--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব’ৰিছ জনছনে যুক্তৰাজ্যৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছতে ব্লেকপুলৰ ৱাক্স মিউজিয়ামে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। জনছনে পদত্যাগ ঘোষণা কৰাৰ কিছু সময়ৰ পিছতে সংগ্ৰহালয়টোৱে তেওঁৰ মমৰ মূৰ্তিটো আঁতৰাই পেলায়।

মেডাম টুছাডে এতিয়া তেওঁৰ এই মূৰ্তিটো লেংকাশ্বাৰৰ ৰাজপথৰ কাষৰ এটা চাকৰি সন্ধান কেন্দ্ৰৰ বাহিৰত ৰাখিছে। সংগ্ৰহালয়টোৰ মতে, ‘বৰিছ এতিয়া প্ৰধানমন্ত্ৰী নহয়, সেয়ে তেওঁৰ প্ৰতিমূৰ্তি আঁতৰাই পেলোৱা হৈছে।’

মন কৰিবলগীয়া যে, লেংকাশ্বাৰত বৰিছৰ মমৰ মূৰ্তিটো এখন ব’ৰ্ডৰ সন্মুখত ৰখা হৈছে। সেই ব’ৰ্ডত লিখা আছে এটা শব্দ-‘ভেকেঞ্চী’ । প্ৰতিকী অৰ্থত বৰিছ জনছনে চাকৰিৰ অনুসন্ধান কৰি থকা বুলি দেখুৱাব বিচৰা হৈছে।

৭ জুলাইত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ সময়ত বৰিছ জনছন সৰ্বহাৰা ! এতিয়া বৰিছৰ প্ৰতিমূৰ্তিৰ এই ছবিখন নেটিজেনে ছ’চিয়েল মিডিয়াত ব্যাপকৰূপত শ্বেয়াৰ কৰিছে।

পথৰ দাঁতিত এই মূৰ্তিটো দেখি মানুহ প্ৰথমে আচৰিত হৈছিল যদিও পিছত প্ৰতিমূৰ্তিটোৰ সৈতে ফটো তুলিবলৈ আৰম্ভ কৰে। চলিত বৰ্ষৰ মাৰ্চ মাহত মেডাম টুছাডে জব চেণ্টাৰৰ বাহিৰত বৰিছ জনছনৰ প্ৰতিমূৰ্তি উন্মোচন কৰিছিল। মুঠ ২০ গৰাকী শিল্পীয়ে একেলগে নিৰ্মাণ কৰিছিল এই ভাস্কৰ্য্য। এই প্ৰতিমূৰ্তি নিৰ্মাণ কৰিবলৈ সময় লাগিছিল প্ৰায় ৮মাহ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি