--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ওড়িষ্যাত প্ৰকৃতিয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে।শনিবাৰে ওড়িষ্যাৰ ছখন জিলাত একাধিক বজ্ৰপাতৰ ফলত ৯ জন লোকৰ মৃত্যু হয়। বৰ্তমান এই অঞ্চলত ধাৰাসাৰ বৰষুণ দি আছে।ক্ষতিগ্ৰস্ত জিলা কেইখনৰ ভিতৰত ময়ুৰভঞ্জ, ভদ্ৰক, কেন্দ্ৰপাৰা, গঞ্জাম, কেওনঝাৰ আৰু ধেংকনাল আদি উল্লেখযোগ্য।এই ঘটনাত ৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে ২০ জনতকৈ অধিক লোক আহত হৈছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝিয়ে এই ঘটনাক লৈ শোক প্ৰকাশ কৰে ৷

ময়ুৰভঞ্জত বৈশিঙা আৰক্ষী থানাৰ অন্তৰ্গত চিংগাৰাপাৰা গাঁৱত নিজৰ পথাৰত কৰ্মৰত এহাল দম্পতীৰ দেহত বজ্ৰপাত পৰি থিতাতে নিহত হয়। ভদ্ৰকত আগৰপাডা থানাৰ অন্তৰ্গত সাহুপাদা গাঁৱত বজ্ৰপাতৰ ফলত অমৰ ছেঠীৰ মৃত্যু হোৱাৰ বিপৰীতে আন এজন ব্যক্তি গুৰুতৰভাৱে আহত হয়।
আনহাতে কেওনঝাৰ জিলাত তেলকোই ব্লকৰ অন্তৰ্গত গুডিকানছা গাঁৱত বজ্ৰপাতৰ ফলত দুগৰাকী মহিলা আৰু এটি শিশু গুৰুতৰভাৱে আহত হয়। বৰগড় জিলাত বৰপালী ব্লকৰ অন্তৰ্গত মুনুপালী গাঁৱত বজ্ৰপাতৰ ফলত আহত হয় ১২ জনৰো অধিক লোক।

মুখ্যমন্ত্ৰী মোহন মাঝিয়ে এই ঘটনাক লৈ শোক প্ৰকাশ কৰাৰ লগতে শোকগ্ৰস্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। প্ৰাণ হেৰুৱা প্ৰতিজন ব্যক্তিৰ পৰিয়াললৈ ৪ লাখ টকা ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰি আটাইকেইজন আহত লোকৰ চিকিৎসাৰ খৰচ চৰকাৰে বহন কৰিব বুলি আশ্বাস দিয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ডিচেম্বৰ-জানুৱাৰীত এলিভেটেড কৰিডৰৰ আধাৰশিলাৰ সম্ভাৱনা , কাজিৰঙাত মুখ্যমন্ত্ৰীৰ ঘোষণা
সোৱণশিৰিৰ বান্ধৰ নামনিত সুৰক্ষাৰ নামত বৃহৎ কেলেংকাৰি, খহনীয়া প্ৰতিৰোধৰ নামত আবণ্টিত বিশাল ধনৰ অপচয়
মানকাচৰ আৰক্ষীৰ জালত পৰিল ড্ৰাগছ সৰবৰাহকাৰী জিয়াদুল মিঞা
ভাৰতৰ বিৰুদ্ধে বৃহৎ পৰিমাণৰ শুল্ক আৰোপৰ পুনৰ ভাবুকি ট্রাম্পৰ, ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয় বন্ধ কৰাৰ নিৰ্দেশ
ছিংগাপুৰলৈ ৰাওনা হোৱা SITৰ দলে চেষ্টা কৰিব জুবিন গাৰ্গ থকা পেন-পেচিফিক হোটেলৰ চি চি টিভি ফুটেজ সংগ্ৰহৰ
'জুবিন ক্ষেত্ৰ'ত বিচাৰি পাব লাগিব প্ৰাণৰ শিল্পীৰ আত্মাক , প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰা সমিতিৰ বৈঠকত কি ক'লে পত্নী গৰিমাই
দীপাৱলীৰ অচিলা লৈ গুৱাহাটী মহানগৰীত সক্ৰিয় হৈ পৰিছে জুৱাৰী চক্ৰ; জালত পৰিল ৪
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰঙীন কেছেটৰ কভাৰেৰে ব্যতিক্ৰমী শ্যামা পূজা
দীপাৱলীত ভয়াৱহ প্ৰদূষণৰ কবলত দিল্লী, এ কিউ আই ৪০০ৰো অধিক