--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৰ্থনৈতিক সংকটে একোখন ৰাষ্ট্ৰক কিধৰণে বিধ্বস্ত কৰিব পাৰে তাৰ জ্বলন্ত উদাহৰণ হিচাপে প্ৰতিষ্ঠিত হৈ ৰ’ল শ্ৰীলংকাৰ নাম৷ শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেই আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী ৰণিল বিক্ৰমসিংহেক অৱগত কৰালে যে পূৰ্বে ঘোষণা কৰা অনুসৰি ১৩ জুলাইত তেওঁ ত্যাগ কৰিব ৰাষ্ট্ৰপতিৰ পদ৷

শনিবাৰে প্ৰতিবাদকাৰীসকলে ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসভৱনত প্ৰৱেশ কৰাৰ পাছত বুধবাৰে পদত্যাগ কৰিব৷ দেশৰ ভয়ংকৰ অৰ্থনৈতিক সংকটৰ মোকাবিলা কৰাৰ বাবে তেওঁক পদত্যাগ কৰিবলৈ আহ্বান জনায় বিক্ৰমসিংহেই৷ প্ৰধানমন্ত্ৰী বিক্ৰমসিংহে লগতে কয় যে তেওঁ পদত্যাগ কৰিবলৈ আৰু সৰ্বদলীয় চৰকাৰৰ দায়িত্ব লোৱাৰ পথ প্ৰস্তুত কৰিবলৈ ইচ্ছুক। তেওঁৰ কাৰ্যালয়ৰ তথ্য অনুসৰি প্ৰতিবাদকাৰীসকলে তেওঁৰ ব্যক্তিগত বাসগৃহ ভংগ কৰি তাত অগ্নিসংযোগ কৰে৷

শনিবাৰে, ৰাষ্ট্ৰপতি ৰাজপাক্ষে অধ্যক্ষ মহিন্দা য়াপা আবেৱাৰ্দানাক এক অজ্ঞাত স্থানৰ পৰা অৱগত কৰে যে তেওঁ বুধবাৰে পদত্যাগ কৰিব। ৰাষ্ট্ৰপতি ৰাজপাক্ষে আৰু প্ৰধানমন্ত্ৰী বিক্ৰমসিংহে পদত্যাগ কৰিবলৈ সন্মত হোৱাৰ পাছত বিৰোধী দলসমূহে দেওবাৰে আলোচনাত মিলিত হয় আৰু সৰ্বদলীয় অন্তৱৰ্তীকালীন চৰকাৰ গঠনৰ সিদ্ধান্ত লয়। শ্ৰীলংকাৰ বিৰোধী দলসমূহে সোমবাৰে পুনৰ আলোচনা আৰম্ভ কৰি সৰ্বদলীয় অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰিব।

ৰাজপাক্ষে ৰাষ্ট্ৰপতিপদ ত্যাগ কৰাৰ পিছত নতুন ৰাষ্ট্ৰপতি নিযুক্তি আৰু এখন নতুন চৰকাৰ গঠনৰ বিষয়ে বৈঠকত আলোচনা কৰা হ’ব বুলি প্ৰতিবেদনত কোৱা হৈছে।

শনিবাৰে কলম্বোত ৰাজপাক্ষেৰ চৰকাৰী বাসভৱনত প্ৰতিবাদকাৰীসকলে প্ৰৱেশ কৰাৰ সময়ত নগদ ধনৰ অভাৱত থকা দ্বীপৰাষ্ট্ৰখনে এক অস্থিৰ দিনৰ সাক্ষী হৈছিল৷ প্ৰতিবাদকাৰীসকলক শোৱনি কোঠাত দেখা গৈছিল আৰু ৰাষ্ট্ৰপতি গৃহৰ ছুইমিং পুলত সাঁতুৰি-নাদুৰি থকা দেখা গৈছিল। 

২২ নিযুত লোকৰ দেশ শ্ৰীলংকা এক অভূতপূৰ্ব অৰ্থনৈতিক অস্থিৰতাৰৰ মুখত পৰিছে। শেহতীয়া মাহবোৰত হাজাৰ হাজাৰ লোকে ৰাজপথলৈ ওলাই আহিছে, অৰ্থনৈতিক অব্যৱস্থাৰ অভিযোগত দেশৰ নেতাসকলক পদত্যাগ কৰিবলৈ আহ্বান জনাইছে। বিদ্যালয়সমূহ স্থগিত কৰা হৈছে আৰু ইন্ধন অত্যাৱশ্যকীয় সেৱাত সীমাবদ্ধ হৈ আছে। ইন্ধনৰ অভাৱৰ বাবে ৰোগীসকলে চিকিৎসালয়লৈ যাত্ৰা কৰিবলৈ অক্ষম আৰু খাদ্যৰ মূল্য বৃদ্ধি পাইছে।

এক তীব্ৰ বৈদেশিক মুদ্ৰা সংকটৰ ফলত বিদেশী ঋণ পৰিশোধ নকৰা দেশখনে এপ্ৰিলত ঘোষণা কৰিছিল যে ই ২০২৬ চনৰ ভিতৰত প্ৰায় ২৫ বিলিয়ন আমেৰিকান ডলাৰৰ ভিতৰত এই বছৰৰ বাবে প্ৰায় ৭ বিলিয়ন আমেৰিকান ডলাৰ বিদেশী ঋণ পৰিশোধ স্থগিত ৰাখিছে। শ্ৰীলংকাৰ মুঠ বিদেশী ঋণ হৈছে ৫১ বিলিয়ন আমেৰিকান ডলাৰ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
এটা সময় আহিব ভাৰতীয়ই ইংৰাজী ক'বলৈ লাজ পাব : অমিত শ্বাহ
আজিৰে পৰা আৰম্ভ অম্বুবাচী মেলা
অম্বুবাচী মহাযোগক লৈ যান-বাহন আৰক্ষীৰ বিশেষ নিৰ্দেশনা
পেৰিছ ডায়মণ্ড লীগৰ শীৰ্ষ স্থানত নীৰজ চোপ্ৰা
আটছা'ৰ অনুষ্ঠানত শিক্ষা বিভাগক তুলা-ধুনা সাংসদ কামাখ্যা তাছাৰ
টী বেগ ব্যৱহাৰে আপোনাৰ জীৱনলৈ আনিব পাৰে ভয়ংকৰ বিপদ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত