--°C
Loading...
Listen to Article
2 min read
80%

আফগানিস্তানঃ তালিবান অভ্যুত্থানৰ ফলত আতংকিত হৈ পৰা আফগানিস্তানত শান্তি পুনৰুদ্ধাৰৰ বাবে বিশ্বৰ নেতাসকলৰ হস্তক্ষেপ বিচাৰিছে দেশখনৰ তাৰকা ক্ৰিকেটাৰ ৰছিদ খানে। টুইটাৰযোগে এই কথা সদৰী কৰিছে ক্ৰিকেটাৰজনে। তেওঁ কয় যে, ‘প্ৰিয় বিশ্বনেতাসকল, সম্প্ৰতি মোৰ দেশৰ প্ৰবল বিদ্ৰোহৰ সূত্ৰপাত হৈছে। মহিলা আৰু শিশুকে ধৰি হাজাৰ হাজাৰ নিৰীহ লোকৰ প্ৰতিদিনে মৃত্যু ঘটিছে। বাসগৃহসমূহ ধ্বংস হৈ গৈ আছে। হাজাৰ হাজাৰ পৰিয়াল গৃহহীন হৈ পৰিছে। আমাক হত্যা নকৰিব, আমাক ধ্বংস নকৰিব। আমি শান্তি বিচাৰো।’


উল্লেখ্য যে, ৰাজধানীৰ প্ৰৱেশদ্বাৰত তালিবানৰ অগ্ৰগতি আৰু তেওঁলোকৰ অৱস্থানৰ প্ৰতিবেদন বিয়পি পৰাৰ পাছত চহৰখনৰ বাসিন্দাসকলে কাবুলৰ পৰা পলায়ন কৰিবলৈ আৰম্ভ কৰিছে। আফগানিস্তানৰ ৰাজধানী কাবুল দখলৰ পাছত পৰস্থিতি অধিক অৱনতি ঘটিছে। আমেৰিকা যুক্তৰাষ্ট্ৰই ২০বছৰৰ পাছত আফগানিস্তানৰ পৰা সৈন্য প্ৰত্যাহাৰ কৰিছে। তালিবানে দেশখনৰ ৩৪খন প্ৰদেশৰ বেছিভাগ দখল কৰিছে। কাবুল দখলৰ পাছত ৰাষ্ট্ৰপতিৰ প্ৰাসাদো দখল কৰিছে তালিবানে। অনাগত সময়ত তালিবানৰ ত্ৰাস কিদৰে নিৰ্বাপিত কৰিব পৰা যায় সেয়াহে হ’ব লক্ষ্যণীয়!


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ