--°C
Loading...
Listen to Article
2 min read
80%

গুৱাহাটী: 'অসম-মিজোৰাম সীমান্তত সংঘটিত হোৱা ঘটনা দুৰ্ভাগ্যজনক৷ চৰকাৰে এই ঘটনাৰ নৈতিক দ্বায়িত্ব স্বীকাৰ কৰিব লাগে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অসম ভ্ৰমনৰ পাছতে সংঘটিত হোৱা এই ঘটনাৰ উচিত তদন্ত হ’ব লাগে'- এই মন্তব্য কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যসভাৰ সাংসদ ৰিপুন বৰাৰ৷ ঘটনাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া সাংসদ প্ৰদ্যুৎ বৰদলৈৰো৷

অসম প্ৰদেশ কংগ্ৰছৰ মতে, অসম-মিজোৰাম সীমান্তৰ এই ঘটনা উত্তৰ-পূবৰ একতা বিঘ্নিত কৰাৰ এক ষড়যন্ত্ৰ হ’ব পাৰে৷ কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে উত্তৰ-পূবলৈ ফটোছেশ্যনৰ বাবেহে যোৱা বুলি মন্তব্য বৰদলৈৰ৷ এনে সময়ত অসমৰ মুখ্যমন্ত্ৰী আৰু মিজোৰামৰ মুখ্যমন্ত্ৰীয়ে টুইটাৰত ব্যস্ত হৈ থকাতো অশোভনীয় বুলি মন্তব্য সাংসদ গৌৰৱ গগৈৰ৷ টুইটাৰত সমস্যাৰ সমাধান নহয় বুলিও মন্তব্য কৰে গৌৰৱ গগৈয়ে৷ ঘটনাৰ বুজ ল’বলৈ অসম-মিজোৰাম সীমান্তলৈ ৰাওনা হ’ব গৌৰৱ গগৈ আৰু প্ৰদ্যুৎ বৰদলৈ৷ সীমান্তৰ পৰিস্থিতি বুজ ল’ব কংগ্ৰেছৰ প্ৰতিনিধিয়ে৷ এআইচিচিয়ে গঠন কৰিছে ৭ জনীয়া কমিটী৷

সীমান্তলৈ ৰাওনা হয় ভূপেন বৰা, দেৱব্ৰত শইকীয়া, প্ৰদ্যুৎ বৰদলৈ, গৌৰৱ গগৈ, সুস্মিতা দেৱ, ৰকিবুল হুছেইন, বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থ৷ অসমৰ স্বাৰ্থ বিঘ্নিত নোহোৱাকৈ ঘটনাৰ সন্দৰ্ভত এক উচিত তদন্তৰ দাবী আটাইকেইজন সাংসদৰ৷ ঘটনাক গৰিহণা সাংসদ আব্দুল খালেকৰো৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ