--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ চোৰাংচোৱাগিৰি নতুন কথা নহয়। এই কামত আনকি পাকিস্তানৰ একাংশ সাংবাদিকো জৰিত হৈ পৰিছিল। শেহতীয়াকৈ ভাৰতৰ বিৰুদ্ধে পাকিস্তানৰ চোৰাংচোৱাগিৰিত পাক সাংবাদিক দৰিত থকাৰ ভয়াৱহ তথ্য পোহৰলৈ আহিছে।কংগ্ৰেছৰ শাসনকালত পাঁচবাৰকৈ ভাৰত ভ্ৰমণ কৰা পাকিস্তানী স্তম্ভলেখক নুছৰত মিৰ্জাই কৈছে যে তেওঁ পাকিস্তানৰ চোৰাংচোৱা আইএছআইলৈ ভাৰত ভ্ৰমণৰ সময়তে ভাৰতৰ বহু গোপন তথ্য প্ৰেৰণ কৰিছিল। 

সাংবাদিক আৰু ৰাজনৈতিক বিশ্লেষক শাকিল চৌধুৰীক দিয়া এক সাক্ষাৎকাৰত মিৰ্জাই কয় যে ভাৰত ভ্ৰমণৰ সময়ত তেওঁ পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ পৰা বিভিন্ন বিশেষাধিকাৰ লাভ কৰিছিল। তেওঁ কয় যে "সাধাৰণতে যেতিয়া আপুনি ভাৰতলৈ যাবলৈ ভিছাৰ বাবে আবেদন কৰে, তেওঁলোকে কেৱল আপোনাক তিনিটা স্থান ভ্ৰমণ কৰিবলৈ অনুমতি দিয়ে। অৱশ্যে, সেই সময়ত খুৰ্ছিদ কাচুৰী (পাকিস্তানী ৰাজনীতিবিদ আৰু লেখক, যিয়ে ২০০২ চনৰ নৱেম্বৰৰ পৰা ২০০৭ চনৰ নৱেম্বৰ লৈকে পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল) আছিল বৈদেশিক মন্ত্ৰী, যিয়ে মোক সাতখন চহৰৰ বাবে ভিছা লাভ কৰাত সহায় কৰিছিল।"

 তেওঁ দাবী কৰিছে যে মহম্মদ হামিদ আনছাৰীৰ উপ-ৰাষ্ট্ৰপতিত্ব হৈ থকাৰ সময়ত তেওঁক ভাৰতলৈ আমন্ত্ৰণ জনোৱা হৈছিল। আনচাৰী এজন ভাৰতীয় ৰাজনীতিবিদ আৰু অৱসৰপ্ৰাপ্ত কূটনীতিবিদ। যিয়ে ২০০৭ চনৰ পৰা ২০১৭ চনলৈ ভাৰতৰ দ্বাদশ উপ-ৰাষ্ট্ৰপতি আছিল। সাক্ষাৎকাৰটোত মিৰ্জাই কয় "মই পাঁচবাৰ ভাৰত ভ্ৰমণ কৰিছো। মই দিল্লী, বাংগালুৰু, চেন্নাই, পাটনা আৰু কলকাতা ভ্ৰমণ কৰিছো। ২০১১ চনত মই মিলি গেজেটৰ প্ৰকাশক জাফৰুল ইছলাম খানৰ সৈতেও সাক্ষাৎ কৰিছিলো।" জাফৰুল-ইছলাম খান দিল্লী সংখ্যালঘু আয়োগৰ প্ৰাক্তন অধ্যক্ষ আৰু ভাৰতীয় মুছলমানসকলৰ আগশাৰীৰ বাতৰিৰ উৎস মিলি গেজেটৰ প্ৰতিষ্ঠাপক-সম্পাদক। 

মিৰ্জাই লগতে কয় "খুৰ্ছিদে মোক ভাৰত সম্পৰ্কীয় তথ্য পাকিস্তানৰ প্ৰাক্তন সেনা প্ৰধান জেনেৰেল আশফাক পাৰভেজ কায়ানিক হস্তান্তৰ কৰিবলৈ কৈছিল। মই কৈছিলো যে মই তথ্যবোৰ তেওঁক হস্তান্তৰ নকৰোঁ, কিন্তু যদি আপুনি বিচাৰে, মই আপোনাক তথ্য দিব পাৰো। তেওঁ সেইবোৰ পিছত কায়ানীৰ হাতত গতাই দিছিল"।

 আইএছআই-এ পিছত মিৰ্জাক ফোন কৰি ভাৰতৰ আৰু অধিক তথ্য বিচাৰিছিল। মিৰ্জাই লগতে কয় যে তেওঁলোকে ভাৰতৰ নেতৃত্বৰ দুৰ্বলতাৰ বিষয়ে জানে। কিন্তু তেওঁলোকে ইয়াক ব্যৱহাৰ নকৰে। মিৰ্জাই সাক্ষাৎকাৰটোত লগতে এইবুলিও দুখ প্ৰকাশ কৰে যে ভাৰতৰ তথ্য পাকিস্তানী নেতৃত্বক প্ৰদান কৰাৰ পিছতো অৱশ্যে নেতৃত্বৰ সমস্যাৰ বাবেই কোনেও সেইবোৰৰ প্ৰতি কোনো মনোযোগ দিয়া দেখা নাছিল।

 পাকিস্তানৰ সাংবাদিক তথা স্তম্ভ লেখক গৰাকীৰ এনে মন্তব্যই এতিয়া ভাৰতৰ চোৰাংচোৱাৰ সোপাঢিলা ৰূপটোক উদঙাই দিয়া বুসি বহুতে মন্তব্য কৰিছে। এগৰাকী পৈাকিস্তানী লোকে ভাৰত ভ্ৰমণ কৰি ভাৰতৰ তথ্য পাক চোৰাংচোৱা সংস্থাৰ হাতত গটাই দিয়াৰ পিছতো ভাৰতে এই কথাৰ কোনো সম্ভেদ নোপোৱাৰ কথাত বহুতে খেদ প্ৰকাশ কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
কেৰালাত ছিগেল্লা ভাইৰাছৰ আতংক; ৬জনৰ মৃত্যু, দুই শতাধিক লোক আক্ৰান্ত
পুৱা খালী পেটত খাওক এই ৪ বিধ বস্তু; জিলিকি উঠিব মুখমণ্ডল
বিশ্বজুৰি হ্ৰাস খাৰুৱা তেলৰ দাম; ইৰান-আমেৰিকাৰ বুজাবুজি চুক্তিৰ প্ৰভাৱ
বৈভৱ সূৰ্যবংশীৰ পিতৃ-মাতৃক ইংলেণ্ড-আয়াৰলেণ্ড ভ্ৰমণৰ অনুমতি
দেশৰ ভিতৰত শীর্ষ শিক্ষা প্রতিষ্ঠান IIT দিল্লী, কিউ এছ ৱৰ্ল্ড ৰেংকিঙৰ শীৰ্ষত এম আই টি
৬ জুলাইৰ পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন
অৰুণাচল সীমান্তত ৪জি সেৱা সম্প্ৰসাৰণৰ বাবে ভাৰতীয় সেনা আৰু এয়াৰটেলৰ চুক্তি
বাকুৰ আন্তঃৰাষ্ট্ৰীয় জলৰং মহোৎসৱত ভাৰতীয় শিল্পীৰ অংশগ্ৰহণ: সাংস্কৃতিক সম্পৰ্ক সুদৃঢ়কৰণৰ প্ৰয়াস
ডিব্ৰুগড়ত বৃহৎ ড্ৰাগছ বিৰোধী অভিযান: ৯ জন আটক, হেৰ'ইন আৰু নগদ ধন জব্দ
নগাঁৱত অসম হকীৰ বাৰ্ষিক সাধাৰণ সভা অনুষ্ঠিত
কাশ্মীৰত ২২ মিনিটৰ ধুমুহাত নষ্ট ৪০০ কোটি টকাৰ আপেল, কষ্টৰ ফচল অথলে যোৱাত কৃষক-ব্যৱসায়ীৰ হাহাকাৰ
ওমানৰ উপকূলত ভাৰতীয় নাবিকৰ দুৰ্দশা: মৃতদেহৰ সৈতে জাহাজত আৱদ্ধ হৈ সহায় বিচাৰিছে
অসমত চৰকাৰী চাকৰি বা পেঞ্চন নথকা স্বাধীনতা সংগ্ৰামীৰ পৰিয়াললৈ সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীৰ
গুৱাহাটীত পথৰ দাঁতিৰ ব্যৱসায়ী জৰীপ: থলুৱাক অগ্ৰাধিকাৰ, বহিৰাগত উচ্ছেদৰ লক্ষ্য