--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব’ৰিছ জনছনে যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছতে ব্লেকপুলৰ ৱাক্স মিউজিয়ামে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জনছনে পদত্যাগ ঘোষণা কৰাৰ কিছু সময়ৰ পিছতে সংগ্ৰহালয়টোৱে তেওঁৰ মমৰ মূৰ্তিটো আঁতৰাই পেলায়।

মেডাম টুছাডে এতিয়া তেওঁৰ এই মূৰ্তিটো লেংকাশ্বাৰৰ ৰাজপথৰ কাষৰ এটা চাকৰি সন্ধান কেন্দ্ৰৰ বাহিৰত ৰাখিছে। সংগ্ৰহালয়টোৰ মতে, ‘বৰিছ এতিয়া প্ৰধানমন্ত্ৰী নহয়, সেয়ে তেওঁৰ প্ৰতিমূৰ্তি আঁতৰাই পেলোৱা হৈছে।’

মন কৰিবলগীয়া যে, লেংকাশ্বাৰত বৰিছৰ মমৰ মূৰ্তিটো এখন ব’ৰ্ডৰ সন্মুখত ৰখা হৈছে। সেই ব’ৰ্ডত লিখা আছে এটা শব্দ-‘ভেকেঞ্চী’ । প্ৰতিকী অৰ্থত বৰিছ জনছনে চাকৰিৰ অনুসন্ধান কৰি থকা বুলি দেখুৱাব বিচৰা হৈছে।

৭ জুলাইত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ সময়ত বৰিছ জনছন সৰ্বহাৰা ! এতিয়া বৰিছৰ প্ৰতিমূৰ্তিৰ এই ছবিখন নেটিজেনে ছ’চিয়েল মিডিয়াত ব্যাপকৰূপত শ্বেয়াৰ কৰিছে।

পথৰ দাঁতিত এই মূৰ্তিটো দেখি মানুহ প্ৰথমে আচৰিত হৈছিল যদিও পিছত প্ৰতিমূৰ্তিটোৰ সৈতে ফটো তুলিবলৈ আৰম্ভ কৰে। চলিত বৰ্ষৰ মাৰ্চ মাহত মেডাম টুছাডে জব চেণ্টাৰৰ বাহিৰত বৰিছ জনছনৰ প্ৰতিমূৰ্তি উন্মোচন কৰিছিল। মুঠ ২০ গৰাকী শিল্পীয়ে একেলগে নিৰ্মাণ কৰিছিল এই ভাস্কৰ্য্য। এই প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ সময় লাগিছিল প্ৰায় ৮মাহ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১ ছেপ্টেম্বৰৰ পৰা বন্ধ দিল্লী-ৱাশ্বিংটন বিমান সেৱা; এয়াৰ ইণ্ডিয়াই কিয় ল'লে এই সিদ্ধান্ত  জানো আহক...
তিনিচুকীয়াৰ লোহাৰী কছাৰী গাঁৱত গোপনে নিৰ্মাণ কৰা মাদ্ৰাছাক লৈ উত্তপ্ত পৰিস্থিতি
বিশ্ব কাপত নাথাকিব ২ তাৰকা, আশা ভংগ হ'ব বিৰাট-ৰোহিতৰ!
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন