--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইমানদিনে বিজেপিয়ে কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিকলৈ সমালোচনা কৰি আছিল যদিও এইবাৰ ৰাহুল গান্ধীয়ে একেটা বিষয়কলৈ বিজেপিক উভতি ধৰিছে।কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে মিজোৰামৰ শাসনাধিষ্ঠ এমএনএফক সমালোচনা কৰে। তেওঁ জোৰাম পিপ’লছ মুভমেণ্টক "আৰ এছ এছৰ জখলা" বুলিও অভিহিত কৰে।

মিজোৰামত প্ৰচাৰ চলাই থকা ৰাহুলে বিজেপিক তীব্ৰ সমালোচনা কৰি পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ কথা উল্লেখ কৰে।  তেওঁ কংগ্ৰেছ নেতা, কৰ্মী আৰু প্ৰাৰ্থীসকলক সাক্ষাৎ কৰাৰ পিছত এখন সংবাদমেল অনুষ্ঠিত কৰে আৰু তাৰ পিছত লুংলেত এখন ৰাজহুৱা সভা সম্বোধন কৰে।

বিজেপিয়ে কংগ্ৰেছৰ পৰিয়াল কেন্দ্ৰিক ৰাজনীতিক লৈ সৰৱ হৈ থকাৰ বিষয়টোত একপ্ৰকাৰৰ প্ৰত্যুত্তৰ দি  ৰাহুল গান্ধীয়ে  প্ৰশ্ন কৰে  "অমিত শ্বাহৰ পুত্ৰই কি কৰে? ৰাজনাথ সিঙৰ পুত্ৰই কি কৰে?  মই শুনিছো যে অমিত শ্বাহৰ পুত্ৰই ভাৰতীয় ক্ৰিকেট চলাই আছে। বিজেপি নেতা আৰু মন্ত্ৰীসকললৈ চাওঁক। আপুনি দেখিব যে অনুৰাগ ঠাকুৰকে ধৰি বহুতো নামৰ সৈতে  পৰিয়ালকেন্দ্ৰিক  ৰাজনীতি প্ৰতিফলিত হয়।’’ ৰাহুল গান্ধীয়ে লগতে কয় "এমএনএফে নিজকে মিজোৰামৰ ৰক্ষক হিচাপে প্ৰক্ষেপ কৰিব বিচাৰে, কিন্তু প্ৰকৃততে ই নেডা আৰু এন ডি এৰ সহযোগী। আকৌ, জোৰাম পিপ’লছ মুভমেণ্টেও বিজেপিৰ   বিৰোধিতা কৰে, কিন্তু বাস্তৱত এই দলটো মিজোৰামত খোপনি পুতিব বিচৰা  আৰ এছ এছৰ বাবে কেৱল এটা জখলাহ। নেডাৰ মুৰব্বী তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সকলোবোৰৰ ওপৰত বহি হুইচেল বজাই আছে। তেওঁৰ সহায়ত আৰ এছ এছ আৰু বিজেপিয়ে উত্তৰ-পূবৰ নিজা সংস্কৃতি, ভাষা আৰু পৰিচয় মচি পেলাবলৈ চেষ্টা কৰি আছে।’’ 

বিজেপিয়ে  এখন দেশ, এটা নীতি, এটা ভাষা, এটা সংস্কৃতি জাপি দিব বিচাৰে। "বিজেপিয়ে জানে যে যদি তেওঁলোকে পোনপটীয়াকৈ প্ৰৱেশ কৰিব বিচাৰে, তেন্তে  এমএনএফ আৰু জেডপিএমকে ৰক্ষাকৰ্তা হিচাবে গ্ৰহণ কৰিব লাগিব। এমএনএফ আৰু জেডি(এম)ক দিয়া প্ৰতিটো ভোট প্ৰকৃততে বিজেপিলৈ যাব। মিজোৰামৰ ধৰ্ম, ইতিহাস আৰু সংস্কৃতি অধিক প্ৰভাৱান্বিত হ'ব। ইয়াক সুৰক্ষিত কৰাৰ একমাত্ৰ উপায় হ'ল কংগ্ৰেছক ভোট দিয়া। তেওঁলোকে ধৰ্মীয় বৈচিত্ৰ্য আৰু শাসনৰ বিকেন্দ্ৰীকৰণত বিশ্বাস কৰে। "

কংগ্ৰেছ শাসিত ৰাজ্যসমূহৰ উন্নয়নৰ কথা উল্লেখ কৰি ৰাহুল গান্ধীয়ে কয়, "যদি কেন্দ্ৰত কংগ্ৰেছ ক্ষমতালৈ আহে, কংগ্ৰেছে ৰাজস্থান, কৰ্ণাটক আৰু ছত্তীশগড়ৰ আৰ্হি গ্ৰহণ কৰিব। আমি বিজেপিক  কৰ্ণাটক, ৰাজস্থান আৰু ছত্তীশগড়ত হৰুৱাইছো। আমি সেই ৰাজ্যসমূহতো জিকিম য'ত নিৰ্বাচনৰ প্ৰস্তুতি চলি আছে।’’ মণিপুৰৰ কথা উল্লেখ কৰি গান্ধীয়ে কয়, "বিজেপিয়ে মণিপুৰক বিভক্ত কৰিছে। প্ৰধানমন্ত্ৰী হিচাপে মণিপুৰলৈ অহাটো নৰেন্দ্ৰ মোদীৰ কৰ্তব্য আছিল। তেওঁ কিয় অহা নাই সেয়া এটা ডাঙৰ সাঁথৰ। "








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ