--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ইমানদিনে বিজেপিয়ে কংগ্ৰেছৰ পৰিয়ালকেন্দ্ৰিক ৰাজনীতিকলৈ সমালোচনা কৰি আছিল যদিও এইবাৰ ৰাহুল গান্ধীয়ে একেটা বিষয়কলৈ বিজেপিক উভতি ধৰিছে।কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে মিজোৰামৰ শাসনাধিষ্ঠ এমএনএফক সমালোচনা কৰে। তেওঁ জোৰাম পিপ’লছ মুভমেণ্টক "আৰ এছ এছৰ জখলা" বুলিও অভিহিত কৰে।

মিজোৰামত প্ৰচাৰ চলাই থকা ৰাহুলে বিজেপিক তীব্ৰ সমালোচনা কৰি পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ কথা উল্লেখ কৰে।  তেওঁ কংগ্ৰেছ নেতা, কৰ্মী আৰু প্ৰাৰ্থীসকলক সাক্ষাৎ কৰাৰ পিছত এখন সংবাদমেল অনুষ্ঠিত কৰে আৰু তাৰ পিছত লুংলেত এখন ৰাজহুৱা সভা সম্বোধন কৰে।

বিজেপিয়ে কংগ্ৰেছৰ পৰিয়াল কেন্দ্ৰিক ৰাজনীতিক লৈ সৰৱ হৈ থকাৰ বিষয়টোত একপ্ৰকাৰৰ প্ৰত্যুত্তৰ দি  ৰাহুল গান্ধীয়ে  প্ৰশ্ন কৰে  "অমিত শ্বাহৰ পুত্ৰই কি কৰে? ৰাজনাথ সিঙৰ পুত্ৰই কি কৰে?  মই শুনিছো যে অমিত শ্বাহৰ পুত্ৰই ভাৰতীয় ক্ৰিকেট চলাই আছে। বিজেপি নেতা আৰু মন্ত্ৰীসকললৈ চাওঁক। আপুনি দেখিব যে অনুৰাগ ঠাকুৰকে ধৰি বহুতো নামৰ সৈতে  পৰিয়ালকেন্দ্ৰিক  ৰাজনীতি প্ৰতিফলিত হয়।’’ ৰাহুল গান্ধীয়ে লগতে কয় "এমএনএফে নিজকে মিজোৰামৰ ৰক্ষক হিচাপে প্ৰক্ষেপ কৰিব বিচাৰে, কিন্তু প্ৰকৃততে ই নেডা আৰু এন ডি এৰ সহযোগী। আকৌ, জোৰাম পিপ’লছ মুভমেণ্টেও বিজেপিৰ   বিৰোধিতা কৰে, কিন্তু বাস্তৱত এই দলটো মিজোৰামত খোপনি পুতিব বিচৰা  আৰ এছ এছৰ বাবে কেৱল এটা জখলাহ। নেডাৰ মুৰব্বী তথা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সকলোবোৰৰ ওপৰত বহি হুইচেল বজাই আছে। তেওঁৰ সহায়ত আৰ এছ এছ আৰু বিজেপিয়ে উত্তৰ-পূবৰ নিজা সংস্কৃতি, ভাষা আৰু পৰিচয় মচি পেলাবলৈ চেষ্টা কৰি আছে।’’ 

বিজেপিয়ে  এখন দেশ, এটা নীতি, এটা ভাষা, এটা সংস্কৃতি জাপি দিব বিচাৰে। "বিজেপিয়ে জানে যে যদি তেওঁলোকে পোনপটীয়াকৈ প্ৰৱেশ কৰিব বিচাৰে, তেন্তে  এমএনএফ আৰু জেডপিএমকে ৰক্ষাকৰ্তা হিচাবে গ্ৰহণ কৰিব লাগিব। এমএনএফ আৰু জেডি(এম)ক দিয়া প্ৰতিটো ভোট প্ৰকৃততে বিজেপিলৈ যাব। মিজোৰামৰ ধৰ্ম, ইতিহাস আৰু সংস্কৃতি অধিক প্ৰভাৱান্বিত হ'ব। ইয়াক সুৰক্ষিত কৰাৰ একমাত্ৰ উপায় হ'ল কংগ্ৰেছক ভোট দিয়া। তেওঁলোকে ধৰ্মীয় বৈচিত্ৰ্য আৰু শাসনৰ বিকেন্দ্ৰীকৰণত বিশ্বাস কৰে। "

কংগ্ৰেছ শাসিত ৰাজ্যসমূহৰ উন্নয়নৰ কথা উল্লেখ কৰি ৰাহুল গান্ধীয়ে কয়, "যদি কেন্দ্ৰত কংগ্ৰেছ ক্ষমতালৈ আহে, কংগ্ৰেছে ৰাজস্থান, কৰ্ণাটক আৰু ছত্তীশগড়ৰ আৰ্হি গ্ৰহণ কৰিব। আমি বিজেপিক  কৰ্ণাটক, ৰাজস্থান আৰু ছত্তীশগড়ত হৰুৱাইছো। আমি সেই ৰাজ্যসমূহতো জিকিম য'ত নিৰ্বাচনৰ প্ৰস্তুতি চলি আছে।’’ মণিপুৰৰ কথা উল্লেখ কৰি গান্ধীয়ে কয়, "বিজেপিয়ে মণিপুৰক বিভক্ত কৰিছে। প্ৰধানমন্ত্ৰী হিচাপে মণিপুৰলৈ অহাটো নৰেন্দ্ৰ মোদীৰ কৰ্তব্য আছিল। তেওঁ কিয় অহা নাই সেয়া এটা ডাঙৰ সাঁথৰ। "








FOLLOW US F
POPULAR
FEATURE
TRENDY
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু