ্ৰপাৰা, গঞ্জাম, কেওনঝাৰ আৰু ধেংকনাল আদি উল্লেখযোগ্য।এই ঘটনাত ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২০ জনতকৈ অধিক লোক আহত হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে এই ঘটনাক লৈ শোক প্ৰকাশ কৰে ৷

ময়ুৰভঞ্জত বৈশিঙা আৰক্ষী থানাৰ অন্তৰ্গত চিংগাৰাপাৰা গাঁৱত নিজৰ পথাৰত কৰ্মৰত এহাল দম্পতীৰ দেহত বজ্ৰপাত পৰি থিতাতে নিহত হয়। ভদ্ৰকত আগৰপাডা থানাৰ অন্তৰ্গত সাহুপাদা গাঁৱত বজ্ৰপাতৰ ফলত অমৰ ছেঠীৰ মৃত্যু হোৱাৰ বিপৰীতে আন এজন ব্যক্তি গুৰুতৰভাৱে আহত হয়।
আনহাতে কেওনঝাৰ জিলাত তেলকোই ব্লকৰ অন্তৰ্গত গুডিকানছা গাঁৱত বজ্ৰপাতৰ ফলত দুগৰাকী মহিলা আৰু এটি শিশু গুৰুতৰভাৱে আহত হয়। বৰগড় জিলাত বৰপালী ব্লকৰ অন্তৰ্গত মুনুপালী গাঁৱত বজ্ৰপাতৰ ফলত আহত হয় ১২ জনৰো অধিক লোক।

মুখ্যমন্ত্ৰী মোহন মাঝিয়ে এই ঘটনাক লৈ শোক প্ৰকাশ কৰাৰ লগতে শোকগ্ৰস্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। প্ৰাণ হেৰুৱা প্ৰতিজন ব্যক্তিৰ পৰিয়াললৈ ৪ লাখ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰি আটাইকেইজন আহত লোকৰ চিকিৎসাৰ খৰচ চৰকাৰে বহন কৰিব বুলি আশ্বাস দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন