--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কলকাতাৰ আৰ জি কৰ হাস্পতালত এগৰাকী চিকিৎসকক ধৰ্ষণ আৰু হত্যা কৰা ঘটনাই সমগ্ৰ দেশ কঁপাই তুলিছে। এই নাৰকীয় কাণ্ডৰ ন্যায় বিচাৰি দেশৰ প্ৰান্তে প্ৰান্তে চলিছে প্ৰতিবাদ। 

চিকিৎসকগৰাকীৰ ন্যায় বিচাৰি ৰাজ্য চৰকাৰৰ অনুদান ঘূৰাই দিলে কলকাতাৰ বহু কেইখন পূজা সমিতিয়ে। পূজা সমিতিসমূহৰ এই সিদ্ধান্তক সকলোৱে শলাগ লৈছে।

চিকিৎসকগৰাকীৰ ধৰ্ষণ আৰু হত্যাৰ ন্যায় বিচাৰি ৰাজপথত প্ৰতিবাদৰ ধুমুহাৰ সৃষ্টি হৈছে। ইখনৰ পাছত সিখন পূজা সমিতিয়ে দুৰ্গা পূজাৰ বাবে আগবঢ়োৱা চৰকাৰী অনুদান ঘূৰাই দিবলৈ আৰম্ভ কৰিছে। 

শেহতীয়াকৈ উত্তৰপাৰাত শক্তি সংঘৰ পিছত এইবাৰ হাইলেণ্ড পাৰ্ক উৎসৱ সমিতিয়ে ঘূৰাই দিলে চৰকাৰী অনুদান। নাৰীৰ সুৰক্ষা সুনিশ্চিত কৰিবলৈ আৰু চিকিৎসকগৰাকীৰ ন্যায় বিচাৰি দুৰ্গা পূজাৰ বাবে দিয়া চৰকাৰী অনুদান নাকচ কৰে কমিটীসমূহে।

এই পৰিপ্ৰেক্ষিতত চিপিএমৰ ৰাজ্যিক সম্পাদক মহম্মদ চেলিমে কয়, ‘‘মই পূজা সমিতিৰ সিদ্ধান্তক সমৰ্থন কৰিছোঁ। সকলোৱে এইদৰে প্ৰতিবাদ কৰিছে। আৰু ডেৰ মাহৰ পাছত দুৰ্গা পূজা হ'ব। তাৰ আগতে ছোৱালীজনীৰ কৰুণ ভাগ্যক কেন্দ্ৰ কৰি সকলো শ্ৰেণীৰ লোকে যি প্ৰতিবাদ সাব্যস্ত কৰিছে সেয়া আদৰণীয়।‘‘

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন