--°C
Loading...
Listen to Article
2 min read
80%

শিলচৰ: শিলচৰৰ ‘আৱৰ্ত ভৱন’ত অসম-মিজোৰাম সীমান্তৰ সংঘাতৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলৰ আয়োজন কৰে৷ সংবাদমেলখনত মুখ্যমন্ত্ৰীগৰাকীয়ে গুৰুত্বপূৰ্ণ মন্তব্য দাঙি ধৰে৷ ছেটেলাইটযোগে নিৰীক্ষণ কৰা হ’ব সীমান্ত৷ সীমান্তৰ স্থিতাৱস্থা বাহাল ৰখাত গুৰুত্বপ্ৰদান কৰিছে অসম চৰকাৰে৷ মিজোৰাম চৰকাৰে প্ৰতিশ্ৰুতি ভংগ কৰাৰ অভিযোগ উত্থাপন কৰিছে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে৷

পূৰ্ব পৰিকল্পিত আছিল মিজো আৰক্ষীৰ আক্ৰমণ বুলিও সাংবাদকিৰ সন্মুখত ব্যক্ত কৰে তেওঁ৷ আধাঘণ্টা ধৰি চলাইছিল ধাৰাসাৰ গুলীবৰ্ষণ৷ আৰক্ষী অধীক্ষক, আৰক্ষীৰ উপ-মহাপৰিদৰ্শকৰ বৈঠকৰ সময়তে চলাইছিল গুলীবৰ্ষণ বুলিও শৰ্মাই মন্তব্য আগবঢ়ায়৷ লগতে সংবাদেমেলত তেওঁ কয় যে, ‘কালি মিজোৰামৰ মুখ্যমন্ত্ৰীৰ সৈতে ৬ বাৰ কথা পাতিছিলো৷ দুয়োজন মুখ্যমন্ত্ৰীৰ সৈতে কথা পাতিছিল অমিত শ্বাহেও৷'

আনহাতে, ড০ শৰ্মাই কয় যে, 'অসমৰ ১ ইঞ্চি ভূমিও এৰি দিয়া নহ’ব মিজোক’৷ এতিয়াও মিজোৰামে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ মনা নাই বুলিও গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে৷ মিজো আৰক্ষীয়ে ব্যৱহাৰ কৰিছিল ‘লাইট মেচিনগান'৷ নিহত জোৱানৰ পৰিয়াললৈ ৫০ লাখকৈ আৰু আহত প্ৰতিজনলৈ ১লাখ টকাৰ সাহায্য পৰ্দান কৰা হ’ব বুলিও শৰ্মাই সংবাদমেলত সদৰী কৰে৷ নিহতসকলৰ পৰিয়ালক চৰকাৰী চাকৰি প্ৰদানৰো আশ্বাস মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ