--°C
Loading...
Listen to Article
2 min read
80%

আফগানিস্তান : তালিবানে আফগানিস্তানৰ ৰাজধানী কাবুল দখল কৰাৰ পাছত এইবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ বিৰুদ্ধেও চলিছে বিষোদগাৰ। কুৰি বছৰীয়া মাৰ্কিন অভিযান তাৎক্ষণিকভাৱে প্ৰত্যাহাৰ কৰাৰ পাছতে দেশখনত তালিবানৰ উত্থান ঘটে আৰু এতিয়া সমগ্ৰ দেশখনকে নিজৰ নিয়ন্ত্ৰণলৈ নিছে। এই ঘটনাক্ৰমৰ পাছতে সৰৱ হৈ পৰিছে প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প। আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ’ বাইডেনৰ পদত্যাগৰ দাবী কৰিছে প্ৰাক্তন ৰাষ্ট্ৰপতি গৰাকীয়ে।

এক বিবৃতিত ড’নাল্ড ট্ৰাম্পে দেওবাৰে দাবী কৰে যে, ‘আফগানিস্তানৰ সন্ত্ৰাসজৰ্জৰ পৰিস্থিতিৰ বাবে যি হ'বলৈ ধৰিছে তাৰ বাবে দায়িত্ব স্বীকাৰ কৰি জ’ বাইডেনে পদত্যাগ কৰা উচিত।’ আনকি জ’ বাইডেনৰ কাৰণে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সামৰিক বাহিনীয়ে আফগানিস্তান ত্যাগ কৰিবলগা হৈছিল বুলিও অভিযোগ ট্ৰাম্পৰ।


উল্লেখ্য যে, দুটা দীঘলীয়া দশকৰ পাছত, আফগানিস্তান পুনৰ তালিবানৰ নিয়ন্ত্ৰণলৈ গৈছে। দেওবাৰে তালিবানে আফগান ৰাজধানী কাবুল দখল কৰিছিল। আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্যসহ সকলো বিদেশী সৈন্যক ৩১ আগষ্টৰ ভিতৰত দেশৰ পৰা আঁতৰই নিয়াৰ কথা আছিল। ট্ৰাম্প প্ৰশাসনে আফগানিস্তানৰ পৰা সৈন্য প্ৰত্যাহাৰৰ ক্ষেত্ৰত তালিবানৰ সৈতে এক আনুষ্ঠানিক চুক্তি স্বাক্ষৰ কৰিছিল। সেই চুক্তি অনুসৰি, ২০২১ চনৰ মে’ মাহৰ ভিতৰত সকলো বিদেশী সৈন্য দেশৰ পৰা প্ৰত্যাহাৰ কৰাৰ কথা আছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ