--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : আমেৰিকাৰ মহাকাশ সংস্থা নাছাই বিশ্বৰ সৰ্ববৃহৎ আৰু শক্তিশালী জেমছ ৱেব স্পেচ টেলিস্কোপৰ জৰিয়তে পূৰ্বতে কেতিয়াও দেখা নোপোৱা গেলাক্সিৰ প্ৰথমখন ছবি প্ৰদৰ্শন কৰিছে। ৰাষ্ট্ৰপতি জো বাইডেনে উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছৰ সৈতে প্ৰথমবাৰৰ বাবে এই ফটোখন প্ৰত্যক্ষ কৰে। যোৱা বছৰৰ ডিচেম্বৰ মাহত মুকলি কৰা হৈছিল জেমছ ৱেব টেলিস্কোপ। সেই সময়ছোৱাত বিজ্ঞানীসকলে যি আশা কৰিছিল। সেই আশাৰ বাস্তৱায়িত কৰাৰ দিশ প্ৰশস্ত কৰে এই ছবিখনে।

 ইউৰোপীয় মহাকাশ সংস্থা (ESA) আৰু কানাডাৰ মহাকাশ সংস্থা (CSA)ও এই প্ৰকল্পৰ অংশীদাৰ। বিশ্বব্ৰহ্মাণ্ডৰ এই প্ৰথমখন ৰঙীণ ছবিখনৰ বিষয়েও তথ্য দিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে। তেওঁৰ টুইটাৰ হেণ্ডেলত ৰাষ্ট্ৰপতি বাইডেনে লিখিছে, ‘এই টেলিস্কোপৰ জৰিয়তে প্ৰথম আৰু অতি বিশেষ ছবিখন মুকলি কৰাটো বিজ্ঞান আৰু প্ৰযুক্তিৰ বাবে এক ঐতিহাসিক মুহূৰ্ত। জ্যোতিৰ্বিজ্ঞান আৰু মহাকাশৰ লগতে আমেৰিকা আৰু সমগ্ৰ মানৱতাৰ বাবে এটা শুভ দিন।

 বিশ্বৰ আটাইতকৈ শক্তিশালী টেলিস্কোপৰ বিষয়ে জানো আহক-

বিজ্ঞানীসকলে অনুসৰি ৱেব টেলিস্কোপৰ বয়সক দহ বছৰ বুলি দাবী কৰে। কিন্তু তেওঁলোকে আশা কৰিছে যে ই প্ৰায় ২০ বছৰলৈকে কাম কৰিব। জেমছ ৱেব টেলিস্কোপ মহাকাশত উৎক্ষেপণ কৰা আটাইতকৈ শক্তিশালী টেলিস্কোপসমূহৰ ভিতৰত অন্যতম। নাছাৰ উপ-প্ৰশাসক পেম মেলৰয়ৰ মতে, ‘নাছাৰ মিছনত ২০ বছৰ ধৰি চলিব পৰাকৈ যথেষ্ট অতিৰিক্ত ইন্ধনৰ ক্ষমতা আছে। একে সময়তে ৱেবৰ উপ-জ্যেষ্ঠ প্ৰকল্প বিজ্ঞানী জনাথন গাৰ্ডনাৰে কয় যে এই টেলিস্কোপে অতি দূৰৈত অৱস্থিত তাৰকাৰাজ্যৰ সন্ধানত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি